dcsimg

কাকৈশিৰা ( Assam dili )

wikipedia emerging languages tarafından sağlandı

কাকৈশিৰা , ইংৰাজী নাম:Hoopoe (pron.: /ˈhp/), বৈজ্ঞানিক নাম: Upupa epops এবিধ ৰংচঙীয়া মধ্যমীয়া আকাৰৰ চৰাই ৷ মূৰত মুকুট সদৃশ পাখিৰ থোপা ইয়াৰ অন্যতম আকৰ্ষনীয় বৈশিষ্ট্য ৷ ই Upupidae পৰিয়ালৰ দেখা পোৱা একমাত্ৰ প্ৰজাতি ৷ ৰ'দত ইহঁতে পাখিমেলি ৰ'দ লোৱা(sunbathe) দেখা যায় ৷ [2] তাৰোপৰি ধূলি-বালিৰেও ইহঁতে শৰীৰৰ পাখি চাফা কৰে ।[3] কাকৈশিৰা ইজৰাইলৰ ৰাষ্ট্ৰীয় চৰাই ৷

বিৱৰণ

দীঘলে প্ৰায় ২৭ চেণ্টিমিটাৰ, পাখিৰে সৈতে ৪৪চেণ্টিমিটাৰ, ওজন প্ৰায় ৬৮ গ্ৰাম ৷ দেহ বগা, কলা, মুগা পাখিৰে আবৃত ৷ ঠোঁট অত্যন্ত দীঘল। ঠোঁটৰ আগমূৰ জোঙা ৷ মূৰত একোছা বিশেষ ধৰণৰ জঁবা পাখি থাকে৷ উৰিবৰ সময়ত মূৰৰ পাখিখিনি বিচনীৰ আকৃতিত ফুলাই উৰা মাৰে। ডেউকা বহল আৰু গোলাকৃতিৰ ৷ ই পখিলাৰ নিচিনাকৈ বতাহত ভাহি থাকিব পাৰে ৷ [4]

অৱস্থিতি আৰু বাসস্থান

ইউৰোপ, এছিয়া, উত্তৰ আফ্ৰিকা, চাইবেৰিয়াত ইহঁতৰ অৱস্থিতি দেখা যায় ৷ বেচি ডাঠ অৰণ্যত ইহঁতক দেখা নাযায় ৷ গাওঁ বা নগৰৰ আশে পাশে থকা কাঠনি জাতীয় অৰণ্যত ইহঁত বাস কৰে ৷ নিৰ্জন ঠাইত থকা গছৰ খোৰোং, শিলৰ ফাক, আদিত ঘাঁহ, বন, আঁহ আদিৰে বাঁহ সাজে। কণীপৰাৰ সময় অক্টোবৰৰপৰা ডিচেম্বৰলৈ ৷ এবাৰত ৬-৭ টাকৈ কণী পাৰে। কণীবোৰ বগা ৷ মাইকী চৰাইজনীয়ে উমনিত বহে আৰু মতাটোয়ে খাদ্যৰ যোগান ধৰে। ১৫-১৮ দিনৰ ভিতৰত কণীৰপৰা পোৱালি উলায় ৷ প্ৰথম কেইদিন মতাটোৱে আৰু পাছত মাইকীজনীয়েও পোৱালিক খাদ্য যোগায় ৷ প্ৰায় ২৬-২৯ দিনত পোৱালিবোৰ উৰিব পৰা হয় ৷[5]

খাদ্য

ই এবিধ পতংগভোজী চৰাই। ইয়াৰ জোঙা ঠোঁটটোৰে মাটি খুচৰি খাদ্যৰ সন্ধান কৰি ফুৰে ৷ ফৰিং, উঁইচিৰিঙা আদি খোৱাৰ ওপৰিও পোক-পৰুৱা, গছৰ গুটি আদিও খায় ৷ ই পাতত লাগি থকা পোক পৰুৱা, গা-গছত থকা পোক, শিলৰ ফাকত থকা পোক পৰুৱা আদি বিচাৰি খায় ৷ অলপ ডাঙৰ আকাৰৰ পোকবোৰ খোৱাৰ আগেয়ে ইহঁতে ঠোঁটেৰে ধৰি শিল বা মাটিত আচাৰি মাৰি লয় ৷ তাৰোপৰি খোৱাৰ আগতে পোকটোৰ শৰীৰৰ খোৱাৰ অলাগতীয়াল অংশ যেনে- পাখি, ভৰি আদি এৰোৱাই লয় ৷ [6]

আলোকচিত্ৰৰ ভঁৰাল

তথ্যসূত্ৰ

  1. Birdlife International (2008). "Upupa epops". Retrieved 10 Feb 2009.
  2. Fry, Hilary C. (2003). Christopher Perrins. ed. Firefly Encyclopedia of Birds. Firefly Books. pp. 382. ISBN 1-55297-777-3.
  3. Harrison, C.J.O.; Christopher Perrins (1979). Birds: Their Ways, Their World. The Reader’s Digest Association. pp. 303–304. ISBN 0-89577-065-2.
  4. Kristin, A (2001). "Family Upupidae (Hoopoes)". In Josep, del Hoyo; Andrew, Elliott; Sargatal, Jordi. Handbook of the Birds of the World. Volume 6, Mousebirds to Hornbills. Barcelona: Lynx Edicions. pp. 396–411. ISBN 84-87334-30-X.
  5. Pforr, Manfred; Alfred Limbrunner (1982). The Breeding Birds of Europe 2: A Photographic Handbook. London: Croom and Helm. p. 82. ISBN 0-7099-2020-2.
  6. Kristin, A (2001). "Family Upupidae (Hoopoes)". In Josep, del Hoyo; Andrew, Elliott; Sargatal, Jordi. Handbook of the Birds of the World. Volume 6, Mousebirds to Hornbills. Barcelona: Lynx Edicions. pp. 396–411. ISBN 84-87334-30-X.

lisans
cc-by-sa-3.0
telif hakkı
Wikipedia authors and editors

কাকৈশিৰা: Brief Summary ( Assam dili )

wikipedia emerging languages tarafından sağlandı

কাকৈশিৰা , ইংৰাজী নাম:Hoopoe (pron.: /ˈhp/), বৈজ্ঞানিক নাম: Upupa epops এবিধ ৰংচঙীয়া মধ্যমীয়া আকাৰৰ চৰাই ৷ মূৰত মুকুট সদৃশ পাখিৰ থোপা ইয়াৰ অন্যতম আকৰ্ষনীয় বৈশিষ্ট্য ৷ ই Upupidae পৰিয়ালৰ দেখা পোৱা একমাত্ৰ প্ৰজাতি ৷ ৰ'দত ইহঁতে পাখিমেলি ৰ'দ লোৱা(sunbathe) দেখা যায় ৷ তাৰোপৰি ধূলি-বালিৰেও ইহঁতে শৰীৰৰ পাখি চাফা কৰে । কাকৈশিৰা ইজৰাইলৰ ৰাষ্ট্ৰীয় চৰাই ৷

lisans
cc-by-sa-3.0
telif hakkı
Wikipedia authors and editors