dcsimg

পৰঘুমা ( 阿薩姆語 )

由wikipedia emerging languages提供

পৰঘুমা (ইংৰাজী: Green Imperial Pigeon, বৈজ্ঞানিক নাম-Ducula aenea) কপৌ গোটৰ এবিধ চৰাইৰ প্ৰজাতি৷ ই বিষুৱীয় দক্ষিণ এছিয়াভাৰতৰ পৰা ইণ্ডোনেছিয়া পৰ্যন্ত হুলভাৱে বিস্তৃত হৈ থকা চৰাইৰ প্ৰজাতি৷

বিৱৰণ

পৰঘুমাৰ দেহটো থুপুকা৷ দেহৰ দৈৰ্ঘ্য ৪৫ ছে:মি৷ দেহটৌৰ বৰণ পাতল নীলা-বেঙুনীয়া৷ ডেউকা ধাতব সেউজীয়া বৰণৰ৷ মূৰ অংশ বগা৷ মতা আৰু মাইকী দুয়োবিধেই দেখিবলৈ একে হয়৷

বিতৰণ

পৰঘুমা সমগ্ৰ বিশ্বতে বহুল ভাৱে বিস্তৃত চৰাইৰ প্ৰজাতি৷ ইয়াক প্ৰধানকৈ বাংলাদেশ, ভূটান, ব্ৰুনেই, কম্বোডিয়া, চীন, ভাৰত, ইণ্ডোনেছিয়া, মালয়েছিয়া, চিংগাপুৰ, ম্যানমাৰ, ফিলিপাইনছ, শ্ৰীলংকা, থাইলেণ্ড, ভিয়েটনাম আদিত দেখা পোৱা যায়৷

আচৰণ

খাদ্য

পৰঘুমাই সাধাৰণতে গছৰ ওপৰ অংশ (tree canopy)ৰ পৰা পাত আদি খায়৷ ইহঁতে সৰু সৰু গোটত চৰে৷ ইয়াৰ মাতটো গভীৰ আৰু অনুনাদীয় (resonant)৷

প্ৰজনন

ই এবিধ বণাঞ্চলত বাস কৰা চৰাইৰ প্ৰজাতি৷ ই গছত ডালৰ টুকুৰা আদিৰে বাহ সাজে, এবাৰত এটাকৈ বগা বৰণৰ কণী পাৰে৷

আলোকচিত্ৰৰ ভঁৰাল

許可
cc-by-sa-3.0
版權
Wikipedia authors and editors
原始內容
參訪來源
合作夥伴網站
wikipedia emerging languages

পৰঘুমা: Brief Summary ( 阿薩姆語 )

由wikipedia emerging languages提供

পৰঘুমা (ইংৰাজী: Green Imperial Pigeon, বৈজ্ঞানিক নাম-Ducula aenea) কপৌ গোটৰ এবিধ চৰাইৰ প্ৰজাতি৷ ই বিষুৱীয় দক্ষিণ এছিয়াভাৰতৰ পৰা ইণ্ডোনেছিয়া পৰ্যন্ত হুলভাৱে বিস্তৃত হৈ থকা চৰাইৰ প্ৰজাতি৷

許可
cc-by-sa-3.0
版權
Wikipedia authors and editors
原始內容
參訪來源
合作夥伴網站
wikipedia emerging languages