dcsimg

কুঁহিয়াৰ ( assamais )

fourni par wikipedia emerging languages

কুঁহিয়াৰ (ইংৰাজী: Sugarcane) এবিধ তৃণজাতীয় শস্য৷ কুঁহিয়াৰ আমাৰ দেশৰ এবিধ অৰ্থশস্য হিচাপে বিখ্যাত কৃষি৷ কুঁহিয়াৰৰ পৰা চেনি-গুৰ তৈয়াৰ কৰা হয়৷ পৃথিৱীৰ মুঠ উৎপাদনৰ ১/৪ অংশ ভাৰতে উৎপাদন কৰে৷ এই খেতিৰ বাবে বছৰটোৰ ১০ ৰ পৰা ১২ মাহ পৰ্য্যন্ত সময় লাগে৷ অৰ্থাৎ কুঁহিয়াৰ গছ গোটেই বছৰ ধৰি জীয়াই থাকে৷ ভাৰতত কুঁহিয়াৰৰ উন্নত সঁচ উদ্ভাৱনৰ একমাত্ৰ কেন্দ্ৰ হ'ল কোইম্বাটোৰ৷ কুঁহিয়াৰ এবিধ বছৰেকীয়া খেতি। ই অতিশয় ৰসাল আৰু মিঠা স্বাদযুক্ত। চ’ত, ব’হাগ মাহত ইয়াক ৰোৱা হয় আৰু পুহৰ পৰা চ’ত মাহৰ ভিতৰত পেৰা হয়। এই খেতিৰ বাবে মানুহ অধিক লাগে। বিভিন্ন জাতৰ কুঁহিয়াৰ বোৰ হ’ল – আঁকি, পুৰা, পিয়াজী, মক, ইকৰা পুৰা (উজনি অসমত প্ৰচলিত শব্দ), জাভা, বোম্বাই, পাখৰি ইত্যাদি।

কৃষি পদ্ধতি

কুঁহিয়াৰ খেতিৰ কাৰণে ২০°-২৮° ছেণ্টিগ্ৰেড উষ্ণতা আৰু মধ্যমীয়া বৰষুণ প্ৰয়োজন৷ এই খেতি কম বৰষুণ হোৱা ঠাইতো হয় আৰু বেছি বৰষুণ হোৱা ঠাইতো হয়৷ উদাহৰণ স্বৰূপে পঞ্জাৱৰ ২৫.৪ ছেন্টিমিটাৰ বৰষুণ হোৱা ঠাইতো ইয়াৰ খেতি হয় আৰু ২৫৪ ছেণ্টিমিটাৰ বৰষুণ হোৱা অসম,পশ্চিমবংগ আদিতো ইয়াৰ খেতি ভাল হয়৷ বেছি বৰষুণ হোৱা ঠাইৰ কুঁহিয়াৰৰ গোট শকত হয় যদিও ইয়াৰ চুক্ৰুজৰ পৰিমাণ কম থাকে৷ কম বৰষুণ হোৱা ঠাইবিলাকত জলসিঞ্চনৰ প্ৰয়োজন হয়৷ কুঁহিয়াৰ খেতিৰ বাবে সমতলৰ সাৰুৱা মাটিৰ প্ৰয়োজন৷ এই মাটি ভালদৰে পানী ধৰি ৰাখিব পৰা নাইবা পানী জমা হৈ নথকা বিধৰ হ'ব লাগে৷ কুঁহিয়াৰে মাটিৰ পৰা অধিক পৰিমাণৰ নাইট্ৰ'জেন যুক্ত ৰস টানি লয় কাৰণে কুঁহিয়াৰ তলিত বিশেষকৈ নাইট্ৰ'জেনযুক্ত সাৰ প্ৰয়োজন হয়৷ ফেব্ৰুৱাৰীৰ পৰা মে' মাহলৈকে কুঁহিয়াৰ ৰোৱা হয় আৰু নৱেম্বৰৰ পৰা মাৰ্চলৈ কুঁহিয়াৰ চপোৱা হয়৷

 src=
কুঁহিয়াৰ খেতি

উৎপাদিত স্থান

ভাৰতবৰ্ষত যথেষ্ট পৰিমাণৰ কুঁহিয়াৰ খেতি হয়৷ কেৱল গংগা সমভূমিৰ পৰাই ভাৰতৰ ৫০ শতাংশ কুঁহিয়াৰ উৎপন্ন হয়৷ উত্তৰ প্ৰদেশ,বিহাৰ,পশ্চিমবংগ,পঞ্জাৱ,হাৰিয়ানা,মহাৰাষ্ট্ৰ,তামিলনাডু আদি ৰাজ্যসমূহত যথেষ্ট পৰিমাণে কুঁহিয়াৰ উৎপন্ন হয়৷ দাক্ষিণাত্যৰ ব-দ্বীপবোৰত জলসিঞ্চনৰ দ্বাৰা কুঁহিয়াৰ খেতি কৰা হয়৷[1]

ব্যৱহাৰ

পূজা-পাতল, ঔষধ, চেনী আৰু গুড় প্ৰস্তুতকৰণত।

আৰু চাওক

তথ্য সংগ্ৰহ

  1. উচ্চতৰ মাধ্যমিক ভূগোল বিজ্ঞান" দ্বিতীয় খণ্ড (দ্বিতীয় বাৰ্ষিকৰ বাবে),লেখকদ্বয় - ড° লোকেশ্বৰ নাথ আৰু ড° চাৰু চহৰীয়া নাথ৷ প্ৰকাশক - স্বস্ত্যয়ন বুক ষ্টল,খাৰুপেটীয়া (দৰং)৷
licence
cc-by-sa-3.0
droit d’auteur
Wikipedia authors and editors

কুঁহিয়াৰ: Brief Summary ( assamais )