dcsimg

উভচৰ প্ৰাণী ( Assamese )

provided by wikipedia emerging languages
 src=
এবিধ গছত থকা ভেকুলী
 src=
একটি সালামান্ডাৰ
 src=
এটা ছিছিলিয়ান
World's smallest vertebrate
The world's smallest known vertebrate, Paedophryne amauensis, sitting on a U.S. dime, 17.9 mm, for scale

উভচৰ প্ৰাণী (ইংৰাজী: Amphibia) বোৰ বামত বাস কৰা প্ৰথম মেৰুদণ্ডী প্ৰাণী৷ প্ৰায় ২৭৫-২২৫ নিযুত বছৰ আগতে কাৰ্বনিফেৰাছ যুগত এই প্ৰাণীবোৰৰ উদ্ভৱ হৈছিল৷ লিনিয়াছে পোনপ্ৰথমে এই প্ৰাণীবোৰক এম্ফিবিয়া বুলি নামাকৰণ কৰিছিল৷[1]

উভচৰ প্ৰাণী

পানী ভেকুলী(Rana),চুক ভেকুলী(Bufo),হাইলা(Hyla),এলাইটিছ(Alytes),এম্ফিউমা(Amphiuma),ট্ৰাইটন(Triton),এম্বিষ্ট'মা(Ambystoma) ইত্যাদি৷

বৈশিষ্ট্যসমূহ

  1. এই প্ৰাণীবোৰে জীৱনৰ এছোৱা কাল পানীত আৰু আনছোৱা বামত বাস কৰে৷
  2. দেহৰ ছালখন সেমেকা(moist),গ্ৰন্থিযুক্ত আৰু বাকলিহীন৷
  3. দেহত যুগ্মফান নাথাকে৷ চলনক্ৰিয়াৰ বাবে বা সাঁতোৰাৰ বাবে দুযোৰ ভৰি থাকে (ছিছিলিয়ানৰ ক্ষেত্ৰত ভৰি নাথাকে,চাইৰেনিডিৰ ক্ষেত্ৰত পুচ্ছপদ নাথাকে)৷
  4. প্ৰত্যেক ভৰিত ৫টাকৈ নখ থাকে৷ পশ্চপদ পতাযুক্ত৷
  5. এযোৰ চকু থাকে৷ চকু,চকুপতাৰ দ্বাৰা ৰক্ষিত৷
  6. বহি:কফণপটহ(ear drum) থাকে আৰু ই মাৰিসদৃশ কলুমেলা(columella) ৰ দ্বাৰা অন্ত:কৰ্ণৰ লগত সংযুক্ত৷
  7. মুখত সৰু সৰু দাঁত থাকে৷ কোনো কোনো ক্ষেত্ৰত জিভা বহি:সাৰী৷
  8. কংকাল অস্থিযুক্ত৷ লাওখোলাত দুটা অক্সিপিটেল প্ৰবৰ্ধ থাকে৷
  9. হৃদযন্ত্ৰ তিনিটা কোঠালিযুক্ত৷ তিনিযোৰ ধমনীয় ধনু থাকে৷ লোহিত ৰক্তকনিকাবোৰ কোষকেন্দ্ৰযুক্ত৷
  10. শ্বাসক্ৰিয়া ফুল,হাঁওফাঁও আৰু ছালৰ দ্বাৰা সম্পাদিত হয়৷ স্বৰযন্ত্ৰ(vocal cord) থাকে৷
  11. কৰোটি স্নায়ু(cranial nerve) ৰ সংখ্যা দহযোৰ৷
  12. ডিম্বজ(oviparous) প্ৰাণীকণীত পীতৰ পৰিমাণ মধ্যমীয়া বা অধিক৷ বৰ্ধন পৰোক্ষ৷[1]

তথ্য সংগ্ৰহ

  1. 1.0 1.1 উচ্চতৰ মাধ্যমিক প্ৰাথমিক জীৱবিদ্যা" লেখক - কৰুনা কান্ত দাস আৰু ড° অনুপ কুমাৰ চক্ৰবৰ্ত্তী ৷ প্ৰকাশক - শ্ৰী শান্তিৰঞ্জন দে,বীণা লাইব্ৰেৰী,কলেজ হোষ্টেল ৰোড,পানবজাৰ,গুৱাহাটী -৭৮৭০০১, অসম৷

license
cc-by-sa-3.0
copyright
Wikipedia authors and editors

উভচৰ প্ৰাণী: Brief Summary ( Assamese )

provided by wikipedia emerging languages
 src= এবিধ গছত থকা ভেকুলী  src= একটি সালামান্ডাৰ  src= এটা ছিছিলিয়ান World's smallest vertebrate The world's smallest known vertebrate, Paedophryne amauensis, sitting on a U.S. dime, 17.9 mm, for scale

উভচৰ প্ৰাণী (ইংৰাজী: Amphibia) বোৰ বামত বাস কৰা প্ৰথম মেৰুদণ্ডী প্ৰাণী৷ প্ৰায় ২৭৫-২২৫ নিযুত বছৰ আগতে কাৰ্বনিফেৰাছ যুগত এই প্ৰাণীবোৰৰ উদ্ভৱ হৈছিল৷ লিনিয়াছে পোনপ্ৰথমে এই প্ৰাণীবোৰক এম্ফিবিয়া বুলি নামাকৰণ কৰিছিল৷

license
cc-by-sa-3.0
copyright
Wikipedia authors and editors