dcsimg

গাং শালিকা ( الأسامية )

المقدمة من wikipedia emerging languages

গাং শালিকা (ইংৰাজী: Bank Myna , বৈজ্ঞানিক নাম- Acridotheres ginginianus) দক্ষিণ এছিয়াত দেখা পোৱা শালিকাৰ এটা প্ৰজাতি৷ ই দেখাত ঘৰশালিকা ৰ দৰে প্ৰায় একেই যদিও আকাৰত সৰু ৷ তাৰোপৰি ইয়াৰ চকুৰ তলতে হালধীয়াৰ সলনি ৰঙচুৱা বৰণ দেখা যায়৷ উত্তৰ আৰু কেন্দ্ৰীয় ভাৰতত ইয়াৰ জাক দেখা পোৱা যায়৷ ইয়াৰ বিতৰণ ক্ৰমান্বয়ে দক্ষিণ ভাৰতৰ দিশে বিয়পি যোৱাৰ তথ্য পোৱা গৈছে৷ নদীৰ পাৰত গাঁত খান্দি বৃহৎ গোটত বাহ সজাৰ বাবে ইয়াৰ ইংৰাজী নাম "Bank Myna" ৰখা হয়৷ .

বিৱৰণ

 src=
গাং শালিকা

গাং শালিকাৰ মূৰটো ক'লা বৰণৰ আৰু দেহৰ ৰং ডাঠ মটিয়া হয়৷ দেহৰ তলৰ অংশ পাতল মুগা বৰণৰ যদিও পেটৰ ফালে কিছু গুলপীয়া বৰণৰ হোৱা দেখা যায়৷ ইয়াৰ ডেউকা ক'লা বৰণৰ হয়৷ চকুৰ তলত থকা নোমবিহীন ছালৰ ৰং ইটাবৰণৰ , ঠেং হালধীয়া আৰু চকুৰ মণি ডাঠ ৰঙা হয়৷ গাং শালিকাৰ মতা-মাইকী উভয়ে দেখাত একে হয়৷ [2] পোৱালী গাং শালিকাৰ মূৰ আৰু ডিঙি মুগা ৰঙৰ হোৱা দেখা যায়৷ [3][4]

গাং শালিকা ক্ৰমবিৱৰ্ত্তনৰ নিয়ম অনুসৰি ঘৰশালিকা ৰ খুবেই ওচৰ সম্পৰ্কীয়৷ [5]

বিতৰণ

গাং শালিকাৰ বিস্তৃতি ভাৰত উপমহাদেশতে সীমিত৷ [6]প্ৰধানকৈ থলুৱা চৰাইৰ প্ৰজাতি যদিও গাং শালিকাই খাদ্য আৰু বতৰৰ ওপৰত ভিত্তি কৰি কিছু প্ৰব্ৰজনো কৰে৷ [7][8] গাং শালিকাৰ প্ৰজননকাৰী কলনি অসমতো আৱিষ্কাৰ হৈছে৷ [9][10][11][12][13]

গাং শালিকাক কুৱেইটত নতুনকৈ সংস্থাপিত (Introduce) কৰা হৈছে আৰু ইতিমধ্যেই তাৰ বনাঞ্চল সমূহত নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈ উঠিছে৷ [14]তেনেদৰে মালদ্বীপ, টাইৱান আৰু জাপানতো গাং শালিকাৰ জাক পোৱা গৈছে৷ [15][16][17]

বাসস্থান

গাং শালিকা সাধাৰণতে মুকলি জলাশয় বা অন্য পানীৰ উৎসৰ ওচৰে পাজৰে দেখা যায়৷ ই খেতিপথাৰৰ মুকলি অঞ্চলতো প্ৰায়ে চৰি ফুৰা দেখা যায়৷ তাৰোপৰি গাং শালিকাৰ জাক নগৰীয়া অঞ্চলৰ বজাৰ সমাৰ বা ৰেল ষ্টেচনতো প্ৰায়ে দেখা পোৱা যায়৷ [7] মানুহৰ পেলনীয়া খাদ্য বস্তুৰ ওপৰত কম-বেছি পৰিমাণে খাদ্যৰ বাবে নিৰ্ভৰশীল৷ [18]

 src=
পানীৰ টেংকীত গাং শালিকাৰ এটা জাক

আচৰণ

 src=
গাং শালিকাৰ ডেউকাৰ কিছুমান পাখিৰ জিলিকা সেউজীয়া বৰণো থকা দেখা যায়৷

গাং শালিকাই ডাঙৰ গোটত বাস কৰে৷ ইহঁতে একেলগে গছৰ ডালত জিৰণি লয় আৰু কলনি গঠন কৰি বাহ সাজে৷ ইহঁতে ঘৰচীয়া জন্তুৰ গাত বহে আৰু জনবসতি পূৰ্ণ অঞ্চলত বজাৰৰ অৱশিষ্ট খাদ্য বা জাৱৰৰ দ'মত খাদ্যৰ সন্ধান কৰাত পাকৈত৷ [7] গাং শালিকা সাধাৰণতে মুখৰ (vociferous) স্বভাৱৰ আৰু ইহঁতে বিভিন্ন ধৰণৰ মাত (croaks, screeches, whistles) উলিয়াব পাৰে।[19]

গাং শালিকাই সাধাৰণতে গুটি, পোক-পৰুৱা আৰু ফল-মূল খাই জীয়াই থাকে৷ ঘৰ শালিকাৰ দৰেই ইহঁতেও কেতিয়াবা চৰি থকা জন্তুৰ গাৰ বিভিন্ন পোক আদি খাদ্য হিচাপে গ্ৰহণ কৰে৷ বিভিন্ন ফল-মূল যেনে আঙুৰ, Sorghum আদিৰ পকা ফল খায়৷ ইহঁতে খাদ্য হিচাপে গ্ৰহণ কৰা পোক-পৰুৱাৰ ভিতৰত শস্যত হোৱা বিভিন্ন কীট যেনে Achaea janataও উল্লেখযোগ্য৷ [20]

 src=
ভাৰতত এটা গাং শালিকা পানী খাই থকা অৱস্থাত

গাং শালিকাই সাধাৰণতে এপ্ৰিলৰ পৰা জুলাই বা আগষ্ট মাহৰ ভিতৰত বাহ সাজে৷ ই মে-জুন মাহত কণী পাৰি পোৱালী জগায়৷ ই প্ৰায়ে নৈৰ পাৰত মাটিত গাত খান্দি বা মথাউৰিৰ বেৰত বাহ সাজে৷ কেতিয়াবা ইটাৰ দেৱালত থকা ফুটাতো গাং শালিকাই বাহ সজা দেখা যায়৷ [21] ই মাটি বা ফুটাত ৪-৭ ফুট দকৈ খান্দি বাহটো সাজে৷ বাহত বিভিন্ন ঘাঁহ-বন, পাখি আৰু কেতিয়া সাপৰ মোট ব্যৱহাৰ কৰা দেখা যায়৷ [22]সাধাৰণতে এবাৰত প্ৰায় শেঁতা নীলা বৰণৰ চাৰিৰ পৰা পাঁচটা পোৱালী জন্মে৷ [2] একেটা ঋতুতে ই কেতিয়াবা দুবাৰকৈ পোৱালী জগায়৷ কণী পৰাৰ ১৩-১৪ দিনৰ ভিতৰত কণী ফুটি পোৱালীৰ জন্ম হয়৷ প্ৰায় পাঁচ দিনৰ পিছত পোৱালীয়ে চকু মেলে আৰু ২১ দিনৰ ভিতৰত উৰিব পৰা হয়৷ এটা গৱেষণাৰ তথ্য অনুসৰি ৩৮% কণীহে উৰিব পৰা অৱস্থা পাবলৈ সক্ষম হয়৷ বাকীবোৰ বিভিন্ন কাৰণত মৃত্যুমুখত পৰে৷[23]


তথ্য সংগ্ৰহ

  1. BirdLife International (2012). "Acridotheres ginginianus". IUCN Red List of Threatened Species. Version 2012.1. International Union for Conservation of Nature. http://www.iucnredlist.org/apps/redlist/details/106006824। আহৰণ কৰা হৈছে: 16 July 2012.
  2. 2.0 2.1 Whistler, Hugh (1949). Gurney and Jackson, London. পৃষ্ঠা. 205–206. http://www.archive.org/stream/popularhandbooko033226mbp#page/n248/mode/1up.
  3. Baker, E C S (1926). The Fauna of British India, Including Ceylon and Burma. Birds. Volume 3 (2 সম্পাদনা). Taylor and Francis, London. পৃষ্ঠা. 55–56. http://www.archive.org/stream/BakerFbiBirds3/BakerFBI3#page/n76/mode/1up/.
  4. Oates, EW (1889). The Fauna of British India, Including Ceylon and Burma. Birds. Volume 1. Taylor and Francis, London. পৃষ্ঠা. 538–539. http://www.archive.org/stream/birdsindia01oaterich#page/538/mode/1up/.
  5. Zuccon, D., Pasquet, E. & Ericson, P. G. P. (2008). "Phylogenetic relationships among Palearctic–Oriental starlings and mynas (genera Sturnus and Acridotheres: Sturnidae)". Zoologica Scripta খণ্ড 37: 469– 481. doi:10.1111/j.1463-6409.2008.00339.x. http://www.nrm.se/download/18.251938811dab4a5dcc8000180/Zuccon%20et%20al%20Sturnus%20ZSC%202008.pdf.
  6. Akhter N; Khan AA; Babar M; Riaz M; Imtiaz A; Khaliq I (2011). "Evaluation of the genetic structure of the urban dwelling species of Bank Myna (Acridotheres ginginianus) using random amplified polymorphic DNA (RAPD) analysis". African Journal of Biotechnology খণ্ড 10 (33): 6342–6347.
  7. 7.0 7.1 7.2 Ali, Salim; Sidney Dillon Ripley (1986). Handbook of the Birds of India and Pakistan. 5 (2 সম্পাদনা). Oxford University Press. পৃষ্ঠা. 181–182.
  8. Choudhury,A (1997). "New eastern limit of distribution of the Bank myna". Newsletter for Birdwatchers খণ্ড 37 (2): 27–28. http://www.archive.org/stream/NLBW37_2#page/n8/mode/1up/.
  9. Barooah, D (1993). "Nesting colony of Bank Myna in Panidihing". Newsletter for Birdwatchers খণ্ড 33 (3): 53. http://www.archive.org/stream/NLBW33_3#page/n14/mode/1up.
  10. Jayakar,SD; Werner,L; Werner,Susan (1967). "The arrival of the Bank Myna in Bhubaneshwar". Newsletter for Birdwatchers খণ্ড 7 (3): 9. http://www.archive.org/stream/NLBW7#page/n35/mode/1up.
  11. Sankar,KJNG (1975). "Occurrence of Bank Myna Acridotheres ginginianus (Latham) in Visakhapatnam (A.P.)". J. Bombay Nat. Hist. Soc. খণ্ড 72 (3): 857–858.
  12. Ambedkar, VC (1976). "The Bank Myna (Acridotheres ginginianus) in Bombay". J. Bombay Nat. Hist. Soc. খণ্ড 73 (1): 217.
  13. Abdulali,Humayun; Ali,Salim (1953). "The Pied Myna and Bank Myna as birds of Bombay and Salsette". J. Bombay Nat. Hist. Soc. খণ্ড 51 (3): 736–737.
  14. Gregory, G. Al-Nasrallah, K. (2001). "The establishment of Bank Mynah Acridotheres ginginianus as a breeding species in Kuwait". Sandgrouse খণ্ড 23 (2): 134–138.
  15. Lin, Ruey-Shing (2001). "The Occurrence, Distribution and Relative Abundance of Exotic Starlings and Mynas in Taiwan". 特有生物研究 খণ্ড 3: 13–23. http://tesri.tesri.gov.tw/files/tesri_protect/47/013319485413_pdf.pdf.
  16. Eguchi, Kazuhiro and Hitoha E. Amano (2004). "Invasive Birds in Japan". Global Environment Research খণ্ড 8 (1): 29–39. http://www.airies.or.jp/publication/ger/pdf/08-01-04.pdf.
  17. Anderson, R C & M Baldock (2001). "New records of birds from the Maldives, with notes on other species". Forktail খণ্ড 17: 67–73. http://www.orientalbirdclub.org/publications/forktail/17pdfs/Anderson-Maldives.pdf.
  18. Ripley,S Dillon (1983). "Habits of the Bank Myna Acridotheres ginginianus.". J. Bombay Nat. Hist. Soc. খণ্ড 80 (1): 219.
  19. Rasmussen PC & JC Anderton (2005). Birds of South Asia. The Ripley Guide. Volume 2. Smithsonian Institution & Lynx Edicions. পৃষ্ঠা. 584.
  20. Bhargava, RN (1981). "The Bank Myna Acridotheres ginginianus and King Crow Dicrurus adsimilis preying upon the Cricket Acheta (Orthopters: Gryllidae)". Newsletter for Birdwatchers খণ্ড 21 (12): 18–19.
  21. Lamba,BS (1981). "A queer nesting site of Bank Myna, Acridotheres ginginianus". J. Bombay Nat. Hist. Soc. খণ্ড 78 (3): 605–606.
  22. Hume, AO (1889). The nests and eggs of Indian birds. Volume 1 (2 সম্পাদনা). R H Porter, London. পৃষ্ঠা. 381–383. http://www.archive.org/stream/nestseggsofindia01hume#page/380/mode/1up.
  23. Simwat,GS; Sidhu,AS (1974). "Developmental period and feeding habits of Bank Myna, Acridotheres ginginianus (latham) in Punjab". J. Bombay Nat. Hist. Soc. খণ্ড 71 (2): 305–308.

অন্যান্য উৎস

  • Dhindsa, MS (1980). "Bank Myna Acridotheres ginginianus (Latham): A good predator of House-Flies, Musca domestica L.". Science & Culture খণ্ড 46 (8): 294.
  • "Note on the distribution of the Bank Myna in Eastern Bengal". Jour. Bengal Nat. Hist. Soc. খণ্ড 17 (4): 119. 1943.
  • Jior,RS; Dhindsa,Manjit S; Toor,HS (1995). "Nests and nest contents of the Bank Myna Acridotheres ginginianus". Tigerpaper খণ্ড 22 (1): 25–28.
  • Khera,S; Kalsi,RS (1986). "Diurnal time budgets of the Bank Myna, Acridotheres ginginianus (Sturnidae) during prelaying, laying and incubation periods". Pavo খণ্ড 24 (1&2): 25–32.
  • "Waking and roosting behaviour of the Bank Myna,Acridotheres ginginianus, in Chandigarh and surrounding areas". Pavo খণ্ড 24 (1&2): 55–68. 1986.
  • Parasara,UA; Parasharya,BM; Yadav,DN (1991). "Studies on the nestling food of the Bank Myna Acridotheres ginginianus (Latham)". Pavo খণ্ড 28 (1&2): 37–42.
  • Parasharya,BM; Dodia,JF; Mathew,KL; Yadav,DN (1996). "The role of birds in the natural regulation of Helicoverpa armigera Hubner in wheat". Pavo খণ্ড 34 (1&2): 33–38.
ترخيص
cc-by-sa-3.0
حقوق النشر
Wikipedia authors and editors
النص الأصلي
زيارة المصدر
موقع الشريك
wikipedia emerging languages

গাং শালিকা: Brief Summary ( الأسامية )

المقدمة من wikipedia emerging languages

গাং শালিকা (ইংৰাজী: Bank Myna , বৈজ্ঞানিক নাম- Acridotheres ginginianus) দক্ষিণ এছিয়াত দেখা পোৱা শালিকাৰ এটা প্ৰজাতি৷ ই দেখাত ঘৰশালিকা ৰ দৰে প্ৰায় একেই যদিও আকাৰত সৰু ৷ তাৰোপৰি ইয়াৰ চকুৰ তলতে হালধীয়াৰ সলনি ৰঙচুৱা বৰণ দেখা যায়৷ উত্তৰ আৰু কেন্দ্ৰীয় ভাৰতত ইয়াৰ জাক দেখা পোৱা যায়৷ ইয়াৰ বিতৰণ ক্ৰমান্বয়ে দক্ষিণ ভাৰতৰ দিশে বিয়পি যোৱাৰ তথ্য পোৱা গৈছে৷ নদীৰ পাৰত গাঁত খান্দি বৃহৎ গোটত বাহ সজাৰ বাবে ইয়াৰ ইংৰাজী নাম "Bank Myna" ৰখা হয়৷ .

ترخيص
cc-by-sa-3.0
حقوق النشر
Wikipedia authors and editors
النص الأصلي
زيارة المصدر
موقع الشريك
wikipedia emerging languages