dcsimg
Image of Cape jasmine
Creatures » » Plants » » Dicotyledons » » Coffee Family »

Cape Jasmine

Gardenia jasminoides J. Ellis

তগৰ ( Assamese )

provided by wikipedia emerging languages

তগৰ (Gardenia,[1] Cape Jasmine,[উদ্ধৃতিৰ প্ৰয়োজন] Cape Jessamine,[1] Danh-Danh,[1] or Jasmin[1]) (বৈজ্ঞানিক নাম: Gardenia jasminoides) অসমত খুবেই পৰিচিত এক ফুল। এই ফুলৰ মুল বাসস্থান হল এছিয়া । বহু বছৰ পূৰ্বৰ পৰায়ে চীন দেশত ইয়াৰ খেতি কৰা হয়। ১৮ শতিকাৰ পৰাহে এই ফুল ইংৰাজ সকলৰ বাগিচাত স্থান পায়। শুভ্ৰ ফুল আৰু উজ্জ্বল সেউজীয়া পাতেৰে ই এবিধ গুল্মজাতীয় উদ্ভিদ । তগৰ ফুলৰ মূখ্য আকৰ্ষণ হৈছে ইয়াৰ সুন্দৰ গোন্ধ । সেয়ে ইয়াৰ আন এটি নাম হল - গন্ধৰাজ।

নামকৰন

এজন বিখ্যাত আমেৰিকান প্ৰকৃতিবীদ ড: আলেকজেণ্ডাৰ গাৰ্ডেন(১৭১৩ – ১৭৯১)ৰ নাম অনুসৰি তগৰ ফুলৰ বৈজ্ঞানিক নামকৰন কৰা হয় ।

বৰ্ণনা

 src=
1880s botanical drawing

কফি গছ প্ৰজাতিৰ এই চিৰসেউজীয়া উদ্ভিদ ১৫ মিটাৰ পৰ্যন্ত ওখ হয়। [2] সুন্দৰ ফুল আৰু উজ্জ্বল পাতৰ ওপৰিও মন মতলীয়া কৰা গোন্ধৰ বাবে তগৰক আলংকাৰিক গছ হিচাপে ফুলনি বা পদুলিত ৰুপন কৰা হয়। ফুলবোৰ সাধাৰণতে বসন্ত কালত ফুলে আৰু কেইবাদিনলৈ সতেজ হৈ থাকে।

ব্যৱহাৰ

গৃহসজ্জা আৰু পুষ্পসজ্জাৰ বাবে ঘাইকৈ তগৰ ফুল ব্যৱহাৰ হয়। পূজা-পাৰ্বনতো ইয়াৰ ফুল ব্যৱহাৰ হয়। বিহুত অসমীয়া যুৱতীয়ে তগৰ ফুল খোপাত মাৰে।

তগৰ ফুলৰ পৰা বিভিন্ন সুগন্ধি দ্ৰব্য প্ৰস্তুত কৰা হয়। তদুপৰি ইয়াৰ পৰা এক হালধীয়া ৰঙৰ ৰঞ্জক পদাৰ্থ প্ৰস্তুত কৰা হয় , যি কাপোৰ আৰু খাদ্যত ৰং দিবলৈ ব্যৱহাৰ কৰা হয়।

পৰম্পৰাগত চীনা চিকিৎসা পদ্ধতিত ইয়াৰ গুটি ব্যৱহাৰ কৰা হয়।

তগৰ (Gardenia jasminoides)
 src=
"মেগ্নিফিচা" ('Magnifica'), এক ডাঙৰ ফুল ফুলা প্ৰজাতি
 src=
জাপানৰ একক পাপৰিযুক্ত প্ৰজাতি

তথ্য উৎস

  1. 1.0 1.1 1.2 1.3 "USDA GRIN Taxonomy". http://www.ars-grin.gov/cgi-bin/npgs/html/taxon.pl?70315। আহৰণ কৰা হৈছে: 30 November 2014.
  2. Ellis, John (1759). [1] "An Account of the Plants Halesia and Gardenia: In a Letter from John Ellis, Esq; F. R. S. to Philip Carteret Webb, Esq; F. R. S." Phil Trans R Soc 1759 51: 929-935.
license
cc-by-sa-3.0
copyright
Wikipedia authors and editors

তগৰ: Brief Summary ( Assamese )

provided by wikipedia emerging languages

তগৰ (Gardenia, Cape Jasmine,[উদ্ধৃতিৰ প্ৰয়োজন] Cape Jessamine, Danh-Danh, or Jasmin) (বৈজ্ঞানিক নাম: Gardenia jasminoides) অসমত খুবেই পৰিচিত এক ফুল। এই ফুলৰ মুল বাসস্থান হল এছিয়া । বহু বছৰ পূৰ্বৰ পৰায়ে চীন দেশত ইয়াৰ খেতি কৰা হয়। ১৮ শতিকাৰ পৰাহে এই ফুল ইংৰাজ সকলৰ বাগিচাত স্থান পায়। শুভ্ৰ ফুল আৰু উজ্জ্বল সেউজীয়া পাতেৰে ই এবিধ গুল্মজাতীয় উদ্ভিদ । তগৰ ফুলৰ মূখ্য আকৰ্ষণ হৈছে ইয়াৰ সুন্দৰ গোন্ধ । সেয়ে ইয়াৰ আন এটি নাম হল - গন্ধৰাজ।

license
cc-by-sa-3.0
copyright
Wikipedia authors and editors