ভলুকা বাঁহ (বৈজ্ঞানিক নাম:Bambusa balcooa) এবিধ ডাঙৰ আকাৰৰ মজবুত বাঁহ৷ এই বাঁহ ভাৰত উপমহাদেশৰ থলুৱা বাঁহ যদিও বৰ্তমান অন্য দেশতো ঔদ্যোগিক ভাৱে এই বাঁহৰ খেতি কৰা হয়৷
ভলুকা বাহঁ ইণ্ডোচাইনা আৰু ভাৰত উপমহাদেশৰ থলুৱা বাঁহৰ প্ৰজাতি৷[1] ১৬০০ শতিকাত দক্ষিণ আফ্ৰিকাত এই বাঁহ ৰুবলৈ আৰম্ভ কৰে আৰু বৰ্তমান এই প্ৰজাতিয়ে দক্ষিণ আফ্ৰিকাত বিশেষ জনপ্ৰিয়তা লাভ কৰিছে আৰু বহুলভাৱে এই বাঁহৰ খেতি আৰম্ভ হৈছে৷
ভলুকা বাঁহ ২৫ মিটাৰ ওখ আৰু ১৫ ছেমি পৰ্য্যন্ত ব্যাসৰ হ’ব পাৰে৷[2] এই বাাঁহ অন্য বাঁহৰ প্ৰজাতিৰ তুলনাত যথেষ্ট ডাঠ হয় আৰু সেই অনুপাতে চুঙাৰ ফোপোলাবোৰ ঠেক আৰু সৰু হয়৷ ইয়াৰ গুৰত উৎপন্ন হোৱা গাঁঠিবোৰ ঘন হয়৷ গাঁঠিৰ বিকশিত হোৱা চেকনিবোৰো মজবুত হয়৷ [3]
ভলুকা বাঁহৰ গাঁজবোৰ ভোটোকা আৰু মঙহাল হয়৷ গাঁজৰ গাঁঠিয়ে গাঁঠিয়ে উৎপত্তি হোৱা বৌখাৰ উপৰিভাগত অসংখ্য শুঙৰ উৎপন্ন হয়৷[3]
ভলুকা বাঁহে বৃষ্টিহীনতা সহিব পাৰে ৷
ভলুকা বাঁহৰ গুৰিভাগ বাঁহৰ ঘৰ নিৰ্মাণ কৰোঁতে খুঁটা হিচাপে ব্যৱহাৰ কৰা হয়৷ তাৰোপৰি ৰভা-পৰলা, আচবাব আদিও নিৰ্মাণ কৰিবলৈ ভলুকা বাঁহ ব্যৱহাৰ হয়৷ [3]
ভলুকা বাঁহৰ গাজৰ পৰা খৰিচা তৈয়াৰ কৰা হয়৷[3]
ভলুকা বাঁহ (বৈজ্ঞানিক নাম:Bambusa balcooa) এবিধ ডাঙৰ আকাৰৰ মজবুত বাঁহ৷ এই বাঁহ ভাৰত উপমহাদেশৰ থলুৱা বাঁহ যদিও বৰ্তমান অন্য দেশতো ঔদ্যোগিক ভাৱে এই বাঁহৰ খেতি কৰা হয়৷