dcsimg

পানীডাউক ( assamais )

fourni par wikipedia emerging languages

পানীডাউক (ইংৰাজী: Common Moorhen, বৈজ্ঞানিক নাম-Gallinula chloropus) 'Rallidae' গোটৰ অন্তৰ্ভুক্ত আৰু বহুলভাৱে বিস্তৃত এবিধ চৰাইৰ প্ৰজাতি৷ ইয়াক সাধাৰণতে জলজ উদ্ভিদেৰে পৰিপূৰ্ণ পুখুৰী আৰু অন্যান্য জলাশয়ত চৰি থকা দেখা যায়৷

বিৱৰণ

 src=
পানীডাউকৰ ঠেঙ

পানীডাউকৰ দেহটো গাঢ় ৰঙৰ, ঠেং হালধীয়া আৰু মুখত ৰঙা দাগ থাকে৷ পোৱালিবোৰ সাধাৰণতে মটিয়া ৰঙৰ হয়৷ [2] এটা পূণবয়স্ক পানীডাউকৰ দেহৰ দৈৰ্ঘ্য ৫০-৬২ ছে: মি: আৰু ওজন ১৯২-৫০০ গ্ৰাম পৰ্যন্ত হ'ব পাৰে৷ [3][4]

বিতৰণ

পানীডাউক সাধাৰণতে কানাডা, আমেৰিকা, ইউৰোপআৰু এছিয়া ত দেখা পোৱা যায়৷

বাসস্থান

পানীডাউকে জলজ উদ্ভিদেৰে পৰিপূৰ্ণ জলাশয় আদিত চৰিবলৈ পছন্দ কৰে৷

টেক্স'নমি

পানীডাউকৰ কেইবাবিধো উপ-প্ৰজাতি দেখিবলৈ পোৱা যায়৷ ইয়াৰ ভিতৰত প্ৰধান উপ-প্ৰজাতিসমূহ হ'ল-

আচৰণ

খাদ্য

পানী ডাউকে বিভিন্ন ধৰণৰ খাদ্য আহঅৰ হিচাপে গ্ৰহণ কৰে৷ ই প্ৰধানকৈ উদ্ভিদৰ বিভিন্ন অংশ আৰু জলজ প্ৰাণীসমূহ খায়৷

প্ৰজনন

পানী ডাউকৰ বাহটো ঘন অৰণ্যত মাটিত সাজে৷ মাৰ্চৰ পৰা মেৰ ভিতৰত ই কণী পাৰিবলৈ লয়৷ এবাৰত ৮ টামানকৈ কণী পাৰে৷ মতা-মাইকী উভয়ে পোৱালিৰ যত্ন লয়৷ [5][2]

আলোকচিত্ৰৰ ভঁৰাল

তথ্যসুত্ৰ

licence
cc-by-sa-3.0
droit d’auteur
Wikipedia authors and editors

পানীডাউক: Brief Summary ( assamais )

fourni par wikipedia emerging languages

পানীডাউক (ইংৰাজী: Common Moorhen, বৈজ্ঞানিক নাম-Gallinula chloropus) 'Rallidae' গোটৰ অন্তৰ্ভুক্ত আৰু বহুলভাৱে বিস্তৃত এবিধ চৰাইৰ প্ৰজাতি৷ ইয়াক সাধাৰণতে জলজ উদ্ভিদেৰে পৰিপূৰ্ণ পুখুৰী আৰু অন্যান্য জলাশয়ত চৰি থকা দেখা যায়৷

licence
cc-by-sa-3.0
droit d’auteur
Wikipedia authors and editors