নাৰ্জী গৃহসজ্জাত ব্যৱহাৰ হোৱা এটি সুগন্ধী ফুল। এই ফুলৰ কৃষি প্ৰণালী একেবাৰেই সহজ। ভাৰত উপমহাদেশত অতীতৰে পৰা এই ফুলৰ খেতি আৰু বিভিন্ন কাৰ্য্যত ব্যৱহৃত হৈ আহিছে।[1] নাৰ্জী Compositae গোত্ৰত অন্তৰ্ভুক্ত, বৈজ্ঞানিক নাম Tagetes erecta। [2]। নাৰ্জী ফুল বিভিন্ন জাত আৰু ৰঙৰ হোৱা দেখা যায়। এই ফুল সাধাৰণতে উজ্জ্বল হালধীয়া আৰু কমলা হালধীয়া হয়। সাধাৰণতে নাৰ্জী এটি শীতকালীন ফুল হলেও বৰ্তমানে গ্ৰীষ্ম আৰু বৰ্ষাকালতো ইয়াৰ খেতি কৰা হয়ে থাক। বাগিচাৰ শোভা বৰ্ধন ওপৰি বিভিন্ন উৎসৱ- অনুষ্ঠান, পূজা-পাৰ্বন আৰু গৃহসজ্জাত নাৰ্জীক ব্যাপক ভাবে ব্যৱহাৰ কৰা হয়।[3]
নাৰ্জী অসমৰ গৃহস্থ বাগিচাৰ সাধাৰণ ফুল। ১৯৯০ৰ দশকৰ পৰা নাৰ্জী অসম তথা ভাৰতত বাণিজ্যিকভাবে খেতি কৰা হয়। উজনি অসমৰ বিশেষকৈ ডিব্ৰুগড়, শিৱসাগৰ, যোৰহাট, লক্ষিমপুৰ আৰু মধ্য অসমৰ জিলা কেইখনত নাৰ্জী খেতি কৰা হয়। অসমীয়াত নাৰ্জীক গেন্ধালি, গেন্ধাই, জাৰমালতী, গোন্ধ-মালতী আদি বিভিন্ন নামেৰে জনাজাত।
অসমত প্ৰধানত দুই ধৰণৰ নাৰ্জী পোৱা যায়ঃ
ইয়াৰোপৰি বগা নাৰ্জী, জম্বো নাৰ্জী, হাইব্ৰিড আৰু ৰঙা বা চাইনিজ নাৰ্জীৰ খেতি কৰা হয়।[4]
নাৰ্জী ফুলৰ গছৰ ঔষধীয় গুণ আছে। কটা স্থানত নাৰ্জী গাছৰ ৰস লগালে ক্ষত স্থানৰ পৰা তেজ ওলোৱা বন্ধ হয়। গাওঁ সমূহত এতিয়াও কটা-ছিঙাৰ প্ৰাথমিক চিকিৎসাত ইয়াক ব্যৱহাৰ কৰা হয়।
নাৰ্জী গৃহসজ্জাত ব্যৱহাৰ হোৱা এটি সুগন্ধী ফুল। এই ফুলৰ কৃষি প্ৰণালী একেবাৰেই সহজ। ভাৰত উপমহাদেশত অতীতৰে পৰা এই ফুলৰ খেতি আৰু বিভিন্ন কাৰ্য্যত ব্যৱহৃত হৈ আহিছে। নাৰ্জী Compositae গোত্ৰত অন্তৰ্ভুক্ত, বৈজ্ঞানিক নাম Tagetes erecta। । নাৰ্জী ফুল বিভিন্ন জাত আৰু ৰঙৰ হোৱা দেখা যায়। এই ফুল সাধাৰণতে উজ্জ্বল হালধীয়া আৰু কমলা হালধীয়া হয়। সাধাৰণতে নাৰ্জী এটি শীতকালীন ফুল হলেও বৰ্তমানে গ্ৰীষ্ম আৰু বৰ্ষাকালতো ইয়াৰ খেতি কৰা হয়ে থাক। বাগিচাৰ শোভা বৰ্ধন ওপৰি বিভিন্ন উৎসৱ- অনুষ্ঠান, পূজা-পাৰ্বন আৰু গৃহসজ্জাত নাৰ্জীক ব্যাপক ভাবে ব্যৱহাৰ কৰা হয়।
নাৰ্জী অসমৰ গৃহস্থ বাগিচাৰ সাধাৰণ ফুল। ১৯৯০ৰ দশকৰ পৰা নাৰ্জী অসম তথা ভাৰতত বাণিজ্যিকভাবে খেতি কৰা হয়। উজনি অসমৰ বিশেষকৈ ডিব্ৰুগড়, শিৱসাগৰ, যোৰহাট, লক্ষিমপুৰ আৰু মধ্য অসমৰ জিলা কেইখনত নাৰ্জী খেতি কৰা হয়। অসমীয়াত নাৰ্জীক গেন্ধালি, গেন্ধাই, জাৰমালতী, গোন্ধ-মালতী আদি বিভিন্ন নামেৰে জনাজাত।