বৰ বগ[2](ইংৰাজী: Great Egret, বৈজ্ঞানিক নাম-Ardea alba)[3][4][5] এটা ডাঙৰ আকাৰৰ আৰু বহুলভাৱে বিস্তৃত বগলীৰ প্ৰজাতি৷
বৰ বগ এটা ডাঙৰ আকাৰৰ বগলীৰ প্ৰজাতি৷ ইয়াৰ সমগ্ৰ দেহটো ধকধকীয়া বগা৷ ইয়াৰ উচ্চতা প্ৰায় এক মিটাৰ আৰু দৈৰ্ঘ্য প্ৰায় ৮০-১০৪ মিটাৰ৷ [6][7] ইয়াৰ দেহৰ ওজন ৭০০-১৫০০ গ্ৰাম পৰ্যন্ত হ'ব পাৰে৷[8]দেখাত একেধৰণৰ বগলীৰ আনবোৰ প্ৰজতিৰ পৰা ইয়াক ইয়াৰ হালধীয়া ঠৌঁট, ক'লা ঠেং আদিৰ দ্বাৰা পৃথক কৰিব পৰা যায়৷ মতা-মাইকী উভয়ৰে বাহ্যিক গঠন প্ৰায় একে হয়৷
উৰন্ত অৱস্থাত ইয়াৰ দীঘল ডিঙিটো কোঁচ খুৱাই থয়৷ ই সাধাৰণতে নিমাতে থাকে৷ কেতিয়াবাহেকুক কুক কুক বুলি মতা শুনা যায়৷
বৰ বগৰ সাধাৰণতে চাৰিটা উপ-প্ৰজাতি দেখা পোৱা যায়৷ এইবোৰ হ'ল-
বৰ বগে সাধাৰণতে অগভীৰ পানীত খাদ্যৰ সন্ধান কৰে৷ ই প্ৰধানকৈ মাছ, ভেকুলী, সৰু মেৰুদণ্ডী প্ৰাণী, সৰীসৃপ, পোক-পতংগ আদি খাই জীয়াই থাকে৷ ই চিকাৰৰ সময়ত বহু সময় লৰচৰ নকৰাকৈ চোপ লৈ থাকি অৱশেষত চিকাৰক ইয়াৰ দীঘল ঠোঁটেৰে টান মাৰি উঠাই আনে৷
বৰ বগ আংশিক ভাৱে পৰিভ্ৰমণকাৰী চৰাই৷ ই শীতকালত উত্তৰ গোলাৰ্ধৰ পৰা দক্ষিণলৈ প্ৰব্ৰজন কৰে বুলি জনা যায়৷ ই সাধাৰণতে বৃহৎ গোটত বাস কৰে৷ জলাশয়ৰ পাৰৰ গছত ই গছৰ ডালিৰে বাহ সাজে৷
বৰ বগ(ইংৰাজী: Great Egret, বৈজ্ঞানিক নাম-Ardea alba) এটা ডাঙৰ আকাৰৰ আৰু বহুলভাৱে বিস্তৃত বগলীৰ প্ৰজাতি৷