dcsimg
水同木的圖片
Life » » Archaeplastida » » 木蘭綱 » » 桑科 »

水同木

Ficus fistulosa Reinw. ex Bl.

মন ডিমৰু ( 阿薩姆語 )

由wikipedia emerging languages提供

মন ডিমৰু বা এৱাঁ ডিমৰু (Ficus fistulosa)[1] মোৰেছি (Moraceae) পৰিয়ালৰ এবিধ সৰু আকাৰৰ ডিমৰু জাতীয় গছ[2][3] এই গছজোপা অসমৰ পৰা টাইৱান, চীন, মালয়েছিয়া, ভিয়েটনাম আৰু নিউগিনি পৰ্যন্ত দেখা পোৱা যায়৷[4] [5]

বিৱৰণ

এই ডিমৰুৰ ঠাল-ঠেঙুলিবোৰ ফেৰেঙণি মেলি প্ৰায়ে জোপোহাৰ আকৃতি লয়৷ বাকলিৰ ৰং মুগা-চানেকীয়া আৰু উপৰভাগ সাধাৰণতে নিমজ৷

মন ডিমৰুৰ পাতৰ আকাৰ ডাঙৰ, গুৰিৰফালে বহল আৰু আগফালে ক্ৰমে সৰু বা ঠেক হৈ যোৱা দেখা যায়৷ পাতৰ দাঁতিত কোনো খাঁজ কটা দাগ নাথাকে৷ তলৰ লুটিত সাধাৰণতে ক্ষুদ্ৰ ক্ষুদ্ৰ ফুটা থাকে৷ পাতৰ ঠাৰিডাল অলপ দীঘল হয়৷[3]

প্ৰজনন

মন ডিমৰুৰ পুং পুষ্পৰ সংখ্যা তুলনামূলকভাৱে কম৷ স্ত্ৰী-পুষ্পৰ গৰ্ভকেশৰত পুষ্পৰ ৰেণু সংস্থাপিত হৈ ফল ধৰে৷ ফলৰ আকাৰ সৰু হয়৷[3]

তথ্যসূত্ৰ

  1. Blume CW (1825) In: Bijdr. Fl. Ned. Ind.: 470.
  2. Roskov Y., Kunze T., Orrell T., Abucay L., Paglinawan L., Culham A., Bailly N., Kirk P., Bourgoin T., Baillargeon G., Decock W., De Wever A., Didžiulis V. (ed) (2014). "Species 2000 & ITIS Catalogue of Life: 2014 Annual Checklist.". Species 2000: Reading, UK.. http://www.catalogueoflife.org/annual-checklist/2014/details/species/id/16799178। আহৰণ কৰা হৈছে: 6 April 2019.
  3. 3.0 3.1 3.2 'অসমৰ উদ্ভিদ কোষ'- ফটিক চন্দ্ৰ গগৈ; অসম প্ৰকাশন পৰিষদ, প্ৰথম প্ৰকাশ: ডিছেম্বৰ ২০০৭
  4. "Plants of the World Online". http://www.plantsoftheworldonline.org/taxon/urn:lsid:ipni.org:names:852846-1। আহৰণ কৰা হৈছে: 8 April 2019.
  5. Phạm Hoàng Hộ (2003) Cây Cỏ Việt Nam: an Illustrated Flora of Vietnam vol. II publ. Nhà Xuẩt Bản Trẻ, HCMC, VN.


許可
cc-by-sa-3.0
版權
Wikipedia authors and editors
原始內容
參訪來源
合作夥伴網站
wikipedia emerging languages

মন ডিমৰু: Brief Summary ( 阿薩姆語 )

由wikipedia emerging languages提供

মন ডিমৰু বা এৱাঁ ডিমৰু (Ficus fistulosa) মোৰেছি (Moraceae) পৰিয়ালৰ এবিধ সৰু আকাৰৰ ডিমৰু জাতীয় গছ৷ এই গছজোপা অসমৰ পৰা টাইৱান, চীন, মালয়েছিয়া, ভিয়েটনাম আৰু নিউগিনি পৰ্যন্ত দেখা পোৱা যায়৷

許可
cc-by-sa-3.0
版權
Wikipedia authors and editors
原始內容
參訪來源
合作夥伴網站
wikipedia emerging languages