ঝিলী এবিধ হেমিপটেৰা (Hemiptera) বৰ্গৰ আউশনোৰহাইনছা(Auchenorrhyncha) উপবৰ্গৰ পতঙ্গ । ঝিলী ছিকাডোইডিয়া মহাশ্ৰেণীৰ অন্তঃৰ্গত। চকুৰে সহজে দেখা পোৱা সীৰাৰে সৈতে, ইয়াৰ পাখিহাল ভালদৰে বিকশিত। কিছুমান প্ৰজাতিৰ আকৌ পাখিৰ আৱৰণ স্বচ্ছ হোৱাও দেখা যায়। জীৱবিজ্ঞানীসকলে প্ৰায় ২,৫০০ বিধ বিভিন্ন প্ৰজাতিৰ ঝিলীৰ বৰ্ণনা কৰি উলিয়াইছে, যদিও আৰু বহুত প্ৰজাতিৰ বৰ্ণনা কৰিবলৈ এতিয়াও বাকী আছে। কোনো কোনোৱে ইংৰাজীত ঝিলীক ভূলকৈ কাকতী ফৰিং (locusts) বুলিও ভূলকৈ কোৱা দেখা যায়। আছলতে এই দুবিধ কীট সম্পূৰ্ণৰূপে ভিন্ন জাতিৰহে।
[1]
সাধাৰন অবস্থাত ঝিলীয়ে মানুহক নাকামোৰে নাইবা অন্য একো অনিষ্টও নকৰে কিন্তু কেতিয়াবা ইহতে মানুহৰ দেহৰ হাত ভৰি আদি অংগক কোনো গা-গছ বা গছৰ ডাল আদি বুলি ভুল কৰি খাবলৈ বুলি কামোৰ মাৰাও দেখা যায়। [2] ঝিলৰ মুখখনত গছৰ ডাল বিন্ধা কৰি ৰস আহৰণ কৰিব পৰাকৈ এডাল দীঘল শুং থাকে। ই ঠিক মহৰ মুখত থকা শুংডালৰ দৰেই কাম কৰে। ঝিলিয়ে কাচিৎহে মানুহক কামোৰে, কিন্তু কেতিয়াবা কামোৰিলে চাল ফাটি যোৱাৰ ফলত অতিপাত বিষ অনুভৱ হব পাৰে।
বহুত ধৰনৰ খেতি-বাতি, গছ-গছনী আৰু গুল্মজাতীয় উদ্ভিদ ঝিলিৰ দ্বাৰা আক্ৰান্ত হব পাৰে। এনে গছৰ চালত বিন্ধা কৰি ৰসপাণ কৰা নাইবা কণী পাৰাৰ ফলত গছজোপাৰ ক্ষতিসাধন হব পাৰে। [3][4][5]
পৃথিবীৰ বহুঠাইত ঝিলীক মানুহে খাদ্যৰূপে ব্যৱহাৰ কৰে। প্ৰাচীনকালত গ্ৰীছ, আৰু আধুনিক যুগৰ চীনদেশ, মালয়চীয়া, বাৰ্মা, কোংগো অথবা লেটিন আমেৰিকা আদি অঞ্চলত ঝিলীক খাদ্যৰূপে পৰিবেশন কৰা হয় বুলি জনা যায়। [6] মতা ঝিলীতকৈ মাইকী ঝিলীক খাদ্যহিচাপে বেছি গুৰুত্ব দিয়া হয়, কিয়নো মাইকী ঝিলী মতাটোতকৈ শকত হয়। [6] ঝিলীৰ খোলাটোক চীনদেশীয় পাৰম্পৰিক সিকিৎসাৰ কামতো ব্যবহাৰ কৰা হয়। [7]
ঝিলী এবিধ হেমিপটেৰা (Hemiptera) বৰ্গৰ আউশনোৰহাইনছা(Auchenorrhyncha) উপবৰ্গৰ পতঙ্গ । ঝিলী ছিকাডোইডিয়া মহাশ্ৰেণীৰ অন্তঃৰ্গত। চকুৰে সহজে দেখা পোৱা সীৰাৰে সৈতে, ইয়াৰ পাখিহাল ভালদৰে বিকশিত। কিছুমান প্ৰজাতিৰ আকৌ পাখিৰ আৱৰণ স্বচ্ছ হোৱাও দেখা যায়। জীৱবিজ্ঞানীসকলে প্ৰায় ২,৫০০ বিধ বিভিন্ন প্ৰজাতিৰ ঝিলীৰ বৰ্ণনা কৰি উলিয়াইছে, যদিও আৰু বহুত প্ৰজাতিৰ বৰ্ণনা কৰিবলৈ এতিয়াও বাকী আছে। কোনো কোনোৱে ইংৰাজীত ঝিলীক ভূলকৈ কাকতী ফৰিং (locusts) বুলিও ভূলকৈ কোৱা দেখা যায়। আছলতে এই দুবিধ কীট সম্পূৰ্ণৰূপে ভিন্ন জাতিৰহে।
সাধাৰন অবস্থাত ঝিলীয়ে মানুহক নাকামোৰে নাইবা অন্য একো অনিষ্টও নকৰে কিন্তু কেতিয়াবা ইহতে মানুহৰ দেহৰ হাত ভৰি আদি অংগক কোনো গা-গছ বা গছৰ ডাল আদি বুলি ভুল কৰি খাবলৈ বুলি কামোৰ মাৰাও দেখা যায়। ঝিলৰ মুখখনত গছৰ ডাল বিন্ধা কৰি ৰস আহৰণ কৰিব পৰাকৈ এডাল দীঘল শুং থাকে। ই ঠিক মহৰ মুখত থকা শুংডালৰ দৰেই কাম কৰে। ঝিলিয়ে কাচিৎহে মানুহক কামোৰে, কিন্তু কেতিয়াবা কামোৰিলে চাল ফাটি যোৱাৰ ফলত অতিপাত বিষ অনুভৱ হব পাৰে।
বহুত ধৰনৰ খেতি-বাতি, গছ-গছনী আৰু গুল্মজাতীয় উদ্ভিদ ঝিলিৰ দ্বাৰা আক্ৰান্ত হব পাৰে। এনে গছৰ চালত বিন্ধা কৰি ৰসপাণ কৰা নাইবা কণী পাৰাৰ ফলত গছজোপাৰ ক্ষতিসাধন হব পাৰে।
পৃথিবীৰ বহুঠাইত ঝিলীক মানুহে খাদ্যৰূপে ব্যৱহাৰ কৰে। প্ৰাচীনকালত গ্ৰীছ, আৰু আধুনিক যুগৰ চীনদেশ, মালয়চীয়া, বাৰ্মা, কোংগো অথবা লেটিন আমেৰিকা আদি অঞ্চলত ঝিলীক খাদ্যৰূপে পৰিবেশন কৰা হয় বুলি জনা যায়। মতা ঝিলীতকৈ মাইকী ঝিলীক খাদ্যহিচাপে বেছি গুৰুত্ব দিয়া হয়, কিয়নো মাইকী ঝিলী মতাটোতকৈ শকত হয়। ঝিলীৰ খোলাটোক চীনদেশীয় পাৰম্পৰিক সিকিৎসাৰ কামতো ব্যবহাৰ কৰা হয়।