মাটি সাপ (ইংৰাজী: Brahminy blind snake, বৈজ্ঞানিক নাম-Ramphotyphlops braminus) এবিধ অবিষাক্ত সাপৰ প্ৰজাতি৷ এই সাপবিধ প্ৰধানকৈ আফ্ৰিকা আৰু এছিয়াত স্থানীয়ভাৱে দেখা পোৱা যায়৷ অৱশ্যে এই সাপবিধ বিশ্বৰ অন্যান্য বহুতো ঠাইত নতুনকৈ সংস্থাপিতও কৰা হৈছে৷
বিৱৰণ
পূৰ্ণবয়স্ক মাটি সাপবোৰ ছুটি আৰু ক্ষীণ হয়৷ ইয়াৰ দেহৰ দৈৰ্ঘ্য প্ৰায় ৬.৩৫ -১৬.৫ ছে:মি: হোৱা দেখা যায়৷ ইয়াৰ মূৰ আৰু নেজৰ আগটো দেখাত প্ৰায় একেই৷ এই সাপবিধৰ চকু বুনিয়াদী (rudimentary) অৱস্থাত আছে-কেৱল দুটা সৰু দাগহে দেখা যায়৷ ইয়াৰ মূৰৰ বাকলিবোৰ মিহি আৰু সৰু সৰু হয়৷ মাটি সাপৰ সমগ্ৰ দেহত ২০ শাৰী পথালি বাকলি আছে৷
পূৰ্ণবয়স্ক মাটি সাপৰ বৰণ জিলিকা ৰূপালী মুগা বা বেঙুণীয়া হয়৷ পোৱালি আৰু পূৰ্নাংগ মাটি সাপৰ দে্ৰ বৰণ প্ৰায় একে হয়৷ [2]
বিতৰণ
মাটি সাপ প্ৰধানকৈ আফ্ৰিকা আৰু এছিয়া মহাদেশত দেখিবলৈ পোৱা যায়৷ শেহতীয়াকৈ এই সাপবিধ অষ্ট্ৰেলিয়া আৰু আমেৰিকা যুক্তৰাষ্ট্ৰতো নতুনকৈ সংস্থাপিত হৈছেল ৷ লক্ষদ্বীপ দ্বীপপূঞ্জত পোৱা ই একমাত্ৰ সাপৰ প্ৰজাতি৷ [3]
বাসস্থান
মাটি সাপ প্ৰধানকৈ নগৰীয়া অঞ্চল আৰু খেতি-পথাৰ আদিত দেখিবলৈ পোৱা যায়৷[2] এই সাপবিধে মাটিৰ তলত পৰুৱা আৰু উঁইপোকৰ বাহত বাস কৰে৷ ইয়াৰোপৰি মৰা গছৰ ডালৰ আশে পাশে, সেমেকা পাত আদিতো এই সাপবিধ দেখা পোৱা যায়৷ [3]
আচৰণ
খাদ্য
মাটি সাপে ঘাইকৈ পৰুৱা আৰু উইঁপোকৰ কণী, লেটা আদি খাই জীয়াই থাকে৷ [2]
প্ৰজনন
মাটি সাপ পাৰ্থেন'জেনেটিক বুলি জনা যায়৷ [2]
তথ্যসুত্ৰ
লগতে চাওক
- Annandale, N. 1906. Notes on the fauna of a desert tract in southern India. Part. I. Batrachians and reptiles, with remarks on the reptiles of the desert region of the North-West Frontier. Mem. Asiatic Soc. Bengal, Calcutta 1: 183-202.
- Boulenger GA. 1893. Catalogue of the snakes in the British Museum (Nat. Hist.) I. London (Taylor & Francis), 448 pp.
- Daudin FM. 1802. Histoire Naturelle, Générale et Particulière des Reptiles. vol. 7. Paris: Dufart, 436 pp.
- Jones GS, Thomas LA, Wong K. 1995. Ramphotyphlops braminus. Herpetological Review, 26 (4):210-211.
- Kelaart EF. 1854. Catalogue of reptiles collected in Ceylon. Ann. Mag. Nat. Hist. (2) 13: 137-140.
- Kraus F, Cravalho D. 2001. The Risk to Hawai'i from Snakes. Pacific Science, Vol. 55, no. 4:409-417. PDF at University of Hawai'i press. Accessed 20 April 2008.
- Nussbaum, RA. 1980. The brahminy blind snake (Ramphotyphlops braminus) in the Seychelles Archipelago: Distribution, variation, and further evidence for parthenogenesis. Herpetologica 36 (3): 215-221.
- Oliver JA, Shaw CE. 1953. The amphibians and reptiles of the Hawaiian Islands. New York. Zoologica, Vol. 38, no. 5: 65-95.
- O'Shea M, Halliday T. 2002. Smithsonian Handbooks: Reptiles and Amphibians. DK Publishing. 256 pp. ISBN 0-7894-9393-4.
- Ota H, Hikida T, Matsui M, Mori A, Wynn AH. 1991. Morphological variation, karyotype and reproduction of the parthenogenetic blind snake, Ramphotyphlops braminus, from the insular region of East Asia and Saipan. Amphibia-Reptilia 12: 181-193
- Owen, R, Bowman DT Jr, Johnson SA. 1998. Geographic Distribution. Ramphotyphlops braminus. Herpetological Review 29 (2): 115.
- Palmer, DD and RN Fisher. 2010. Geographic Distribution. Ramphotyphlops braminus. Herpetological Review 41(4):518.
- Wallach V. 1999. Geographic distribution: Ramphotyphlops braminus. Herpetological Review 30 (4): 236.
- Wynn AH, Cole CJ, Gardner AL. 1987. Apparent Triploidy in the Unisexual Brahminy Blind Snake, Ramphotyphlops braminus. Am. Mus. Novit. 2868: 1-7.
- Russell, from [Journal of the Asiatic Society of Bengal, Volume 16, Part 2] at [1]. Accessed 7 Nov 2009.