লক্ষী ফেঁচা (ইংৰাজী: Barn Owl , বৈজ্ঞানিক নাম: Tyto alba) সমগ্ৰ চৰাইৰ প্ৰজাতিসমূহৰ ভিতৰতে বহুলভাৱে বিস্তৃত হৈ থকা চৰাইৰ প্ৰজাতিসমূহৰ ভিতৰত এটা৷ ইয়াক দুই মেৰু আৰু মৰুভূমি অঞ্চল তথা প্ৰশান্ত মহাসাগৰীয় দ্বীপসমূহৰ বাহিৰে পৃথিৱীৰ প্ৰায় সকলো ঠাইতে পোৱা যায়৷ [1] ইয়াৰ বাহ্যিক ৰূপ, মাত, বসতিস্থল তথা নীৰৱে উৰিব পৰা ক্ষমতাৰ ভিত্তিত বহুতো নামেৰে অভিহিত কৰা হয়, যেনে-White Owl, Silver Owl, Demon Owl, Ghost Owl, Death Owl, Night Owl, Rat Owl, Church Owl, Cave Owl, Stone Owl, Monkey-faced Owl, Hissing Owl, Hobgoblin or Hobby Owl, Dobby Owl, White-breasted Owl, Golden Owl, Scritch Owl, Screech Owl, Straw Owl, Barnyard Owl and Delicate Owl ইত্যাদি৷[2] [3]
লক্ষী ফেঁচা শেঁতা বৰণৰ দীঘল ডেউকা তথা ঠেঙ আৰু চুটি বৰ্গাকাৰ নেজ বিশিষ্ট এবিধ ফেঁচাৰ প্ৰজাতি৷ ইয়াৰ দেহৰ দৈৰ্ঘ্য ২৫-৫০ ছেঃমিঃ আৰু ডেউকাৰ দৈৰ্ঘ্য ৭৫-১১০ ছেঃমিঃ হয় [4][5] পূৰ্ণবয়স্ক লক্ষী ফেঁচাৰ দেহৰ ওজন ১৮৭ গ্ৰামৰ পৰা ৮০০ গ্ৰাম পৰ্যন্ত হ’ব পাৰে৷ [6] [7] লক্ষী ফেঁচাৰ মূৰ আৰু দেহৰ ওপৰ অংশৰ বৰণ পাতল মটিয়াৰ পৰা ডাঠ মুগা ধৰণৰ হ’ব পাৰে৷ হৃদ-আকৃতিৰ মুখখন সাধাৰণতে উজ্জল বগা৷ দেহৰ তলৰ অংশ ৰঙা-বগা (reddish buff). চকুৰ মণিৰ বৰণ ক’লা-মটিয়া (blackish brown)৷[8]
লক্ষী ফেঁচাৰ বহুল বিস্তৃতিৰ বাবে ঠাইভেদে ইয়াৰ বিভিন্ন উপ-প্ৰজাতি দেখিবলৈ পোৱা যায়৷ [1]
অন্যান্য ফেঁচাৰ প্ৰজাতিবোৰৰ দৰেই লক্ষী ফেঁচা নিশাচৰ, অৱশ্যে আন্ধাৰ হোৱাৰ কিছুসময় পুৰ্বৰ পৰাই সক্ৰিয় হৈ পৰে আৰু কেতিয়াবা দিনৰ ভাগতো ইয়াক দেখা পোৱা যায়৷ ইয়াল ঘাঁহনি বা খেতি পথাৰতো দেখা যায়৷ ইহঁতে অকণো শব্দ নকৰাকৈ নীৰৱে উৰিব পাৰে[13]
লক্ষী ফেঁচাই সৰু মেৰুদণ্ডী প্ৰাণী যেনে নিগনি, ক’লা এন্দুৰ(''Rattus rattus'') আদি খাই জীয়াই থাকে৷ লক্ষী ফেঁচাৰ শুনিব পৰা ক্ষমতা বিশেষভাৱে উন্নত আৰু এইবাবে চিকাৰৰ বাবে দৃষ্টিশক্তিৰ প্ৰয়োজন নপৰে৷
সাধাৰণতে মাৰ্চ-এপ্ৰিলত লক্ষী ফেঁচাই প্ৰজনন কৰে৷ এবাৰত চাৰিটাৰ পৰা সাতটা কণী পাৰে [14]
লক্ষী ফেঁচাৰ জনসংখ্যাৰ স্থিতি বৰ্তমান বিপদমুক্ত অৱস্থাত আছে৷
লক্ষী ফেঁচা (ইংৰাজী: Barn Owl , বৈজ্ঞানিক নাম: Tyto alba) সমগ্ৰ চৰাইৰ প্ৰজাতিসমূহৰ ভিতৰতে বহুলভাৱে বিস্তৃত হৈ থকা চৰাইৰ প্ৰজাতিসমূহৰ ভিতৰত এটা৷ ইয়াক দুই মেৰু আৰু মৰুভূমি অঞ্চল তথা প্ৰশান্ত মহাসাগৰীয় দ্বীপসমূহৰ বাহিৰে পৃথিৱীৰ প্ৰায় সকলো ঠাইতে পোৱা যায়৷ ইয়াৰ বাহ্যিক ৰূপ, মাত, বসতিস্থল তথা নীৰৱে উৰিব পৰা ক্ষমতাৰ ভিত্তিত বহুতো নামেৰে অভিহিত কৰা হয়, যেনে-White Owl, Silver Owl, Demon Owl, Ghost Owl, Death Owl, Night Owl, Rat Owl, Church Owl, Cave Owl, Stone Owl, Monkey-faced Owl, Hissing Owl, Hobgoblin or Hobby Owl, Dobby Owl, White-breasted Owl, Golden Owl, Scritch Owl, Screech Owl, Straw Owl, Barnyard Owl and Delicate Owl ইত্যাদি৷