লাটুমণি লতা (বৈজ্ঞানিক নাম: Abrus precatorius), বা "Gunja", Jequirity, Crab's Eye, Rosary Pea, John Crow Bead, Precatory bean, Indian Licorice, Akar Saga, Giddee Giddee বা ত্ৰিনিদাদ আৰু টবেগ'ৰ Jumbie Bead[1] এজোপা পাতল, চিৰহৰিৎ লতা গছ। ই বৃক্ষ, জোপোহা আদি গছত বগায়। ই এবিধ ছিৰা ফল (ইংৰাজী: legume) যুক্ত, দীঘলীয়া যৌগিক পত্ৰযুক্ত (pinnate-leafleted) উদ্ভিদ।
গছজোপাৰ গুটিবোৰ দেখাত অত্যন্ত আকৰ্ষণীয় আৰু কেতিয়াবা ইয়াক পাৰকিউশ্যন বাদ্যযন্ত্ৰত (percussion instruments) ব্যৱহাৰ কৰা হয়। এব্ৰিন (ইংৰাজী: abrin) অৰ উপস্থিতিৰ হেতুকে এইবোৰ বিশাক্ত। ই ইন্দোনেছিয়াৰ স্থানীয় আৰু ক্ৰান্তীয় জলবায়ুত গজে। ই প্ৰায়েই অপতৃণ হৈ উঠাৰ প্ৰৱণতাসম্পন্ন।
এব্ৰিন (ইংৰাজী: abrin) নামৰ বিষাক্ত যোগবিধ এবিধ (ইংৰাজী: protein dimer), ইয়াৰ A আৰ B নামৰ দুটা প্ৰটিন (ইংৰাজী: protein) উপাংশ (ইংৰাজী: Protein subunit) আছে। B শিকলি (chain) ডালে কোষ বেৰৰ (ইংৰাজী: cell membrane) কোনো কোনো (ইংৰাজী: transport protein) লগত বন্ধনীযুক্ত হৈ বিষবিধক কোষৰ ভিতৰলৈ পৰিবাহিত কৰায়। কোষৰ ভিতৰত সোমোৱাৰ পাছত A শিকলিডালে ৰাইব'জমৰ (ইংৰাজী: ribosome) 26S উপাংশক নিস্ক্ৰিয় কৰি কোষৰ প্ৰটিন ছিন্থেছিছ (ইংৰাজী: protein synthesis) ব্যাহত কৰে। এব্ৰিনৰ এটা অণুৱেই ১,৫০০ পৰ্য্যন্ত ৰাইব'জমক নিস্ক্ৰিয় কৰিব পাৰে।
বিষক্ৰিয়াৰ লক্ষণসমূহ ৰিচিন (ইংৰাজী: ricin) ’ৰ সৈতে একে, প্ৰভেদ এয়ে যে এব্ৰিন প্ৰায় দুগুণ বেছি শক্তিশালী। এব্ৰিনৰ মাৰক পৰিমাণ ৰিচিনতকৈ প্ৰায় ৭৫ গুণ কম। মানুহৰ ক্ষেত্ৰত এই পৰিমাণ ০.১-১ মাইক্ৰগ্ৰাম/কিল’ গ্ৰাম। গুটি গোটকৈয়ে খালে হোৱা বিষক্ৰিয়াৰ প্ৰত্যক্ষ প্ৰমাণ (clinical finding) নাথাকে, কাৰণ ডাঠ খোলাৰ গুটিবোৰ পাচনতন্ত্ৰৰ মাজেৰে তেনেকৈয়ে পাৰ হৈ যায়।[2]
তামিল ভাষাত kudri mani আৰু তেলেগু ভাষাত guru ginja বোলা Abrus precatoriusক সিদ্ধ ঔষধত (ইংৰাজী: Siddha medicine) হিচাবে পুৰণি কালৰে পৰা ব্যৱহৃত হৈ আহিছে। তামিল সিদ্ধসকলে (Siddhars) উদ্ভিদৰ বিষ আৰু ইহঁতৰ বিভিন্ন শুদ্দ্ধিকৰণ (suththi seythal) প্ৰক্ৰিয়াৰ বিষয়ে জানিছিল।
২০১২ চনৰ মাৰ্চত ইডেন প্ৰজেক্ট (ইংৰাজী: Eden Project) ’ৰ দ্বাৰা ইংলণ্ডত লাটুমণি গুটি ব্যৱহাৰ কৰা কিছুমান ব্ৰেচলেট ওভোটাই লোৱা হয়।[3]
গছবিধ ঘোঁৰাৰ বাবেও বিষযুক্ত।
লাটুমণি গুটিৰ আকৰ্ষণীয় ৰঙৰ বাবে কোনো কোনো আদিবাসীয়ে ইয়াক অলংকাৰত ব্যৱহাৰ কৰে। গুটিবোৰ সাধাৰণতে লেডীবাগ (ইংৰাজী: ladybug) পোকটোৰ দৰে উজ্বল ৰঙা আৰু ক'লা বৰণীয়া। লাটুমণি গুটিৰ অলংকাৰ তৈয়াৰ কৰাও বিপদ্জনক হ'ব পাৰে, মালাৰ বাবে গুটি ফুটা কৰোঁতে খোঁচ খাই কাৰিকৰৰ বিষক্ৰিয়া হৈ মৰাৰো উদাহৰণ আছে।[উদ্ধৃতিৰ প্ৰয়োজন].
ত্ৰিনিডাডত লাটুমণি গূটিৰ মালা দেও-ভুত খেদাবলৈ আৰু মুখ নালাগিবলৈ (mal-yeux) বা (ইংৰাজী: evil eye) হাত আৰু ভৰিৰ সৰুগাঁঠিত পিন্ধা হয়। তামিলসকলেও লাটুমণি গুটি ব্যৱহাৰ কৰে।
লাটুমণি গুটিৰ ওজন সকলো গুটিৰে ক্ষেত্ৰত প্ৰায় সমান আৰু সোণাৰীসকলে ইয়াৰ ওজনক "ৰতি" বুলি ব্যৱহাৰ কৰে। (৮ ৰতি = ১ মাশ্বা (Masha), ১২ মাশ্বা = ১ তোলা, ১ তোলা = প্ৰায় ১১.৬ গ্ৰাম)
উত্তৰ ভাৰতত শালগ্ৰাম পূজাত "স্মৃতি ৰাধাৰাণী"ক প্ৰতিনিধিত্ব কৰি লাটুমণি গুটি ব্যৱহাৰ কৰা হয়। গৌড়ীয় বৈষ্ণৱ কথামতে শ্ৰী চৈতন্য মহাপ্ৰভূৱে ইয়াক ৰাধাৰ ভৰিৰ লগত তুলনা কৰিছিল।[4]
সিদ্ধ আয়ুৰ্বেদত বগা লাটুমণি গুটিৰ তেলক যৌন উত্তেজক বুলি দাবী কৰা হয়।[5] গছৰ পাতৰ চাহপানী (উতলোৱা পানী) জ্বৰ, কাহ আৰু পানীলগাৰ দৰব হিচাবে ব্যৱহাৰ কৰা হয়।[6] বিশাক্ত গুটিবোৰ বিশুদ্ধিকৰণৰ পাচতহে ব্যৱহাৰ কৰা হয়।[7]
পৰীক্ষাগাৰত এন্দুৰৰ ওপৰত লাটুমণিৰ বিভিন্ন নিষ্কাশৰ পৰীক্ষা কৰা হৈছে যদিও মানুহৰ ওপৰত ইয়াৰ প্ৰভাৱৰ অধ্যয়নৰ তথ্য নাই।
Abrus precatorius has different names in various Indian languages.[11]
লাটুমণি লতা (বৈজ্ঞানিক নাম: Abrus precatorius), বা "Gunja", Jequirity, Crab's Eye, Rosary Pea, John Crow Bead, Precatory bean, Indian Licorice, Akar Saga, Giddee Giddee বা ত্ৰিনিদাদ আৰু টবেগ'ৰ Jumbie Bead এজোপা পাতল, চিৰহৰিৎ লতা গছ। ই বৃক্ষ, জোপোহা আদি গছত বগায়। ই এবিধ ছিৰা ফল (ইংৰাজী: legume) যুক্ত, দীঘলীয়া যৌগিক পত্ৰযুক্ত (pinnate-leafleted) উদ্ভিদ।
গছজোপাৰ গুটিবোৰ দেখাত অত্যন্ত আকৰ্ষণীয় আৰু কেতিয়াবা ইয়াক পাৰকিউশ্যন বাদ্যযন্ত্ৰত (percussion instruments) ব্যৱহাৰ কৰা হয়। এব্ৰিন (ইংৰাজী: abrin) অৰ উপস্থিতিৰ হেতুকে এইবোৰ বিশাক্ত। ই ইন্দোনেছিয়াৰ স্থানীয় আৰু ক্ৰান্তীয় জলবায়ুত গজে। ই প্ৰায়েই অপতৃণ হৈ উঠাৰ প্ৰৱণতাসম্পন্ন।