বৰবালি বগুৱা (ইংৰাজী: Wood Sandpiper, বৈজ্ঞানিক নাম-Tringa glareola) এবিধ সৰু আকাৰৰ জলচৰ চৰাইৰ প্ৰজাতি৷ ই 'wader' গোটৰ অন্তৰ্ভুক্ত৷
বিৱৰণ
বৰবালি বগুৱাৰ ঠৌঁট চুটি, ঠেং দীঘল আৰু হালধীয়া আৰু পিঠি অংশ মটিয়া হোৱা দেখা যায়৷ [2][3]
বিতৰণ
বৰবালি বগুৱাই প্ৰধানত: ইউৰোপ আৰু এছিয়াৰ বিভিন্ন জলাশয় সমূহত প্ৰজনন কৰে৷ ই আফ্ৰিকা, দক্ষিণ এছিয়া আৰু অষ্ট্ৰেলিয়ালৈ প্ৰব্ৰজন কৰে বুলিও জনা যায়৷ তাৰোপৰি অক্টোবৰ আৰু মে মাহত ইয়াক বিভিন্ন প্ৰশান্ত মহাসাগৰীয় দ্বীপ সমূ্হতো দেখা পোৱা যায়৷ [4]
বাসস্থান
বৰবালি বগুৱা এবিধ জলচৰ চৰাইৰ প্ৰজাতি৷ ইয়াক সাধাৰণতে প্ৰব্ৰজনকাৰী আৰু স্থানীয় চৰাই হিচাপে বিভিন্ন জলাশয় সমূহত চৰা দেখা পোৱা যায়৷
আচৰণ
প্ৰজনন নোহোৱা কালত বৰবালি বগুৱাৰ দেহৰ বৰণ (plumage)
খাদ্য
বৰবালি বগুৱাই অগভীৰ পানী বা বোকাত ঠোঁট গুজি খাদ্যবস্তু বিচাৰি খায়৷ পোক-পতংগ আৰু অন্যান্য সৰু জলজ প্ৰাণীয়েই ইয়াৰ প্ৰধান খাদ্য৷
প্ৰজনন
ই পানীৰ কাষৰ গছত বা কেতিয়াবা মাটিত বাহ সাজি পোৱালি জগায়৷ [2] মাৰ্চৰ পৰা মে মাহৰ ভিতৰত ই কণী পাৰে৷ এবাৰত সাধৰণতে চাৰিটা কণী পাৰে৷ কণীবোৰ শেঁতা সেউজীয়া বৰণৰ হয়৷
স্থিতি তথা সংৰক্ষণ
বৰবালি বগুৱাৰ বহুল বিস্তৃতিৰ প্ৰতি লক্ষ্য ৰাখি আই. ইউ. চি. এন. এ ইয়াক সংকটৰ পৰা মুক্ত (Least Concern) বুলি স্বীকৃতি দিছে৷ [5]
তথ্যসুত্ৰ
লগতে চাওক
- Hayman, Peter; Marchant, John & Prater, Tony (1986): Shorebirds: an identification guide to the waders of the world. Houghton Mifflin, Boston. ISBN 0-395-60237-8
- Pereira, Sérgio Luiz & Baker, Alan J. (2005): Multiple Gene Evidence for Parallel Evolution and Retention of Ancestral Morphological States in the Shanks (Charadriiformes: Scolopacidae). Condor 107(3): 514–526. DOI:10.1650/0010-5422(2005)107[0514:MGEFPE]2.0.CO;2 PDF fulltext
- VanderWerf, Eric A. (2006): Observations on the birds of Kwajalein Atoll, including six new species records for the Marshall Islands. Micronesica 38(2): 221–237. PDF fulltext
- VanderWerf, Eric A.; Wiles, Gary J.; Marshall, Ann P. & Knecht, Melia (2006): Observations of migrants and other birds in Palau, April–May 2005, including the first Micronesian record of a Richard's Pipit. Micronesica 39(1): 11–29. PDF fulltext
- Wiles, Gary J.; Worthington, David J.; Beck, Robert E. Jr.; Pratt, H. Douglas; Aguon, Celestino F. & Pyle, Robert L. (2000): Noteworthy Bird Records for Micronesia, with a Summary of Raptor Sightings in the Mariana Islands, 1988–1999. Micronesica 32(2): 257–284. PDF fulltext
- Pizzey, Graham and Knight, Frank: The Field Guide to the Birds of Australia. HarperCollins, Sydney. 2012.