dcsimg
Image of Cane-Reed
Creatures » » Plants » » Dicotyledons » » Costaceae »

Cane Reed

Hellenia speciosa (J. Koenig) S. R. Dutta

যম লাখুটি ( Assamese )

provided by wikipedia emerging languages

যম লাখুটি (বৈজ্ঞানিক নাম:Cheilocostus speciosus) জিঞ্জিবাৰেচি (Zingiberaceae)পৰিয়ালৰ এবিধ সপুষ্পক উদ্ভিদ৷ এই গছ সাধাৰণতে দ-চানেকীয়া ঠাইত উৎপত্তি হয়৷

বিস্তৃতি

যম লাখুটি দক্ষিণ-পূব এছিয়াৰ থলুৱা উদ্ভিদ৷ এই উদ্ভিদ ভাৰত, চীনৰ পৰা অষ্ট্ৰেলিয়ালৈকে প্ৰাকৃতিকভাৱে উৎপন্ন হয়৷ তাৰোপৰি ইণ্ডোনেছিয়া, মৰিছাছ, ফিজি, হাৱাই, কষ্টা ৰিকাম বেলিজ, মাইক্ৰ’নেছিয়া আদিতো এই গছ উৎপন্ন হয়৷ বহু ঠাইত এই গছৰ খেতিও কৰা দেখা যায়৷[1][2]

বিৱৰণ

যম লাখুটিৰ মাটিৰ তলত থকা শিপাৰ উপৰিভাগত আদা বা হালধিৰ দৰে টেপুৰ উৎপত্তি হয়৷ গা-গছজোপা এডলীয়া হয় আৰু একেটা মুঢ়াৰ পৰা কেবাজোপা গছৰ উৎপত্তি হয়৷ গা-গছডাল মঙহাল হয় আৰু ইয়াৰ উপৰিভাগত পাতল চানেকীয়া গাঠিবিলাকে বিকাশ লাভ কৰি থাকে৷ পাতল ঠাৰিৰ গুৰিত উৎপত্তি হোৱা বৌখাবোৰ সৰি পৰিললেে গাঁঠিৰ উৎপত্তি হয়৷[3]

যম লাখুটিৰ পাতৰ আকৃতি অলপ দীঘল চানেকীয়া হয়৷ গুৰিৰ ফালে বহল আৰু আগৰ ফালে ক্ৰমে সৰু হৈ পাতবোৰে এক প্ৰকাৰৰ দীঘলীয়া ডিম্বাকৃতি ৰূপ প্ৰদৰ্শন কৰে৷ পাতৰ বৰণ গভীৰ সেউজীয়া হয় আৰু ইয়াৰ উপৰিভাগে মিহি আকৃতি ধাৰণ কৰে৷[3]

যমলাখুটিৰ ফুল সাধাৰণতে বাৰিষাৰ পিছত অক্টোবৰৰ পৰা ডিচেম্বৰ মাহত ফুলে৷ এই ফুলৰ বৰণ বগা হয়৷

ব্যৱহাৰ

ঐতিহাসিকভাৱে যম লাখুটিৰ বিভিন্ন অংশ আয়ুৰ্বেদত ঔষধ হিচাপে ব্যৱহাৰ হৈ আহিছে৷ ইয়াৰ শিপাৰ আলু জ্বৰ, এজমা, ব্ৰংকাইটিছ আৰু পেলু আদিৰ প্ৰতিকাৰৰ বাবে ব্যৱহাৰ হয়৷ মিজো জনজাতীয় লোকসকলে বৃক্ক আৰু মূত্ৰাশয়ৰ ৰোগ নিৰাময়ৰ বাবে যম লাখুটি ব্যৱহাৰ কৰে৷[4][5]

কামসূত্ৰতো প্ৰসাধনৰ সামগ্ৰী হিচাপে যম লাখুটিৰ উল্লেখ আছে৷

চিত্ৰভঁৰাল

তথ্যউৎস

  1. Kew World Checklist of Selected Plant Families, Hellenia speciosa
  2. Pacific Island Invasive Species Archived July 15, 2007, at the Wayback Machine.
  3. 3.0 3.1 ফটিক চন্দ্ৰ গগৈ (ডিছেম্বৰ ২০০৭). অসমৰ উদ্ভিদ কোষ. অসম প্ৰকাশন পৰিষদ
  4. [1]
  5. Samy, Joseph. Herbs of Malaysia. Times Editions. পৃষ্ঠা. 85. ISBN 9833001793.

license
cc-by-sa-3.0
copyright
Wikipedia authors and editors

যম লাখুটি: Brief Summary ( Assamese )

provided by wikipedia emerging languages

যম লাখুটি (বৈজ্ঞানিক নাম:Cheilocostus speciosus) জিঞ্জিবাৰেচি (Zingiberaceae)পৰিয়ালৰ এবিধ সপুষ্পক উদ্ভিদ৷ এই গছ সাধাৰণতে দ-চানেকীয়া ঠাইত উৎপত্তি হয়৷

license
cc-by-sa-3.0
copyright
Wikipedia authors and editors