dcsimg

ৰঙামূৰীয়া বাঢ়ৈটোকা ( Assamese )

provided by wikipedia emerging languages

ৰঙামূৰীয়া বাঢ়ৈটোকা (ইংৰাজী: Common Flameback বা Common Goldenback, বৈজ্ঞানিক নাম-Dinopium javanense) 'Picidae' গোটৰ অন্তৰ্ভুক্ত বাঢ়ৈটোকা চৰাইৰ এটা প্ৰজাতি৷

বিৱৰণ

ৰঙামূৰীয়া বাঢ়ৈটোকা দেহৰ আকাৰ মধ্যমীয়া৷ ইয়াৰ মূৰৰ পৰা ডিঙিলৈকে দীঘলীয়া আঁচ থকা দেখা যায়৷ মতা আৰু মাইকী দুয়োৰে এই আঁচ থাকে৷ মতা ৰঙামূৰীয়া বাঢ়ৈটোকাৰ মূৰত ৰঙা আৰু মাইকীৰ ক'লা মুকুট (crown) থাকে৷ ইয়াৰ দেহৰ তলৰ অংশ ক'লা, নেজৰ বৰণো ক'লা হয়৷

টেক্স'নমি

Spot-throated Flamebackক এই প্ৰজাতিটোৰ উপ-প্ৰজাতি বুলি গণ্য কৰা হয়৷

বিতৰণ

ৰঙামূৰীবা বাঢ়ৈটোকা সাধাৰণতে বাংলাদেশ, ব্ৰুনেই, কম্বোডিয়া, চীন, ভাৰত, ইণ্ডোনেছিয়া, লাওছ, মালয়েছিয়া, ম্যানমাৰ, চিংগাপুৰ, থাইলেণ্ড, আৰু ভিয়েটনাম আদিত পোৱা যায়৷

বাসস্থান

এই প্ৰজাতিটো প্ৰধানকৈ বিষুৱীয় অঞ্চলৰ বনাঞ্চলত পোৱা যায়৷

তথ্যসুত্ৰ

 src= ৱিকিমিডিয়া কমন্সত Dinopium javanense সম্পৰ্কীয় মিডিয়া ফাইল।

license
cc-by-sa-3.0
copyright
Wikipedia authors and editors

ৰঙামূৰীয়া বাঢ়ৈটোকা: Brief Summary ( Assamese )