dcsimg

কাকলি হাঁহ ( Assamèis )

fornì da wikipedia emerging languages

কাকলি হাঁহ বা বৰকালী মুগী হাঁহ (ইংৰাজী: Ferruginous Duck or White eyed Pochard, বৈজ্ঞানিক নাম-Aythya nyroca) মজলীয়া আকাৰৰ এবিধ হাঁহৰ প্ৰজাতি৷ ই প্ৰধানকৈ ইউৰেছিয়াত বহুলভাৱে বিস্তৃত হৈ আছে৷

বিৱৰণ

পূৰ্ণবয়স্ক মতা কাকলি হাঁহৰ দেহৰ বৰণ গাঢ় বাদামী (chestnut) আৰু চকু হালধীয়া৷ ইয়াৰ নেজডাল শুদ্ধ বগা বাবে চিনাক্তকৰণত সহায় হয়৷ মাইকী কাকলি হাঁহো দেখিবলৈ প্ৰায় একে কিন্তু বৰণ কিছু শেঁতা হয়৷ ইহঁত জাকপাতি বাস কৰা হাঁহৰ প্ৰজাতি৷ বিশেষকৈ শীতকালত ই অন্য প্ৰজাতিৰ হাঁহৰ সৈতে বৃহৎ গোট গঠন কৰে৷

বিতৰণ

কাকলি হাঁহে প্ৰধানকৈ দক্ষিণ-পশ্চিম এছিয়া অৰ্থাৎ চীনৰ পৰা পাকিস্তান আৰু ভাৰত , ইউৰোপ আৰু উত্তৰ আফ্ৰিকাত প্ৰজনন কৰে৷[2][3] শীতকালত এই বিতৰণ অধিক বিস্তৃত হৈ পৰে৷

বাসস্থান

কাকলি হাঁহে সাধাৰণতে স্থিৰ পানী পছন্দ কৰা দেখা যায়৷[4] কাচিৎহে ইয়াক চলন্ত পানীৰ জুৰি বা নৈত দেখা পোৱা যায়৷[5] চৰিবৰ বাবে ইয়াক প্ৰায় ৩০-১০০ ছে: মি: গভীৰতা থকা জলজ উদ্ভিদেৰে পৰিপূৰ্ণ জলাশয়ৰ প্ৰয়োজন৷[6]

আচৰণ

কাকলি হাঁহ প্ৰধানকৈ পৰিভ্ৰমণকাৰী[7]৷ অৱশ্যে ইয়াৰ পৰিভ্ৰমণৰ স্থান তথা দিশৰ বিষয়ে বিশেষ তথ্য পোৱা হোৱা নাই আৰু কিছুমান গোট প্ৰজননৰ ঠাইতে সমগ্ৰ বছৰ জুৰি থকা বুলি জনা যায় [8]

খাদ্য

কাকলি হাঁহ সৰ্য়ভক্ষী আৰু সেয়ে ই সকলো ধৰণৰ খাদ্যই গ্ৰহণ কৰে৷ অৱশ্যে ই প্ৰধানকৈ জলজ উদ্ভিদৰ বিভিন্ন অংশ যেনে -গুটি, শিপা, ডাল আদি খায়৷[9] তাৰোপৰি বিভিন্ন প্ৰাণী যেনে মলাস্কা, পোক, কেকোঁৰা, উভচৰ প্ৰাণী আৰু মাছ আদিও খায়৷

প্ৰজনন

ই এপ্ৰিল-মে মাহত প্ৰজনন কৰে৷[10] পানী কাষৰীয়া অঞ্চলত উদ্ভিদৰ ডাল-পাতেৰে ই মাটিত বাহ সাজে৷[11][12],[13]

আলোকচিত্ৰ ভঁৰাল

তথ্য সংগ্ৰহ

  1. BirdLife International (2006). Aythya nyroca. 2006. IUCN Red List of Threatened Species. "IUCN" 2006. www.iucnredlist.org. Retrieved on 12 May 2006. Database entry includes a range map and justification for why this species is near threatened
  2. Callaghan, D. A. 1999. European Union Species Action Plan: Ferruginous Duck (Althea nervosa). Council of Europe Publishing, Strasbourg.
  3. Vinicombe, K. E. 2000. Identification of Ferruginous Duck and its status in Britain and Ireland. British Birds 93: 4-21.
  4. Snow, D. W.; Perrins, C. M. 1998. The Birds of the Western Palearctic vol. 1: Non-Passerines. Oxford University Press, Oxford.
  5. Petkov, N. 2006. he importance of extensive fishponds for Ferruginous Duck Aythya nyroca conservation. In: Boere, G.; Galbraith, C., Stroud, D. (ed.), Waterbirds around the world, pp. 733-734. The Stationary Office, Edinburgh, UK.
  6. del Hoyo, J.; Elliot, A.; Sargatal, J. 1992. Handbook of the Birds of the World, vol. 1: Ostrich to Ducks. Lynx Edicions, Barcelona, Spain.
  7. Scott, D. A.; Rose, P. M. 1996. Atlas of Anatidae populations in Africa and western Eurasia. Wetlands International, Wageningen, Netherlands.
  8. Kear, J. 2005. Ducks, geese and swans volume 2: species accounts (Cairina to Mergus). Oxford University Press, Oxford, U.K.
  9. del Hoyo, J.; Elliot, A.; Sargatal, J. 1992. Handbook of the Birds of the World, vol. 1: Ostrich to Ducks. Lynx Edicions, Barcelona, Spain.
  10. del Hoyo, J.; Elliot, A.; Sargatal, J. 1992. Handbook of the Birds of the World, vol. 1: Ostrich to Ducks. Lynx Edicions, Barcelona, Spain.
  11. Johnsgard, P. A. 1978. Ducks, geese and swans of the World. University of Nebraska Press, Lincoln and London.
  12. BirdLife International 2012. Aythya nyroca. In:
  13. IUCN 2012. IUCN Red List of Threatened Species. Version 2012.2. . Downloaded on 03 April 2013.

licensa
cc-by-sa-3.0
drit d'autor
Wikipedia authors and editors

কাকলি হাঁহ: Brief Summary ( Assamèis )

fornì da wikipedia emerging languages

কাকলি হাঁহ বা বৰকালী মুগী হাঁহ (ইংৰাজী: Ferruginous Duck or White eyed Pochard, বৈজ্ঞানিক নাম-Aythya nyroca) মজলীয়া আকাৰৰ এবিধ হাঁহৰ প্ৰজাতি৷ ই প্ৰধানকৈ ইউৰেছিয়াত বহুলভাৱে বিস্তৃত হৈ আছে৷

licensa
cc-by-sa-3.0
drit d'autor
Wikipedia authors and editors