dcsimg

ৰজা শগুণ ( الأسامية )

المقدمة من wikipedia emerging languages

ৰজা শগুণ (ইংৰাজী: Red-headed Vulture/Asian King Vulture/Indian Black Vulture, বৈজ্ঞানিক নাম -Sarcogyps calvus) শগুণৰ এটা অন্যতম প্ৰজাতি৷ শেহতীয়াকৈ হোৱা শগুণৰ অস্বাভাৱিক বিলুপ্তিত ইয়াৰো জনসংখ্যা দ্ৰুত গতিত হ্ৰাস পাইছে৷ [2] ইয়াৰ এই মৃত্যুৰ বাবে ডাইক্ল'ফেনেক নামৰ দৰৱবিধকে জগৰীয়া কৰা হয়৷

বিৱৰণ

ৰজা শগুণ এটা মধ্যমীয়া আকাৰৰ শগুণৰ প্ৰজাতি৷ ইয়াৰ দেহৰ দৈৰ্ঘ্য ৭৬-৮৬ ছে: মি: আৰু ওজন প্ৰাব ৩.৫-৬.৩ কি: গ্ৰা:৷ [3][4] পূৰ্ণবয়স্ক শগুণৰ ডিঙি ডাঠ ৰঙা বা কমলা বৰণৰ হয়৷ পোৱালী চৰাইৰ দেহৰ ৰং শেঁতা৷ দেহৰ বাকী অংশ ক'লা আৰু ডেউকাৰ গুৰিত পাতল মুগা বৰণৰ আঁচ থাকে৷ মতা আৰু মাইকী ৰজা শগুণৰ চকুৰ মণিৰ ৰং বেলেগ বেলেগ হয়৷ মতা চৰাইৰ মণি বগা আৰু মাইকীৰ ডাঠ মটীয়া হয়৷ [5]

 src=
ৰান্থামব'ৰ ৰাষ্ট্ৰীয় উদ্যানত এজনী মাইকী ৰজা শগুণ

বিতৰণ আৰু বাসস্থান

ৰজা শগুণ পূৰ্বতে ভাৰত আৰু দক্ষিণ-পূব এছিয়াত বহুলভাৱে বিস্তৃত আছিল যদিও পৰৱৰ্ত্তী কালত ইয়াৰ জনসংখ্যা কমি আহি বৰ্তমান কেৱল উত্তৰ ভাৰততহে সীমিত হৈ পৰিল৷ ইয়াক প্ৰধানকৈ মুকলি অঞ্চল আৰু প্ৰয় শুকান ঠাইত দেখিবলৈ পোৱা যায়৷ তাৰোপৰি ইয়াক পৰ্ণপাতী বনাঞ্চল, নদী উপত্যকা আদিতো পোৱা যায়৷ ৰজা শগুণ সাধাৰণতে সাগৰ পৃষ্ঠৰ পৰা ৩০০০ মিটাৰ পৰ্যন্ত বিস্তৃত হৈ আছে৷ [6]

 src=
বাৰ্লিনৰ চিৰিয়াখানাত এটা ৰজা শগুণ

সংৰক্ষণ

ৰজা শগুণৰ ক্ৰমান্বয়ে হাৰাস পাই অহা জনসংখ্যাক লক্ষ্য কৰি ১৯৯৪ চনত ইয়াক আই. ইউ. চি. এনে প্ৰায় সংকটাপন্ন (Near Threatened) প্ৰজাতিৰ অন্তৰ্ভুক্ত কৰে৷ ভাৰতত বহুলভাৱে ব্যৱহাৰ কৰা ডাইক্ল'ফেনেক (Diclofenac) নামৰ পশুচিকিৎসাৰ ঔষধ (veterinary medicine) বিধকে ইয়াৰ জনসংখ্যা হ্ৰাস পোৱাৰ বাবে জগৰীয়া কৰা হয়৷ ১৯৯০ চনৰ পিছৰ পৰা ৰজা শগুণৰ জনসংখ্যা বিপদজনকভাৱে প্ৰতি বছৰে আধালৈ কমি অহা দেখা গৈছে৷ ফলস্বৰূপে দুটা দশকৰ ভিতৰতে এসময়ত উভৈনদীকৈ পোৱা এই চৰাইবিধৰ জনসংখ্যা বৰ্তমান বিলুপ্তিৰ পথত৷ ২০০৭ চনত আই ইউ. চি . এনে ইয়াক বিপদজনক ভাৱে সংকটাপন্ন (Critically Endangered) প্ৰজাতি বুলি ঘোষণা কৰে৷ [1][7][8]


তথ্য সংগ্ৰহ

  1. 1.0 1.1 BirdLife International (2012). "Sarcogyps calvus". IUCN Red List of Threatened Species. Version 2012.1. International Union for Conservation of Nature. http://www.iucnredlist.org/apps/redlist/details/106003383। আহৰণ কৰা হৈছে: 16 July 2012.
  2. Ali, S. (1993). The Book of Indian Birds. প্ৰকাশক Bombay: Bombay Natural History Society. ISBN 0-19-563731-3.
  3. WWF- Red-headed Vulture (2011).
  4. Raptors of the World by Ferguson-Lees, Christie, Franklin, Mead & Burton. Houghton Mifflin (2001), ISBN 0-618-12762-3
  5. Naoroji, Rishad (2006). Birds of Prey of the indian subcontinent. পৃষ্ঠা. 282–287.
  6. Ferguson-Lees, James; David A. Christie (2001-09-17). Raptors of the world. Houghton Mifflin Harcourt. পৃষ্ঠা. 443–444. ISBN 978-0-618-12762-7.
  7. Cuthbert et al., Richard. "NSAIDs and scavenging birds: potential impacts beyond Asia's critically endangered vultures". The Royal Society. http://rsbl.royalsocietypublishing.org/content/3/1/91। আহৰণ কৰা হৈছে: 11 May 2011.
  8. Milius, Susan (4). [tp://www.sciencenews.org/view/generic/id/7025/title/Bird-Safe_Rx_Alternative_drug_wont_kill_Indias_vultures "Bird-Safe Rx: Alternative drug won't kill India's vultures"]. ScienceNews খণ্ড 169 (#5): 70. tp://www.sciencenews.org/view/generic/id/7025/title/Bird-Safe_Rx_Alternative_drug_wont_kill_Indias_vultures। আহৰণ কৰা হৈছে: 11 May 2011.

ترخيص
cc-by-sa-3.0
حقوق النشر
Wikipedia authors and editors
النص الأصلي
زيارة المصدر
موقع الشريك
wikipedia emerging languages

ৰজা শগুণ: Brief Summary ( الأسامية )

المقدمة من wikipedia emerging languages

ৰজা শগুণ (ইংৰাজী: Red-headed Vulture/Asian King Vulture/Indian Black Vulture, বৈজ্ঞানিক নাম -Sarcogyps calvus) শগুণৰ এটা অন্যতম প্ৰজাতি৷ শেহতীয়াকৈ হোৱা শগুণৰ অস্বাভাৱিক বিলুপ্তিত ইয়াৰো জনসংখ্যা দ্ৰুত গতিত হ্ৰাস পাইছে৷ ইয়াৰ এই মৃত্যুৰ বাবে ডাইক্ল'ফেনেক নামৰ দৰৱবিধকে জগৰীয়া কৰা হয়৷

ترخيص
cc-by-sa-3.0
حقوق النشر
Wikipedia authors and editors
النص الأصلي
زيارة المصدر
موقع الشريك
wikipedia emerging languages