তীক্ষ্ণদন্তী প্ৰাণী (ইংৰাজী: Rodent) বুলিলে এন্দুৰ জাতীয় স্তন্যপায়ী প্ৰাণীৰ এটা বৃহৎ দলকে বুজায়। এন্দুৰৰ উপৰিও এই গোটত আছে শহা পহু, নিগনি, ইত্যাদি। এণ্টাৰ্কটিকাৰ বাদে অন্য সকলো মহাদেশতেই ইহঁতক পোৱা যায়। তীক্ষ্ণ দাঁত থকাৰ কাৰনে তীক্ষ্ণদন্তীয়ে কাঠ, কাগজ ইত্যাদি কঠিন বস্তু সহজে খাব পাৰে।[1] সেয়ে ইহঁত মূলতে তৃণভোজী। কিছুমান তীক্ষ্ণদন্তীয়ে মানুহৰ পোঁহ মানে। কিছুমানে ৰোগৰ বীজাণু বহন কৰে। সকলো তীক্ষ্ণদন্তীৰেই নেজ আছে। তীক্ষ্ণদন্তীৰ পৰাই সকলো স্তন্যপায়ী প্ৰাণীৰ উদ্ভব হৈছে।
খাদ্য খোৱাৰ সময়ত তীক্ষ্ণদন্তীয়ে তীক্ষ্ণ দাঁতৰ দ্বাৰা খাদ্যবস্তুক ক্ৰমাগত আৰু খুব দ্ৰুতভাৱে আঘাত কৰি থাকে। এনেকৈ আঘাত কৰি কৰি বস্তুটো ফালি পেলায়। বাৰে বাৰে খুঁটাটোক লেটিন ভাষাত Rodere ৰ'দেৰ বুলি কয়। তীক্ষ্ণদন্তীৰ এই অভ্যাসৰ পৰাই সিহঁতৰ ইংৰাজী নাম Rodent উৎপত্তি হৈছে।[2]
বৰ্তমান পৃথিৱীত প্ৰায় আঢ়ৈ হাজাৰতকৈও বেছি তীক্ষ্ণদন্তী আছে। অধিকাংশ তীক্ষ্ণদন্তী আকৃতিত বৰ ডাঙৰ নহয়। সকলোতকৈ ডাঙৰ তীক্ষ্ণদন্তী হৈছে কেপিবাৰা (Capybara)। ইয়াৰ দৈৰ্ঘ্যে প্ৰায় ৪ (চাৰি) ফুট আৰু ওজন ৮০ কিলোগ্ৰাম পৰ্যন্ত হ’ব পাৰে। অন্য হাতে বাওনা জেৰ্বুৱা (Pygmy Jerboa) হল সকলোতকৈ সৰু তীক্ষ্ণদন্তী; ই মাত্ৰ দুই ইঞ্চি দীঘল আৰু ওজন মাত্ৰ আধা কেজিৰ মান হয়। তীক্ষ্ণদন্তীবোৰৰ ভিতৰত এন্দুৰবোৰৰে অনেক প্ৰজাতি আছে।
পৃথিৱীৰ প্ৰায় সকলো ঠাইতে তীক্ষ্ণদন্তী পোৱা যায়। মৰুভূমিত যেনেকৈ কিছুমান তীক্ষ্ণদন্তী পোৱা যায়, তেনেকৈ মৰু অঞ্চলতো ইহঁতৰ কিছু প্ৰজাতি বাস কৰে। অন্যহাতে, কিছুমান তীক্ষ্ণদন্তী গছতো বাস কৰে। তৃণ জাতীয় খাদ্য খোৱা বাবে তৃণভূমি আৰু ইয়াৰ আশে−পাশে ইহঁতক বেছিকৈ পোৱা যায়।
এই প্ৰাণীবোৰৰ দুয়ো পাৰিতে তীক্ষ্ণ দাঁত থাকে। এহঁতৰ দাঁত এনামেল আৰু ডেণ্টিনৰ দ্বাৰা গঠিত।[3] চোবোৱাৰ সমতয় দাঁত ক্ৰমাগত ক্ষয় হয়, যাৰ ফলত ইহঁতৰ দাঁত সকলো সময়তে তীক্ষ্ণ হৈ থাকে। ইহঁতৰ দাঁতবোৰ সকলো সময়তে বাঢ়ি থাকে।[3]
তীক্ষ্ণ দাঁত থাকিলেও অধিকাংশ তীক্ষ্ণদন্তী মাংসভোজী নহয়। বৰঞ্চ তীক্ষ্ণ দাঁতৰ দ্বাৰা ইহঁতে ফলমূল, লতা, পাত, তৃণ-জাতীয় খাদ্যহে থাকে। কিছুমান তীক্ষ্ণদন্তীয়ে কীট−পতংগ আৰু মাছ খোৱা দেখা যায়।[4]
তীক্ষ্ণদন্তীসকলৰ শ্ৰবণশক্তি খুবই প্ৰখৰ। অধিকাংশ সময় অন্ধকাৰে কাটায় বলেই এসকলৰ এই তীক্ষ্ণ শ্ৰবণশক্তি তৈৰি হয়েছে। ইয়াৰা অবশব্দ থেকে শুৰু কৰে উচ্চশব্দ পৰ্যন্ত বিভিন্ন শব্দ খুব ভালো শুনতে পায়। যেমন, হাতেৰ তালুতে আঙ্গুল ঘষলে যে শব্দ তৈৰি হয়, একটা ইঁদুৰ তা সহজেই শুনতে পাৰে।
যিহেতু তীক্ষ্ণদন্তীবোৰ সকলো স্তন্যপায়ী প্ৰাণীৰ পূৰ্বপুৰুষ, সেয়ে ইহঁতৰ বুদ্ধি অনেক প্ৰাণীৰ তুলনাত বহুত বেছি। ইহঁতে দ্ৰুততাৰে নতুন কথা শিকিব পাৰে। সেয়ে ইহঁতক সহজেই প্ৰশিক্ষণ দি খেল দেখুৱাব পৰা যায়।
দল গঠনৰ ভিত্তিত তীক্ষ্ণদন্তীবোৰ তিনি ভাগত ভাগ কৰা যায়:
দল বান্ধি থকাৰ বৈশিষ্ট্যটো বিৱৰ্তনৰ ধাৰাত প্ৰাকৃতিকভাৱে নিৰ্বাচিত হৈছে। কাৰণ ইহঁত চিকাৰীৰ হাতত মৃৃৃৃত্যু হোৱাৰ আশংকা কমে আৰু জীয়াই থকাৰ সম্ভাৱনা বাঢ়ে। খাদ্য সংগ্ৰহৰ ক্ষেত্ৰত দল বান্ধি চলাটো তীক্ষ্ণদন্তীবোৰৰ কোনো কামত নাহে। প্ৰত্যেকেই নিজৰ খাদ্য নিজে সংগ্ৰহ কৰি খায়। সেয়ে যি স্থানত চিকাৰ হোৱাৰ ভয় কম, সেই স্থানত তীক্ষ্ণদন্তীবোৰৰ ভিতৰত দল গঠনৰ বৈশিষ্ট্যও নাথাকে। অৰ্থাৎ সেইবোৰ তীক্ষ্ণদন্তী অকলেই বাস কৰে।
মেৰু অঞ্চলত বাস কৰা কিছুমান তীক্ষ্ণদন্তীৰ ভিতৰত শীতনিদ্ৰাৰ প্ৰবৃত্তি দেখা পোৱা যায়।
পৰিৱেশৰ ভাৰসাম্য ৰক্ষাত তীক্ষ্ণদন্তীবোৰৰ গুৰুত্ব আছে। ইহঁতে ফলমূল খায় বাবে উদ্ভিদৰ বীজ ইহঁতৰ মাধ্যমেদি বিভিন্ন স্থানলৈ সঞ্চাৰিত হয় আৰু সেই স্থানত নতুন গছৰ জন্ম হয়।[5] ইহঁতে খুব দ্ৰুতগতিত বংশবৃদ্ধি কৰে সেয়ে ইহঁতক যিবোৰ প্ৰাণীয়ে চিকাৰ কৰি খায়, সিহঁতৰ সংখ্যাও সহজে নকমে।
তীক্ষ্ণদন্তীসকলৰ কিছুমান প্ৰজাতি বহুতো ৰোগৰ বাহক।[6] চতুৰ্দশ শতিকাৰ মাজভাগত প্লেগ (Plague) নামৰ এন্দুৰৰ দ্বাৰা সংক্ৰমিত বেক্টেৰিয়াজনিত এক ৰোগৰ মহামাৰিত ইউৰোপৰ অসংখ্য মানুহৰ মৃত্যু হৈছিল।
তীক্ষ্ণদন্তী প্ৰাণী (ইংৰাজী: Rodent) বুলিলে এন্দুৰ জাতীয় স্তন্যপায়ী প্ৰাণীৰ এটা বৃহৎ দলকে বুজায়। এন্দুৰৰ উপৰিও এই গোটত আছে শহা পহু, নিগনি, ইত্যাদি। এণ্টাৰ্কটিকাৰ বাদে অন্য সকলো মহাদেশতেই ইহঁতক পোৱা যায়। তীক্ষ্ণ দাঁত থকাৰ কাৰনে তীক্ষ্ণদন্তীয়ে কাঠ, কাগজ ইত্যাদি কঠিন বস্তু সহজে খাব পাৰে। সেয়ে ইহঁত মূলতে তৃণভোজী। কিছুমান তীক্ষ্ণদন্তীয়ে মানুহৰ পোঁহ মানে। কিছুমানে ৰোগৰ বীজাণু বহন কৰে। সকলো তীক্ষ্ণদন্তীৰেই নেজ আছে। তীক্ষ্ণদন্তীৰ পৰাই সকলো স্তন্যপায়ী প্ৰাণীৰ উদ্ভব হৈছে।