dcsimg
Слика од Mermis
Life » » Metazoa »

Цевчести црви

Nematoda

ঘূৰণীয়া কৃমি ( асамски )

добавил wikipedia emerging languages
 src=
পুৰুষ ফিটা কৃমিৰ অঙ্গসংস্থানিক চিত্ৰ

ঘূৰণীয়া কৃমি বা নিমাট'ডা হৈছে প্ৰাণীজগতেৰ দ্বিতীয় বৃহত্তম পৰ্বগ্ৰীক শব্দ Nema অৰ্থ Thread বা সূতা আৰু Eidos অৰ্থ Form বা আকাৰৰ পৰা নিমাট'ডা শব্দটো আহিছে। ই এবিধ একলিঙ্গী প্ৰাণী।[2]

বৈশিষ্ট্য

দেহ নলাকাৰ বা সুতাৰ দৰে, অখণ্ডিত, দুই-প্ৰান্ত জোঙা। দেহ দ্বিপাৰ্শ্বীয় প্ৰতিসম আৰু কঠিন কিউটিকলেৰে ঢকা। ই ত্ৰিস্তৰ বিশিষ্ট (Triplobalstic) প্ৰাণী অৰ্থাৎ ইয়াৰ ভ্ৰূণত তিনটা অংকুৰণ (Germinal) স্তৰ দেখিবলৈ পোৱা যায়। দেহ-গহ্বৰক ছিউড'-চিলম (pseudo-coelom) বা ছদ্ম দেহগহ্বৰ বোলে। অন্ত্ৰ সৰল প্ৰকৃতিৰ আৰু পায়ুছিদ্ৰ থাকে। শ্বসনতন্ত্ৰ আৰু সংবহনতন্ত্ৰ নাথাকে। বহুতৰ ৰেচননলীৰ দ্বাৰা ৰেচনতন্ত্ৰ গঠিত হয়। নাৰ্ভ-ৰিং বা স্নায়ু-আঙুঠিৰ দ্বাৰা অন্ত্ৰ ঘেৰি থাকে আৰু ইয়াৰ পৰা স্নায়ু সন্মুখ আৰু পিছৰ ফালে সৰবৰাহ হয়। একলিঙ্গী প্ৰাণী আৰু ইহঁতৰ যৌন দ্বিৰূপতা দেখা যায়। কেৱল যৌন প্ৰজনন ঘটে, অযৌন প্ৰজনন নঘটে।[3]

শ্ৰেণীবিন্যাস

প্ৰথমতে চিটউড আৰু চিটউডৰ পৰামৰ্শমতে ঘুৰণীযা কৃমি পৰ্বত দুটা শ্ৰেণী আছিল।[4][5]

আফছামিডা (Aphasmidia)

ফাছমিড (Phasmid) নামৰ পুচ্ছদেশীয় সংবেদন অঙ্গ (Caudal sensory organ) নাথাকে। ওঠৰ পিছফালে বিভিন্ন আকৃতিৰ এমফিড (Amphid) নামৰ অগ্ৰ প্ৰান্তীয় সংবেদন অঙ্গ (Anterior sensory organ) দেখিবলৈ পোৱা যায়। সাধাৰণতে ৰেচনঅঙ্গ নাথাকে। থাকিলেও সি উন্নত নহয়। পুচ্ছদেশীয় আঠাজাতীয় গ্ৰন্থি (Caudal adhesive gland) থাকে। অধিকাংশই মুক্তজীৱী। উদাহৰণ: Trichinella spiralis (চাবুক কৃমি)।

ফাছমিডা (Phasmidia)

ফাছমিড (Phasmid) নামৰ পুচ্ছদেশীয় সংবেদন অঙ্গ (Caudal sensory organ) থাকে। ওঠৰ পিছফালে ছিদ্ৰৰ দৰে এমফিড (Amphid) নামৰ অগ্ৰ প্ৰান্তীয় সংবেদন অঙ্গ (Anterior sensory organ) থাকে। উন্নতমানৰ ৰেচনঅঙ্গ থাকে। পুচ্ছদেশীয় আঠাজাতীয় গ্ৰন্থি (Caudal adhesive gland) নাথাকে। অধিকাংশই পৰজীৱী। উদাহৰণ: Loa loa, Ascaris lumbricodes, Wuchereria bancrofti (ফাইলেৰিয়া কৃমি), Enterobius vermicularis আদি।

মহামাৰী বিজ্ঞান

 src=
খাদ্যনলীৰ ঘূৰণীয়া কৃমি সংক্ৰমণৰ বাবে হোৱা Disability-adjusted life year,প্ৰতি এক লাখ জনৰ ভিতৰত ২০০২ চন।
< ২৫
২৫–৫০
৫০–৭৫
৭৫–১০০
১০০–১২০
১২০–১৪০
১৪০–১৬০
১৬০–১৮০
১৮০–২০০
২০০–২২০
২২০–২৪০
> ২৪০
তথ্য নাই
Heligmosomoides bakeriৰ ওপৰত পেপেইনৰ প্ৰভাৱ

খাদ্যনলীত থকা বহু সংখ্যক ঘূৰণীয়া কৃমিয়ে মানুহ তথা অন্য প্ৰাণীৰ দেহত ৰোগৰ সৃষ্টি কৰে, যেনে এছকাৰিয়াছিছ, ট্ৰাইকুৰিয়াছিছ আৰু হাকুটা কৃমি ৰোগ। ফাইলেৰিয়েল কৃমিৰ পৰা ফাইলেৰিয়াছিছ ৰোগ হয়।

ভূ পৰিস্থিতি তন্ত্ৰ

প্ৰায় ৯০% নিমাট'ড মাটিৰ পৰা ১৫ ছেমি গভীৰতাৰ ভিতৰত বাস কৰে। ইহঁতে জৈৱ পদাৰ্থৰ পচন নঘটাই, কিন্তু ততাপি ইহঁত জীৱক খাদ্য হিচাপে গ্ৰহণ কৰি জীয়াই থকা পৰজীৱি নাইবা মুক্তজীৱি। ইহঁতে বেক্টেৰিয়াৰ সংখ্যা আৰু সামাজিক আবৰ্জনা নিয়ন্ত্ৰণত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে — ইহঁতে প্ৰতি মিনিটত প্ৰায় ৫,০০০ বেক্টেৰিয়া ভক্ষণ কৰিব পাৰে। ইয়াৰোপৰি নাইট্ৰ'জেন লৱনীকৰণ কৰি নিমাট'ডে নাইট্ৰ'জেন চক্ৰত অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

নিমাট'ফাগাছ ভেঁকুৰ নামৰ এবিধ মাংসভোজী ভেঁকুৰে মাটিত থকা নিমাট'ডক খাদ্য হিচাপে গ্ৰহণ কৰে। ইহঁতে লাছেছ অথবা আঠাজাতীয় গঠনৰ ৰূপত নিমাট'ডৰ বিৰূদ্ধে এণ্টিচিমেণ্ট সৃষ্টি কৰে।[6]

তথ্য সংগ্ৰহ

  1. "Nematode Fossils — Nematoda". http://www.fossilmuseum.net/fossils/Nematda-fossils.htm.
  2. মুত্তাবি, ইকবাল আজিজ. মাধ্যমিক জীববিজ্ঞান. জাতীয় শিক্ষাক্ৰম আৰু পাঠ্যপুস্তক বোৰ্ড. পৃষ্ঠা. ৬৪.
  3. ৰচিদ, মঃ মামুনুৰ. "প্লাটিহেলমিনথিস,অ্যানিলিডা,নেমাটোডা (শ্ৰেণী-৭ম)". মন্ত্ৰিপৰিষদ বিভাগ, গণপ্ৰজাতন্ত্ৰী বাংলাদেশ চৰকাৰ. http://www.infokosh.gov.bd/atricle/%E0%A6%AA%E0%A7%8D%E0%A6%B2%E0%A6%BE%E0%A6%9F%E0%A6%BF%E0%A6%B9%E0%A7%87%E0%A6%B2%E0%A6%AE%E0%A6%BF%E0%A6%A8%E0%A6%A5%E0%A6%BF%E0%A6%B8%E0%A6%85%E0%A7%8D%E0%A6%AF%E0%A6%BE%E0%A6%A8%E0%A6%BF%E0%A6%B2%E0%A6%BF%E0%A6%A1%E0%A6%BE%E0%A6%A8%E0%A7%87%E0%A6%AE%E0%A6%BE%E0%A6%9F%E0%A7%8B%E0%A6%A1%E0%A6%BE-%E0%A6%B6%E0%A7%8D%E0%A6%B0%E0%A7%87%E0%A6%A3%E0%A7%80-%E0%A7%AD%E0%A6%AE%E0%A6%AE%E0%A7%8B%E0%A6%83-%E0%A6%AE%E0%A6%BE%E0%A6%AE%E0%A7%81%E0%A6%A8%E0%A7%81%E0%A6%B0-%E0%A6%B0%E0%A6%B6%E0%A6%BF%E0%A6%A6.
  4. "The characters of a protonematode". J Parasitol খণ্ড 20: 130. 1933.
  5. "A revised classification of the Nematoda". Papers on Helminthology published in commemoration of the 30 year Jubileum of ... K.J. Skrjabin .... প্ৰকাশক Moscow: All-Union Lenin Academy of Agricultural Sciences. 1937. পৃষ্ঠা. 67–79.
  6. Hauser JT (December 1985). "Nematode-trapping fungi". Carnivorous Plant Newsletter খণ্ড 14 (1): 8–11. http://www.carnivorousplants.org/cpn/articles/CPNv14n1p8_11.pdf.
лиценца
cc-by-sa-3.0
авторски права
Wikipedia authors and editors
изворно
посети извор
соработничко мреж. место
wikipedia emerging languages

ঘূৰণীয়া কৃমি: Brief Summary ( асамски )

добавил wikipedia emerging languages
 src= পুৰুষ ফিটা কৃমিৰ অঙ্গসংস্থানিক চিত্ৰ

ঘূৰণীয়া কৃমি বা নিমাট'ডা হৈছে প্ৰাণীজগতেৰ দ্বিতীয় বৃহত্তম পৰ্বগ্ৰীক শব্দ Nema অৰ্থ Thread বা সূতা আৰু Eidos অৰ্থ Form বা আকাৰৰ পৰা নিমাট'ডা শব্দটো আহিছে। ই এবিধ একলিঙ্গী প্ৰাণী।

лиценца
cc-by-sa-3.0
авторски права
Wikipedia authors and editors
изворно
посети извор
соработничко мреж. место
wikipedia emerging languages