dcsimg

জেটুলি পকা ( الأسامية )

المقدمة من wikipedia emerging languages

জেটুলি পকা (বৈজ্ঞানিক নাম: Rubus moluccanus; ইংৰাজী: Molucca bramble বা broad-leaf bramble[2] ) এজোপা বনৰীয়া জোপোহা উদ্ভিদ৷ [3]

বিস্তৃতি

জেটুলি পকা অষ্ট্ৰেলিয়াৰ কুইনছলেণ্ডৰ পৰা ভিক্টোৰিয়ালৈ আৰু ভাৰতৰ উত্তৰ-পূবত অসম, মেঘালয়, নাগালেণ্ড আৰু অৰুণাচল প্ৰদেশত বিস্তৃত হৈ থকা এবিধ থলুৱা উদ্ভিদ৷

বিৱৰণ

জেটুলি পকাৰ গছজোপাই গুৰিৰ পৰা প্ৰসাৰতা লাভ কৰি জোপোহা আকৃতি লয়৷ ইয়াৰ গা-গছ আৰু ঠাল-ঠেঙুলিবোৰৰ উপৰিভাগ ছাই বৰণীয়া হয়৷ গাঠিয়ে গাঠিয়ে হাকুটিৰ দৰে কাঁইট ওলায়৷[3]

ইয়াৰ পাতবোৰ ২-১৫ ছেমি দীঘল আৰু ৩-১০ ছেমি বহল হয়৷[4] জেটুলি পকাৰ ফুলৰ বৰণ গুলপীয়া আৰু ফুলবোৰ থোাপাথোপে ওলায়৷ ফুলবোৰ পুৰঠ হ’লে মিঠা সোৱাদৰ ফল উৎপন্ন হয়৷[3]

ব্যৱহাৰ

জেটুলি পকাৰ ফল মানুহে খায়৷ লগতে ফলৰ পৰা জাম আৰু চচ আদিও তৈয়াৰ কৰা হয়৷ তাৰোপৰি ফলত পৰ্য্যাপ্ত পৰিমাণে ভিটামিন চি থকা বাবে জেটুলি পকাৰ পৰম্পৰাগত ঔষধ হিচাপেও ব্যৱহাৰ কৰা হয়৷

তথ্যসূত্ৰ

  1. "Rubus moluccanus". Australian Plant Name Index (APNI), IBIS database. Centre for Plant Biodiversity Research, Australian Government, Canberra. http://www.anbg.gov.au/cgi-bin/apni?TAXON_NAME=Rubus+moluccanus। আহৰণ কৰা হৈছে: 2009-07-12.
  2. "Rubus moluccanus". Australian Native Plants Society (Australia) - ANPSA. http://asgap.org.au/r-mol.html। আহৰণ কৰা হৈছে: 2009-07-12.
  3. 3.0 3.1 3.2 অসমৰ উদ্ভিদ কোষ'- ফটিক চন্দ্ৰ গগৈ; অসম প্ৰকাশন পৰিষদ, প্ৰথম প্ৰকাশ: ডিছেম্বৰ ২০০৭
  4. PlantNET, Rubus moluccanus plant profile

ترخيص
cc-by-sa-3.0
حقوق النشر
Wikipedia authors and editors
النص الأصلي
زيارة المصدر
موقع الشريك
wikipedia emerging languages

জেটুলি পকা: Brief Summary ( الأسامية )

المقدمة من wikipedia emerging languages

জেটুলি পকা (বৈজ্ঞানিক নাম: Rubus moluccanus; ইংৰাজী: Molucca bramble বা broad-leaf bramble ) এজোপা বনৰীয়া জোপোহা উদ্ভিদ৷

ترخيص
cc-by-sa-3.0
حقوق النشر
Wikipedia authors and editors
النص الأصلي
زيارة المصدر
موقع الشريك
wikipedia emerging languages