বেক্টেৰিয়া (ইংৰাজী: Bacteria) এবিধ সৰল আৰু অতি ক্ষুদ্ৰ এককোষী জীৱ৷ এণ্টন ফন লিউৱেনহ'ক(Anton von Leeuwenhoek,1676) নামৰ এজন ওলন্দাজ বিজ্ঞানীয়ে অণুবীক্ষণ যন্ত্ৰৰ সহায়ত পোনপ্ৰথমে কিছুমান ক্ষুদ্ৰ ক্ষুদ্ৰ জীৱৰ অস্তিত্ব পায়৷ বিজ্ঞানী এহৰনবাৰ্গ(Ehrenberg,1828)-এ এই জীৱবোৰক "বেক্টেৰিয়া" নাম দিয়ে৷ পৰৱৰ্তী সময়ত ফৰাচী বিজ্ঞানী লুই পাস্তৰ (Louis Pasteur,1822-1895) আৰু জাৰ্মান বিজ্ঞানী ৰবাৰ্ট কক (Robert Koch,1863-1910) এ নানা পৰীক্ষা-নিৰীক্ষাৰ সহায়ত প্ৰমাণ কৰে যে,উদ্ভিদ আৰু প্ৰাণীৰ বিভিন্ন ৰোগৰ কাৰণ হ'ল বেক্টেৰিয়া৷ ফৰাচী সেনাবাহিনীৰ শল্য চিকিৎসক ছেডিলট (Sedillot,1878 ) এ বেক্টেৰিয়াক অণুজীৱ বা মাইক্ৰ'বছ (microbes) আখ্যা দিয়ে৷ [2]৷
বেক্টেৰিয়াই মাটি,পানী,বতাহ,মহাকাশ সকলো ঠাইতে বাস কৰে৷ তাৰোপৰি বিভিন্ন খাদ্যবস্তু,ফল-মূল,বস্ত্ৰ,উদ্ভিদ আৰু প্ৰানীদেহ,মানুহৰ মুখগহ্বৰ,অন্ত্ৰ,জনন অংগ আদিত বেক্টেৰিয়াৰ উপস্থিতি দেখা যায়৷ বেক্টেৰিয়াই গৰম আৰু ঠাণ্ডা - দুয়োটা পৰিবেশত বাস কৰিব পাৰে৷ কিছুমান বেক্টেৰিয়াই যেনেকৈ সৰ্বনিম্ন -১৯০° C-ত বাচি থাকিব পাৰে ,ঠিক তেনেকৈ আন কিছুমানে ৭৬° C উষ্ণতাত নমৰাকৈ থাকে৷ অৰ্থাৎ বেক্টেৰিয়াৰ উষ্ণতা-তাৰতম্য সহ্য কৰা ক্ষমতা অত্যন্ত বেছি৷
আকৃতি অনুসৰি বেক্টেৰিয়াক চাৰিটা ভাগত ভগাব পাৰি৷
কক্কাছ (coccus)
এই এককোষী বেক্টেৰিয়াবিলাক দেখিবলৈ প্ৰায় গোলাকাৰ বা ডিম্বাকাৰ হয়৷ গোলাকাৰ বেক্টেৰিয়াক কক্কাছ,বহুবচনত কক্কি (cocci)বোলে৷ কক্কাছবোৰ এককভাৱে অৰ্থাৎ পৃথক পৃথক ভাৱে থাকিলে ইহঁতক মাইক্ৰ'কক্কাছ (micrococcus)বোলে৷ যেনে - মাইক্ৰ'কক্কাছ ফ্লেভাছ(Micrococcus)৷ দুটা কক্কাছ অৰ্থাৎ দুটা গোলাকাৰ কোষ একেলগে থাকিলে তাক ডিপ্ল'কক্কাছ (diplococcus) বোলে৷ যেনে - ডিপ্ল'কক্কাছ নিউম'নি(Diplococcus pneumoniae)৷ বহুতো কক্কাছ লগ হৈ শিকলিৰ দৰে হ'লে তাক ষ্ট্ৰেপ্ট'কক্কাছ (streptococcus) বোলে৷ যেনে - ষ্ট্ৰেপ্ট'কক্কাছ পায়'জেনছ(Streptococcus pyogens)৷বহুতো কক্কাছ থুপ খাই আঙুৰৰ থোপাটোৰ দৰে হ'লে,তাক ষ্টেফাইল'কক্কাছ (staphylococcus) বোলে৷ যেনে - ষ্টেফাইল'কক্কাছ অ'ৰিয়াছ(Staphylococcus aureus)৷৮,১৬ বা ততোধিক কক্কাছ লগ হৈ ঘনকৰ আকৃতি ধাৰন কৰিলে তাক ছাৰচিনি (sarcinae) বোলে৷
বেচিলাছ(Bacillus)
এইবিলাক বেক্টেৰিয়া দেখাত সৰু সৰু পোন দণ্ডৰ দৰে৷ দণ্ডাকাৰ বেক্টেৰিয়াক বেচিলাছ ,বহুবচনত বেচিলি (bacilli) বোলে৷ কক্কাছৰ দৰে বেচিলি বিভিন্ন প্ৰকাৰৰ হয় -
ক'মাকৃতি বা ভিব্ৰিঅ'(Comma shaped or vibrio)) এইপ্ৰকাৰ বেক্টেৰিয়া দেখিবলৈ 'ক'মা' চিহ্নটোৰ দৰে৷ ক'মাকৃতিৰ বেক্টেৰিয়াক ভিব্ৰিঅ'(vibrio) ,বহুবচনত ভিব্ৰিঅ'ছ (vibrios) বোলে৷ যেনে - ভিব্ৰিঅ'ক'লেৰি (Vibrio cholerae)৷
কোষীয়(cellular) জীৱৰ ভিতৰত বেক্টেৰিয়াই আটাইতকৈ ক্ষুদ্ৰতম জীৱ৷ সাধাৰণতে বেক্টেৰিয়াৰ আকাৰ ০.৫-১.০×২.০-৫.০μm আৰু বহলে ২-৩μm ৷ আটাইতকৈ ক্ষুদ্ৰতম বেক্টেৰিয়াটো হ'ল ডায়ালিষ্টাৰ নিউম'ছিণ্টছ(Dialister pneumosintes),যি দীঘলে প্ৰায় ০.১৫μm হয়৷ আনহাতে বৃহৎ বেক্টেৰিয়াটো হ'ল বেচিলাছ বুটছচিল্লী(Bacillus butshilli),যি দীঘলে প্ৰায় ৮০μm ৷
বেক্টেৰিয়াই অংগজ,অযৌন আৰু যৌন প্ৰজনন প্ৰক্ৰিয়াৰে বংশবৃদ্ধি কৰে৷
অংগজ প্ৰজনন(Vegetative reproduction)
বেক্টেৰিয়াই দ্বি-বিভাজনআৰু মুকুলোদগম পদ্ধতিৰদ্বাৰা অংগজ প্ৰজনন কৰে৷
অযৌন প্ৰজনন(Asexual reproduction)
প্ৰতিকূল পৰিবেশত কিছুমান বেক্টেৰিয়াই (যেনে-বেচিলাছ আৰু ক্লছট্ৰিডিয়াম) কোষত কোষপ্ৰৰসখিনি সংকুচিত হয় আৰু ইয়াৰ চাৰিওফালে এখন ডাঠ আৱৰণৰ সৃষ্টি হয়৷ ডাঠ আৱৰণেৰে সৈতে কোষস্থ সংকুচিত কোষপ্ৰৰসখিনিক অন্ত:ৰেণু(endospore) বোলে৷ অনুকূল পৰিবেশত অন্ত:ৰেণু বেক্টেৰিয়া কোষবেৰ ফাটি ওলাই আহে আৰু অংকুৰিত হৈ অপত্য বেক্টেৰিয়াৰ সৃষ্টি কৰে৷
ইয়াৰ বাহিৰেও কিছুমান বেক্টেৰিয়া কোষৰ কোষপ্ৰৰসখিনি খণ্ডিত হৈ কিছুমান ক্ষুদ্ৰ ক্ষুদ্ৰ ফ্লেজেলাযুক্ত অন্ত:ৰেণুৰ সৃষ্টি হয়৷ এই অন্ত:ৰেণুবোৰক গনিডিয়া(gonidia)বোলে৷ গনিডিয়াবোৰ মাতৃ কোষবেৰ ধ্বংস হোৱাৰ পিছত বাহিৰলৈ ওলাই আহি অপত্য বেক্টেৰিয়াৰ সৃষ্টি কৰে৷ আনহাতে,সূত্ৰকাৰ বেক্টেৰিয়া টুকুৰা-টুকুৰ হৈ ৰেণু বা কনিডিয়া (conidia) গঠন কৰে৷ এইবিলাক অনুকুল পৰিবেশত অংকুৰিত হৈ অপত্য বেক্টেৰিয়াৰ সৃষ্টি হয়৷
যৌন প্ৰজনন(Sexual reproduction)
বেক্টেৰিয়াৰ যৌন প্ৰজনন প্ৰক্ৰিয়া সংকোষকেন্দ্ৰীয়(eukaryotic) জীৱতকৈ বেলেগ৷ এইবিলাকৰ যৌন প্ৰজননৰ সময়ত সংকোষকেন্দ্ৰীয় জীৱৰ দৰে কোনো ধৰণৰ জননকোষ(gamete) বা যোজনকোষ(zygote) ৰ সৃষ্টি নহয়,তাৰ সলনি বংশগতি নিৰ্ণায়ক পদাৰ্থৰ কোনো অংশ এটা কোষ দাতা(donor) ৰপৰা আন এটা কোষ গ্ৰহীতা(recipient) লৈ স্থানান্তৰ হয়৷ ফলত গ্ৰহীতা বেক্টেৰিয়া কোষৰ গুণগত পাৰ্থক্য দেখা যায়৷ এই প্ৰক্ৰিয়াটোক জিনগত পুনৰ সংযোজন(genetic recombination) বোলে৷ পিছত গ্ৰহীতা বা পুনৰ সংযোজিত বেক্টেৰিয়া কোষটোৱে দ্বি-বিভাজন পদ্ধতিৰে প্ৰজনন কৰে৷
বেক্টেৰিয়া (ইংৰাজী: Bacteria) এবিধ সৰল আৰু অতি ক্ষুদ্ৰ এককোষী জীৱ৷ এণ্টন ফন লিউৱেনহ'ক(Anton von Leeuwenhoek,1676) নামৰ এজন ওলন্দাজ বিজ্ঞানীয়ে অণুবীক্ষণ যন্ত্ৰৰ সহায়ত পোনপ্ৰথমে কিছুমান ক্ষুদ্ৰ ক্ষুদ্ৰ জীৱৰ অস্তিত্ব পায়৷ বিজ্ঞানী এহৰনবাৰ্গ(Ehrenberg,1828)-এ এই জীৱবোৰক "বেক্টেৰিয়া" নাম দিয়ে৷ পৰৱৰ্তী সময়ত ফৰাচী বিজ্ঞানী লুই পাস্তৰ (Louis Pasteur,1822-1895) আৰু জাৰ্মান বিজ্ঞানী ৰবাৰ্ট কক (Robert Koch,1863-1910) এ নানা পৰীক্ষা-নিৰীক্ষাৰ সহায়ত প্ৰমাণ কৰে যে,উদ্ভিদ আৰু প্ৰাণীৰ বিভিন্ন ৰোগৰ কাৰণ হ'ল বেক্টেৰিয়া৷ ফৰাচী সেনাবাহিনীৰ শল্য চিকিৎসক ছেডিলট (Sedillot,1878 ) এ বেক্টেৰিয়াক অণুজীৱ বা মাইক্ৰ'বছ (microbes) আখ্যা দিয়ে৷ ৷