dcsimg

নৰসিংহ (উদ্ভিদ) ( асамски )

добавил wikipedia emerging languages

নৰসিংহ (; বৈজ্ঞানিক নামঃ Murraya koenigii) ৰুটেছি (Rutaceae) গোত্ৰৰ এবিধ বহুবৰ্ষীয় গুল্ম (জোপোহা) জাতৰ উদ্ভিদ৷ ৪-৬ মিটাৰ ওখ হোৱা এই উদ্ভিদবিধৰ গা-গছৰ পৰিধি ৪০ ছেঃমিঃ পৰ্যন্ত হয়৷ ইয়াৰ ফুলবিলাক সৰু, বগা আৰু গোন্ধযুক্ত৷ ইয়াৰ সৰু সৰু ক'লা ৰঙৰ ফলবিলাক খাব পাৰিপাতৰ কাষ অসমান, ডিম্বাকাৰ আৰু পাতবোৰ একোডাল পটুৱাত এটাৰ পিছত এটাকৈ সৰু ঠাৰিৰে সংযুক্ত হৈ থাকে৷ একোডাল পটুৱাত ৫ ৰ পৰা ২৫ খিলাকৈ পাত থাকে৷ ফেব্ৰুৱাৰী মাহত ফুল ফুলে আৰু ফলবোৰ জুন মাহৰ পৰা আগষ্ট মাহৰ ভিতৰত পকে৷ ফলবোৰ ডিম্বাকৃতিৰ হয়৷ গুটিবোৰ ফলৰ ভিতৰত কিছুমান বিজলুৱা পদাৰ্থৰ ভিতৰত থাকে৷ প্ৰজনন গুটিৰ পৰা হয়৷

উপলদ্ধতা

 src=
নৰসিংহৰ কুমলীয়া আগ

পশ্চিম বংগ, অসম, কেৰেলা, উৰিষ্যা, তামিলনাডু, গুজৰাট, হিমালয়ৰ কুমায়ুনৰ পাৰ্বত্য অঞ্চল আৰু ছিকিমভাৰতৰ বাহিৰেও মাদাগাস্কাৰ, ম্যানমাৰ, জাভা, লাউচ, বাংলাদেশ আদি ঠাইতো এই গছ পোৱা যায়৷

ব্যৱহাৰ

সুদুৰ অতীতৰ পৰা নৰসিংহৰ পাত ৰন্ধন প্ৰণালীত ব্যৱহাৰ হৈ আহিছে৷ ইয়াৰ সুগন্ধ আৰু সুস্বাদুৰ বাবে তৰকাৰী আৰু আচাৰ আদি সামগ্ৰীত ব্যৱহাৰ হয়৷ ইয়াৰ পাত, ডাল –শিপা আদি অতীজৰে পৰা আয়ুৰ্বেদীয় আৰু ইউনানী ঔষধীয় পদ্ধতিত ব্যৱহাৰ হৈ আহিছে৷ ইয়াৰ গা-গছৰ পাতৰ পৰা নিষ্কাশিত ৰসৰে প্ৰস্তুত কৰা তেলেৰে অণুজীৱ ধ্বংস আৰু পোক-পৰুৱা নিয়ন্ত্ৰণৰ কামত ব্যৱহাৰ কৰা হয়৷[2]

তথ্য সংগ্ৰহ

  1. "Murraya koenigii information from NPGS/GRIN". www.ars-grin.gov. http://www.ars-grin.gov/cgi-bin/npgs/html/taxon.pl?24703। আহৰণ কৰা হৈছে: 2008-03-11.
  2. প্ৰান্তিক, লিখক: বিনোদ কলিতা, ১-১৫ ফেব্ৰুৱাৰী, ২০০৭, পৃষ্ঠা নং- ২৩, vol no- ২৬ বছৰ পঞ্চম সংখ্যা, PRANTIK ISSN- 0971-5932

лиценца
cc-by-sa-3.0
авторски права
Wikipedia authors and editors
изворно
посети извор
соработничко мреж. место
wikipedia emerging languages

নৰসিংহ (উদ্ভিদ): Brief Summary ( асамски )