dcsimg
<i>Caulerpa peltata</i> resmi

Bitki

Plantae

উদ্ভিদ ( Assam dili )

wikipedia emerging languages tarafından sağlandı

উদ্ভিদ (Viridiplantae in Latin) হ'ল,জীৱবিজ্ঞানৰ উদ্ভিদজগৎৰ অন্তৰ্গত কিছুমান বহুকোষী, সংকোষকেন্দ্ৰীয় জীৱ । সপুষ্পক উদ্ভিদ, নগ্নবীজী উদ্ভিদ, ঢেকীয়া, মছ, সেউজ শেলাই আদি উদ্ভিদ জগতৰ অন্তৰ্গত । ভেঁকুৰ, আৰ্কিয়া আৰু বেক্টেৰিয়াক উদ্ভিদ বুলি ধৰা নহয় । সেউজীয়া উদ্ভিদবোৰৰ ছেলুলজেৰে গঠিত কোষবেৰ থাকে আৰু ক্ল'ৰফিলৰ সহায়ত সালোক সংশ্লেষণৰ জৰিয়তে শক্তি আহৰণ কৰে । উদ্ভিদৰ পাতে সেউজীয়া ৰঙটো, সিহঁতৰ ক্লৰপ্লাষ্টত থকা ক্ল'ৰফিল এ আৰু ক্ল'ৰফিল বিৰ পৰা পায় । কিছুমান উদ্ভিদে প্ৰয়োজনীয় ক্ল'ৰফিল উৎপাদন কৰিব নোৱাৰা বা সালোক সংশ্লেষণ কৰিবলৈ অপৰাগ হোৱাৰ বাবে পৰপোষী হৈ জীৱন নিৰ্বাহ কৰে । পৰিবৰ্তিত প্ৰজন্মসমুহত যদিও অযৌন প্ৰজনন দেখা যায়, যৌন প্ৰজনন উদ্ভিদৰ এটা সাধাৰণ বৈশিষ্ট ।

উদ্ভিদৰ প্ৰায় ৩০০–৩১৫ হাজাৰ প্ৰজাতিৰ ভিতৰত, অধিক সংখ্যকেই, প্ৰায় ২৬০–২৯০ হাজাৰেই বীজ উৎপন্ন কৰা উদ্ভিদ । পৃথিৱীৰ পৰিৱেশতন্ত্ৰৰ মুঠ আনৱিক অক্সিজেনৰ সৰহ ভাগেই সেউজীয়া উদ্ভিদে উপলব্ধ কৰায় । মানুহৰ প্ৰধান খাদ্য শস্য, ফলমূল আৰু শাক-পাচলি উদ্ভিদৰ পৰাই উৎপন্ন হয় । উদ্ভিদক অলংকাৰ হিচাপেও ব্যৱহাৰ কৰা হৈছিল আৰু বহু সমাজত ঔষধ আৰু চিকিৎসাৰ বাবেও ব্যৱহাৰ কৰে । উদ্ভিদ সম্পৰ্কে প্ৰণালীবদ্ধ অধ্যয়নক জীৱ বিজ্ঞানৰ এটা শাখা, উদ্ভিদ বিজ্ঞান বুলি কোৱা হয় ।

উদ্ভিদ জগতৰ বিভাগসমুহ

উদ্ভিদজগতক ১২টা বিভাগত ভাগ কৰা হৈছে ।

তথ্য সংগ্ৰহ

  1. Haeckel G (1866). Generale Morphologie der Organismen. প্ৰকাশক Berlin: Verlag von Georg Reimer. পৃষ্ঠা. vol.1: i–xxxii, 1–574, pls I–II; vol. 2: i–clx, 1–462, pls I–VIII.
lisans
cc-by-sa-3.0
telif hakkı
Wikipedia authors and editors

উদ্ভিদ: Brief Summary ( Assam dili )