dcsimg

আৰ্ডৱাৰ্ক ( Assamese )

provided by wikipedia emerging languages

আৰ্ডৱাৰ্ক (Aardvark) দক্ষিণ আফ্ৰিকাৰ এবিধ স্তন্যপায়ী প্ৰাণী। অফ্ৰিকান ভাষাত এই শব্দটোৰ অৰ্থ 'মাটি গাহৰি' (Earth Pig)। প্ৰধানকৈ দঃ আফ্ৰিকাৰ ছাহাৰা মৰুভূমিৰ দক্ষিণে এইবিধ প্ৰাণী পোৱা যায়। আৰ্ডৱাৰ্ক বৰ নিৰ্জু আৰু লাজকুৰীয়া। ইহঁতে মাটিত গাঁত খান্দি বাস কৰে। ইহঁতে নিজৰ বাবে কেইবাটাও গাঁত খান্দে আৰু তাৰে এটাত সোমাই জিৰণি লয়।

একোটা পূৰ্ণবয়স্ক আৰ্ডৱাৰ্ক দেখাত গাহৰি একোটাৰ দৰে। মুখখন দীঘল; কাণ দুখন গাধৰ দৰে। আনহাতে ঠেংকেইটা চুটি। ঠেঙত চোকা নখ আছে। ইহঁতৰ শ্ৰৱণ শক্তি কম যদিও ঘ্ৰাণ শক্তি অতি প্ৰবল। এই প্ৰবল ঘ্ৰাণ শক্তিৰ সহায়ত ইহঁতে সহজে চিকাৰ বিচাৰি খাব পাৰে। ইহঁতৰ ছালখন অতি ডাঠ আৰু নোমবোৰ বৰ ঘন; এই ডাঠ ছাল আৰু ঘন নোমে আৰ্ডৱাৰ্কক পৰুৱাৰ আক্ৰমণৰ পৰা ৰক্ষা কৰে। ইহঁতৰ নাকৰ আগতে থকা নোমে নাকলৈ ধূলি-বালি সোমোৱাত বাধা দিয়ে। তদুপৰি গাঁত খন্দাৰ সময়ত নাকৰ ভিতৰলৈ যাতে ধূলি-বালি পৰুৱা ইত্যাদি সোমাই যাব নোৱাৰে তাৰ বাবে ইহঁতে নাকৰ ৰন্ধ্ৰ বন্ধ কৰিও থ'ব পাৰে।

সাধাৰণতে আৰ্ডৱাৰ্কে গোটেই দিনটো শুই কটায় আৰু ৰাতিহে আহাৰ বিচাৰি গাঁতৰ পৰা ওলাই আহে। ইহঁতে ঘাইকৈ পৰুৱা আৰু উঁই পৰুৱাক খাদ্য হিচাপে গ্ৰহণ কৰে। সাধাৰণতে বৰষুণৰ দিনত উঁই পৰুৱা আৰু আন সময়ত সাধাৰণ পৰুৱা ইহঁতৰ প্ৰধান খাদ্য। পোক-পৰুৱা খোৱা বাবে ইহঁতক পৰুৱা-ভালুক (Ant-Bear) বুলিও কোৱা হয়। আৰ্ডৱাৰ্কে ৭ মাহ গৰ্ভধাৰণ কৰি সাধাৰণতে এটা পোৱালি জন্ম দিয়ে।

license
cc-by-sa-3.0
copyright
Wikipedia authors and editors