ৰঙামূৰীয়া শেন[2](ইংৰাজী: Red-necked Falcon, বৈজ্ঞানিক নাম-Falco chicquera) ফেলকন (falcon) পৰিয়ালৰ অন্তৰ্ভুক্ত এটা মাংসভোজী চৰাইৰ প্ৰজাতি৷ ই ভাৰত আৰু আফ্ৰিকাত বহুলভাৱে বিস্তৃত৷
ৰঙামূৰীয়া শেনৰ আকাৰ মজলীয়া৷ আফ্ৰিকাৰ মতা ৰঙামূৰীয়া শেনৰ দেহৰ ওজন প্ৰায় ১৩৯-১৭৮ গ্ৰাম আৰু মাইকীৰ ১৯০-৩০৫ গ্ৰাম হোৱা দেখা যায়৷ ইয়াৰ ডেউকা দীঘল৷ মূৰত উজ্জ্বল মাখন বৰণীয়া মুকুট (rufous crown) থাকে৷ মতা আৰু মাইকী উভয়ে দেখিবলৈ একে যদিও আকাৰ ভিন্ন হয়৷ মতা ৰঙামূৰীয়া শেন আকাৰত মাইকীজনীতকৈ যথেষ্ট সৰু হয়৷ পোৱালী ৰঙামূৰীয়া শেনৰ দেহৰ বৰণ পাতল হয়৷
ই প্ৰধানকৈ এছিয়া আৰু আফ্ৰিকাত বিস্তৃত হৈ আছে৷
ৰঙামূৰীয়া শেন প্ৰধানকৈ শুকান অৰ্ধ মৰুভূমি (semi-desert) অঞ্চল, চাভানা (savannah) আৰু অন্য মুকলি অঞ্চল সমূহত দেখিবলৈ পোৱা যায়৷
ৰঙামূৰীয়া শেন সাধাৰণতে দোকমোকালি পুৱা আৰু গধূলি সময়ত সক্ৰিয় হৈ উঠে৷
ই গছৰ ডাল-পাতৰ আঁৰত জোপ লৈ চৰাই খেদি খেদি চিকাৰ কৰে৷ তাৰোপৰি বাদুলী, ডাঙৰ পোক-পতংগ আদিও ইয়াৰ প্ৰিয় খাদ্য৷ প্ৰায়েই ই যোৰ পাতি চিকাৰ কৰে৷
ৰঙামূৰীয়া শেনে গছত থকা পুৰণি বাহকে পুনৰ ব্যৱহাৰ কৰে আৰু ৩-৫ টাকৈ কণী পাৰে৷
ৰঙামূৰীয়া শেন(ইংৰাজী: Red-necked Falcon, বৈজ্ঞানিক নাম-Falco chicquera) ফেলকন (falcon) পৰিয়ালৰ অন্তৰ্ভুক্ত এটা মাংসভোজী চৰাইৰ প্ৰজাতি৷ ই ভাৰত আৰু আফ্ৰিকাত বহুলভাৱে বিস্তৃত৷