বগৰী হল বাকথৰ্ন (buckthorn) পৰিয়ালৰ যিযিফাছ (Ziziphus) জাতিৰ এবিধ ফলধাৰী উদ্ভিদ। ইংৰাজীত ইয়াক সাধাৰণতে যুযুবে বা যুযুবা, ৰেড ডেইট, ইণ্ডিয়ান ডেইট, কোৰিয়ান ডেইট, ছাইনীজ ডেইট আদি শব্দেৰে জনা যায়। ফল উৎপাদনৰ বাহিৰেও ইয়াক সাধাৰণতে ছা-দিয়া গছ হিচাপেও ৰোপন কৰা হয়। বগৰীৰ বৈজ্ঞানিক নাম যিযিফাছ যুযুবা।
প্ৰায় ৫ ৰ পৰা ১২ মিটাৰ উচ্চতাৰ গুল্মজাতীয় অথবা সৰু গা-গছেৰে সৈতে বগৰী এবিধ পৰ্ণপাতী উদ্ভিদ। ডালবিলাক কাঁইটীয়া। পাত মশৃণ, আকাৰত সৰু (২ ৰ পৰা ৭ ছে.মি. বহল আৰু ১ ৰ পৰা ৩ ছে.মি. দীঘল)। সেউজ-হালধীয়া বৰণৰ ক্ষুদ্ৰ পাহীবোৰৰ সৈতে ফুলবোৰ প্ৰায় ৫ মি.মি বহল হোৱা দেখা যায়। ঘূৰণীয়া ফলবোৰ খাবলৈ টেঙা-মিঠা সোৱাদলগা। কেঁচাতে ফলৰ ৰঙ সেউজীয়া হৈ থাকে, পকিলে ক্ৰমান্নয়ে ৰঙা হৈ সোতোৰা-সোতৰ বাদামী বৰণৰ পকা খেজুৰৰ দৰে হৈ পৰে।ফলৰ ভিতৰত এটা টান ঘূৰণীয়া বীজ থাকে।[2]
বহুলভাৱে কৰা খেতিৰ বাবে গছজোপাৰ সঠিক প্ৰাকৃতিক বিস্তৃতি জনাতো অসম্ভৱ। তথাপিও আনুমানিকভাৱে বগৰী গছ দক্ষিণ এচিয়াৰ লেবানন, ইৰাণ, পাকিস্তান, ভাৰত, বাংলাদেশ, নেপাল, কোৰিয়া উপদ্বীপ অঞ্চল, দক্ষিণ অৰু মধ্য চীনদেশ আদি অঞ্চলত থলুৱাভাৱে উপলব্ধ বুলি ঠাৱৰ কৰা হৈছে। দক্ষিপূৱ ঈউৰোপতো ই সম্ভৱতঃ থলুৱাভাৱে উপলব্ধ।[2]
বগৰীগছ খৃষ্টপূৰ্ব ৯০০০ বছৰ পূৰ্বে এচিয়া মহাদেশত ঘৰছীয়াকৰণ কৰা হৈছিল।[3]বগৰীগছ ৪০০ ৰো অধিক বিভিন্ন প্ৰকাৰত উপলব্ধ।
চীনদেশ আৰু কোৰীয়াত বগৰী গছ উইট্ছ ব্ৰুম (Witch's brooms) বেমাৰৰ দ্বাৰা আক্ৰান্ত হোৱা দেখা যায়। এনে বেমাৰ হলে গছজোপাৰ প্ৰাকৃতিক ডাল বিন্যাস সলনি হৈ পৰে আৰু এটা বা দুটা বিন্দুৰ পৰাই সকলো ডালৰ গজালি ওলোৱা দেখা যায়। [4]