ইলীহ মাছ, ইলীহি মাছ বা ইলিছ মাছ (ইংৰাজী: Ilish) (বৈজ্ঞানিক নাম:Tenualosa ilisha) বাংলাদেশৰ জাতীয় মাছ। এই মাছ বাঙালী সকলৰ মাজত অতি জনপ্ৰিয়। ইলিছ এবিধ সামূদ্ৰিক মাছ, কিন্তু কণী পাৰিবলৈ নদীত প্ৰৱেশ কৰে। । তদুপৰি খাদ্য হিচাপে ইলিছ ভাৰতৰ বিভিন্ন ৰাজ্য যেনে, পশ্চিমবংগ, উৰিষ্যা, ত্ৰিপুৰা আৰু অসমত অত্যন্ত জনপ্ৰিয় মাছ। বঙালী ভাষা আৰু অসমীয়া ভাষাত ইলিছ শব্দটো পোৱা যায়। অসমীয়া ভাষাত "ইলিছ" শব্দটো বঙালী নাইবা আন কোনো অসমীয়া-বঙালী ভাষাগোষ্ঠীৰ ভাষাৰ পৰা তুলি অনা হৈছে। ইয়াৰ থলুৱা অসমীয়া নাম "ইলীহ" বা "ইলীহি"। বেলেগ বেলেগ ভাষাত ইলিছৰ নাম বেলেগ বেলেগ, যেনে তেলেগু ভাষাত পোলাছা (তেলেগু: పులస Pulasa or Polasa), আৰু পাকিস্তানৰ সিন্ধী ভাষাত পাল্লু মাচ্ছি (Sindhī: پلو مڇي Pallu Machhi), ওড়িয়া ভাষাত ইলিছি (ওড়িয়া: ଇଲିଶି Ilishii) গুজৰাটত ইলিছ মাছক মোদেন (মাইকী) বা পালভা (মতা) নামে পৰিচিত। ইলিছ অৰ্থনৈতিকভাৱে অতি গুৰুত্বপূৰ্ণ গ্ৰীষ্মমণ্ডলীয় মাছ। বংগোপসাগৰৰ ব-দ্বীপাঞ্চল, পদ্মা-মেঘনা- যমুনা নদীৰ মোহনাৰ হাওৰৰ পৰা প্ৰতি বছৰে প্ৰচুৰ পৰিমাণে ইলিছ মাছ ধৰা হয়। ই এবিধ সামুদ্ৰিক মাছ কিন্তু ই ডাঙৰ নদীত কণী পাৰে। কণী ফুটি পোৱালি ওলাই ডাঙৰ হলে আলু সাগৰলৈ ঘূৰি যায়। এই মাছৰ বহুতো সৰু সৰু কাঁইট আছে বাবে অতি সাৱধানে খোৱা উচিত। [1]
যদিও ইলিছ সাগৰীয় মাছ আৰু বেছিভাগ সময় সাগৰতে থাকে কিন্তু বংশবিস্তাৰৰ বাবে প্ৰায় ১২০০ কিমি পৰ্যন্ত দূৰত্ব অতিক্ৰ্ম কৰি ভাৰতীয় উপমহাদেশৰ নদীত পোৱালি জগায়। ইলিছ প্ৰধানত পদ্মা ( গংগাৰ কিছু অংশ), মেঘনা (ব্ৰহ্মপুত্ৰৰ কিছু অংশ) আৰু গোদাবৰী নদীত প্ৰচুৰ পৰিমাণে পোৱা যায়। ইয়াৰে ভিতৰত পদ্মাৰ ইলিছৰ সোৱাদ আটাইতকৈ ভাল বুলি গণ্য কৰা হয়। ভাৰতৰ ৰূপনাৰায়ণ নদী, গংগা নদী, গোদাবৰী নদী ইলিছ আৰু ইয়াৰ কণীৰ বাবে বিখ্যাত। ইলিছ মাছ সাগৰৰ পৰাও ধৰা হয় কিন্তু ই নদীৰ ইলিছৰ সমান সুস্বাদু নহয়। দক্ষিণ পাকিস্তানৰ প্ৰদেশতো এই মাছ পোৱা যায়। তাত এই মাছ পাল্লা নামে পৰিচিত। এই মাছ অলপ গভীৰ পানীত থাকি ভাল পায়। বৰ্তমান সিন্ধু নদীৰ গভীৰতা কমি যোৱাৰ বাবে এই মাছ কমকৈ পোৱা যায়।[2]
ইলীহৰ বৈজ্ঞানিক নাম Tenualosa ilisha । ইয়াক ইংৰাজীত Hilsa বোলে। ই Clupeidae পৰিয়ালৰ(family) অন্তৰ্গত। ইলীহ বাংলাদেশ আৰু পশ্চিমবংগৰ স্থানীয় (Native) মাছ।
ইলিছ সাগৰীয় মাছ। সাধাৰণতে ডাঙৰ নদী আৰু মোহনাত সংযুক্ত খালত বৰ্ষাকালত ইয়াক পোৱা যায়। এই সময়ত ইলিছ মাছ কণী পাৰিবলৈ সাগৰৰ ৰা নদীলৈ আহে। ইয়াক মিনপালনত ব্যৱহাৰ কৰিব নোৱাৰি। জালুৱৈ সকলে মাছ ধৰা নাৱেৰে নদীত গৈ জাল পেলাই এই মাছ ধৰে। তাৰ পিছত এই মাছ উপকূলৰ ঘাটত অনা হয়। তাৰ পৰা বৰফ দি দেশৰ দুৰৱৰ্তী বিভিন্ন স্থানত প্ৰেৰণ কৰা হয়। বাংলাদেশৰ চান্দপুৰ জিলাৰ তিনি নদীৰ মিলন স্থলত ইলিছ মাছ বেছি পোৱা যায়। ভাৰত আৰু বাংলাদেশে ইলিছ মাছ ৰপ্তানি কৰি প্ৰচুৰ বৈদেশিক মুদ্ৰা অৰ্জন কৰে।[3]
ইলিছ এবিধ চৰ্বিযুক্ত মাছ আৰু ইয়াত প্ৰচুৰ পৰিমাণে অমেগা ৩ ফেটি এচিড পোৱা যায়। সাম্প্ৰতিক গৱেষণাত পোৱা গৈছে যে, এই এচিড এন্দুৰৰ কলেষ্ট্ৰল আৰু ইনচুলিনৰ মাত্ৰ কমাই দিয়াত সহায় কৰে।
সৰিয়হৰ সৈতে ইলিছ, ভাপত দিয়া ইলিছ, ইলিছৰ কালঠি, কুৰকুৰীয়া কৈ ভজা, আৰু জোল অতি জনপ্ৰিয়। কচুৰ পাত আৰু ইলিছৰা কাঁইট, মাথা ইত্যাদিৰে তৈয়াৰ কৰা ঘন্ট এক প্ৰকাৰৰ বিশেষ খাদ্য। কণী থকা মাছ আৰু সুগন্ধি ছালেৰে ভাতুৰী বা ইলিছ মাছৰ পোলাও বনোৱা হয়। ইয়াক প্ৰধানকৈ বৰ্ষাকালত বেছিকৈ খোৱা হয়। ইলিছ মাছৰ প্ৰায় ৫০ ধৰণৰ ৰন্ধন প্ৰণালী আছে বুলি কোৱা হয়। ইলিছৰ কণীও অতি জনপ্ৰিয়। এই মাছ ৰান্ধোতে অতি কম পৰিমাণৰ তেলৰ দৰকাৰ হয়। উত্তৰ আমেৰিকাত ইলিছ সকলো সময়ত পোৱা নাযায় বাবে, তাৰ অধিবাসী সকলে চাদ মাছক ইলিছৰ বিকল্পত ব্যৱহাৰ কৰে। চাদ মাছৰ ৰং আৰু সোৱাদ প্ৰায় ইলিছৰ নিচিনা।[4]
বাঙালী হিন্দু সকলে বিভিন্ন পূজাৰ শুভ দিনত যোৰা ইলিছ কিনে। সৰস্বতী পূজা আৰু লক্ষ্মী পূজাত যোৰা ইলিছ কিনা খুব শুভ বুলি গণ্য কৰা হয়। বহুতে লক্ষ্মী দেৱীক ইলিছ মাছ উচৰ্গা কৰে। অনেকৰ মতে ইলিছ মাছ উচৰ্গা নকৰিলে পূজা সম্পূৰ্ণ নহয় বুলি বিশ্বাস কৰে।
ইলীহ মাছ, ইলীহি মাছ বা ইলিছ মাছ (ইংৰাজী: Ilish) (বৈজ্ঞানিক নাম:Tenualosa ilisha) বাংলাদেশৰ জাতীয় মাছ। এই মাছ বাঙালী সকলৰ মাজত অতি জনপ্ৰিয়। ইলিছ এবিধ সামূদ্ৰিক মাছ, কিন্তু কণী পাৰিবলৈ নদীত প্ৰৱেশ কৰে। । তদুপৰি খাদ্য হিচাপে ইলিছ ভাৰতৰ বিভিন্ন ৰাজ্য যেনে, পশ্চিমবংগ, উৰিষ্যা, ত্ৰিপুৰা আৰু অসমত অত্যন্ত জনপ্ৰিয় মাছ। বঙালী ভাষা আৰু অসমীয়া ভাষাত ইলিছ শব্দটো পোৱা যায়। অসমীয়া ভাষাত "ইলিছ" শব্দটো বঙালী নাইবা আন কোনো অসমীয়া-বঙালী ভাষাগোষ্ঠীৰ ভাষাৰ পৰা তুলি অনা হৈছে। ইয়াৰ থলুৱা অসমীয়া নাম "ইলীহ" বা "ইলীহি"। বেলেগ বেলেগ ভাষাত ইলিছৰ নাম বেলেগ বেলেগ, যেনে তেলেগু ভাষাত পোলাছা (তেলেগু: పులస Pulasa or Polasa), আৰু পাকিস্তানৰ সিন্ধী ভাষাত পাল্লু মাচ্ছি (Sindhī: پلو مڇي Pallu Machhi), ওড়িয়া ভাষাত ইলিছি (ওড়িয়া: ଇଲିଶି Ilishii) গুজৰাটত ইলিছ মাছক মোদেন (মাইকী) বা পালভা (মতা) নামে পৰিচিত। ইলিছ অৰ্থনৈতিকভাৱে অতি গুৰুত্বপূৰ্ণ গ্ৰীষ্মমণ্ডলীয় মাছ। বংগোপসাগৰৰ ব-দ্বীপাঞ্চল, পদ্মা-মেঘনা- যমুনা নদীৰ মোহনাৰ হাওৰৰ পৰা প্ৰতি বছৰে প্ৰচুৰ পৰিমাণে ইলিছ মাছ ধৰা হয়। ই এবিধ সামুদ্ৰিক মাছ কিন্তু ই ডাঙৰ নদীত কণী পাৰে। কণী ফুটি পোৱালি ওলাই ডাঙৰ হলে আলু সাগৰলৈ ঘূৰি যায়। এই মাছৰ বহুতো সৰু সৰু কাঁইট আছে বাবে অতি সাৱধানে খোৱা উচিত।
যদিও ইলিছ সাগৰীয় মাছ আৰু বেছিভাগ সময় সাগৰতে থাকে কিন্তু বংশবিস্তাৰৰ বাবে প্ৰায় ১২০০ কিমি পৰ্যন্ত দূৰত্ব অতিক্ৰ্ম কৰি ভাৰতীয় উপমহাদেশৰ নদীত পোৱালি জগায়। ইলিছ প্ৰধানত পদ্মা ( গংগাৰ কিছু অংশ), মেঘনা (ব্ৰহ্মপুত্ৰৰ কিছু অংশ) আৰু গোদাবৰী নদীত প্ৰচুৰ পৰিমাণে পোৱা যায়। ইয়াৰে ভিতৰত পদ্মাৰ ইলিছৰ সোৱাদ আটাইতকৈ ভাল বুলি গণ্য কৰা হয়। ভাৰতৰ ৰূপনাৰায়ণ নদী, গংগা নদী, গোদাবৰী নদী ইলিছ আৰু ইয়াৰ কণীৰ বাবে বিখ্যাত। ইলিছ মাছ সাগৰৰ পৰাও ধৰা হয় কিন্তু ই নদীৰ ইলিছৰ সমান সুস্বাদু নহয়। দক্ষিণ পাকিস্তানৰ প্ৰদেশতো এই মাছ পোৱা যায়। তাত এই মাছ পাল্লা নামে পৰিচিত। এই মাছ অলপ গভীৰ পানীত থাকি ভাল পায়। বৰ্তমান সিন্ধু নদীৰ গভীৰতা কমি যোৱাৰ বাবে এই মাছ কমকৈ পোৱা যায়।