মলুৱা বান্দৰ (ইংৰাজী: Rhesus Macaque) হ’ল, আটাইতকৈ বহুলভাৱে বিস্তৃত আৰু মানুহৰ সৈতে ওচৰ সম্পৰ্ক থকা এবিধ বান্দৰৰ প্ৰজাতি৷ ই যথেষ্ট বুদ্ধিমান বান্দৰ হিচাপে খ্যাত৷
মলুৱা বান্দৰ আকাৰত অসমীয়া বান্দৰতকৈ অলপ সৰু৷ ইয়াৰ দেহটো মূগা বা মটীয়া ৰঙৰ আৰু মুখখন গুলপীয়া৷ পেটৰ বৰণ দেহৰ অন্যান্য অংশতকৈ অলপ পাতল৷ ইয়াৰ মূৰৰ নোমবোৰ দেহৰ নোমতকৈ তুলনামূলকভাৱে চুটি৷ উৰুৰ বৰণ অলপ মামৰে ধৰা ৰঙা বৰণৰ [3] মতাতকৈ মাইকী প্ৰাণীবোৰৰ আকাৰ কিছু সৰু৷
দেহৰ দৈৰ্ঘ্য ৪৭-৬৩ ছে: মি: আৰু ওজন প্ৰায় ৫-১১ কি: গ্ৰা:৷
মলুৱা বান্দৰ উত্তৰ ভাৰত, বাংলাদেশ, পাকিস্তান, নেপাল, বাৰ্মা, থাইলেণ্ড, আফগানিস্তান, ভিয়েটনাম, দক্ষিণ চীন আদি দেশৰ নিগাজী বাসিন্দা (native)৷ এছিয়া মহাদেশৰ নানা প্ৰকাৰৰ অঞ্চল যেনে, ঘাঁহনি, শুস্ক অৰণ্য, আনকি পাহাৰীয়া অঞ্চল সমূহটো মলুৱা বান্দৰে নিজকে খাপ খুৱাই লৈ বসতি স্থাপন কৰিছে ৷ অন্যান্য প্ৰজাতি সমূহতকৈ অধিক খৰতকীয়া ভাৱে এই জন্তু বিধে মানৱ সমাজৰ নগৰীয়া সভ্যতাৰ লগত নিজকে খাপ খুৱাব পাৰিছে আৰু অধিক নিৰ্ভৰশীল হৈ পৰিছে ৷[4] মলুৱা বান্দৰৰ বাবে পানী অতি প্ৰয়োজনীয়, য'ত মলুৱা বান্দৰ থাকে তাত সাধাৰণতে পানীৰ উৎসৰ প্ৰাকৃতিক ভঁৰাল থাকে[5]৷
মলুৱা বান্দৰে সাধাৰণতে জাক পাতি বা দল-বান্ধি বাস কৰে৷ ইহঁতে নিজৰ দলৰ বিচৰণ ভূমি (Home range) তে ফুৰা-চকা কৰে৷ এনে বিচৰণ ভূমিৰ পৰিধি ১ হেক্টৰৰ পৰা ৪০০ হেক্টৰলৈকে হ'ব পাৰে [6]৷ একোটা জাকত এটা কৈ দমনকাৰী মতা (alpha male) প্ৰাণীয়ে অন্য মতা প্ৰাণীবোৰক দমন কৰি ৰাখে৷ দমনকাৰী মতা প্ৰাণীয়ে নানা ধৰণৰ ভাবুকি প্ৰদৰ্শনেৰে যেনে গছৰ ডাল জোকৰা ইত্যাদি কামেৰে দলত নিজৰ স্হান অটুট ৰাখিবলৈ চেষ্টা কৰে ৷ এই প্ৰজাতিটৌ সাতোৰাটো পাৰ্গত৷ মলুৱা বান্দৰে স্হল তথা গছতো বাস কৰে৷ ই মূলত : তৃণভোজী , ফল-মূল, গছৰ গুটী, শিপা, বাকলি আদি খাই জীয়াই থাকে৷ ই ৯২ বিধ প্ৰজাতিৰ ভিন ভিন গছৰ পাত খোৱা দেখা যায়৷ অৱশ্যে বৈজ্ঞানিক অধ্যয়নৰ পৰা পোৱা তথ্য অনুসৰি মলুৱা বান্দৰে মাজে মাজে উইহাঁফলু, ফৰিং, পৰুৱা আদিও খাদ্য হিচাপে গ্ৰহণ কৰে৷ মলুৱা বান্দৰক মানুহে কৰা খেতি আৰু বাগিচাৰ ফচল খোৱাও দেখা যায়৷ মন্দিৰ বা জনবহুল অঞ্চলত বাস কৰা কিছুমান মলুৱা বান্দৰৰ জাকে মানুহে ৰন্ধা খাদ্যও খায়৷ শকান বতৰত ই দিনে ৩-৪ বাৰকৈ পানী খায়৷
বিভিন্ন ধৰণৰ মুখ-ভংগীমা, দেহৰ ভংগীমা আৰু মাতেৰে মলুৱা বান্দৰে পৰস্পৰে পৰস্পৰৰ লগত মত-বিনিময় কৰে বুলি জনা যায় [7]
মাইকী মলুৱা বান্দৰে চাৰি বছৰমান বয়সৰ পৰা পোৱালী দিবলৈ আৰম্ভ কৰে আৰু ২৫ বছৰ বয়সলৈকে প্ৰজননক্ষম হৈ থাকে৷ ইয়াৰ আয়ুস সাধাৰণতে ২৯ বছৰ[8]
ভাৰতীয় বন্যপ্ৰাণী সংৰক্ষণ আইনে মলুৱা বান্দৰক দুই নং তালিকাৰ অন্তৰ্ভুক্ত কৰিছে৷ মলুৱা বান্দৰ হত্যা বা ধৰা বা কিনা-বেচা কৰা আইনমতে দণ্ডনীয়৷ বৰ্তমান মলুৱা বান্দৰ আৰু মানুহৰ মাজত ঠায়ে ঠায়ে সমস্যাৰ সৃষ্টি হৈছে৷ ফলত মলুৱা বান্দৰৰ স্থিতি সংকটাপন্ন হৈ উঠিছে[9]৷
হিমাচল প্ৰদেশ ৰ চিমলাৰ এটা মন্দিৰত মলুৱা বান্দৰৰ দুটা পোৱালিৰ সৈতে মাক
মলুৱা বান্দৰ (ইংৰাজী: Rhesus Macaque) হ’ল, আটাইতকৈ বহুলভাৱে বিস্তৃত আৰু মানুহৰ সৈতে ওচৰ সম্পৰ্ক থকা এবিধ বান্দৰৰ প্ৰজাতি৷ ই যথেষ্ট বুদ্ধিমান বান্দৰ হিচাপে খ্যাত৷