ইটাগুৰীয়া হাইঠা (ইংৰাজী: Pompadour Green Pigeon, বৈজ্ঞানিক নাম-Treron sp.) 'Treron' গোত্ৰৰ অন্তৰ্ভুক্ত এবিধ মজলীয়া আকাৰৰ চৰাইৰ প্ৰজাতি৷ ই দক্ষিণ তথা দক্ষিণ-পূব এছিয়াত বহুলভাৱে বিস্তৃত হৈ আছে৷
ইটাগুৰীয়া হাইঠাৰ দেহটো থোপোকা (stocky) আৰু দেখাত পাৰ চৰাইৰ দৰে৷ ইয়াৰ দেহৰ দৈৰ্ঘ্য প্ৰায় ২৫-২৮ ছে:মি: হয়৷ [2] ইয়াৰ মূৰটো সেউজীয়া বা সেউজ-হালধীয়া ধৰণৰ, তলৰ অংশ সেউজীয়া৷ ইয়াৰ মূৰৰ ওপৰৰ অংশ মটীয়া হোৱা দেখা যায়৷ [2]ইটাগুৰীয়া হাইঠাৰ ডেউকা দুখন শেঁতা বগা বা হালধীয়া ধৰণৰ৷ [3]
ইটাগুৰীয়া হাইঠাৰ ছবিধ উপ-প্ৰজাতি বৰ্তমানলৈকে চিনাক্ত হৈছে৷ এইবোৰ হ'ল[4][2]
ইটাগুৰীয়া হাইঠা দক্ষিণ এছিয়াৰ ভাৱত, শ্ৰীলংকা ৰ পৰা ফিলিপাইনছ]লৈকে বহুলভাৱে বিস্তৃত হৈ আছে৷ ভাৰতত ইয়াক প্ৰধানকৈ দাক্ষিণাত্য (Western Ghats) আৰু উত্তৰ-পূব ভাৰত তথা আন্দামান আৰু নিকোবৰ দ্বীপপূঞ্জত দেখা পোৱা যায়৷
ইটাগুৰীয়া হাইঠা সাধাৰণতে যুৰীয়াকৈ বা অকলশৰে থকা দেখা যায়৷ ই খৰকৈ আৰু পোনে পোনে উৰিব পাৰে৷
ইটাগুৰীয়া হাইঠাই ফল-মূল আৰু বিভিন্ন উদ্ভিদ আদি খাই জীয়াই থাকে৷
ইহঁতে গছৰ ডালত বাহ সাজে৷ এবাৰত দুটাকৈ বগা কণী পাৰে৷
ইটাগুৰীয়া হাইঠা (ইংৰাজী: Pompadour Green Pigeon, বৈজ্ঞানিক নাম-Treron sp.) 'Treron' গোত্ৰৰ অন্তৰ্ভুক্ত এবিধ মজলীয়া আকাৰৰ চৰাইৰ প্ৰজাতি৷ ই দক্ষিণ তথা দক্ষিণ-পূব এছিয়াত বহুলভাৱে বিস্তৃত হৈ আছে৷