dcsimg

দেওহাঁহ ( Assam dili )

wikipedia emerging languages tarafından sağlandı

দেওহাঁহ (ইংৰাজী: White-winged Wood Duck )' (Asarcornis scutulata) এবিধ ডাঙৰ আকাৰৰ হাহঁৰ প্ৰজাতি৷ দেওহাঁহক অসমৰ জাতীয় চৰাই ৰূপে অভিহিত কৰা হয়[উদ্ধৃতিৰ প্ৰয়োজন]৷ এই প্ৰজাতিৰ হাঁহৰ বিশেষ ধৰণৰ বিকট মাতৰ বাবে অসমীয়াত ইয়াক ‘দেওহাঁহ’ বুলি কোৱা হয়৷

দৈহিক গঠন

 src=
উত্তৰ কেৰ’লিনা (North Carolina) ৰ Sylvan Heights Waterfowl Park ত এটা দেওহাঁহ

দেওহাঁহ বনৰীয়া হাঁহৰ ডাঙৰ প্ৰজাতি সমূহৰ ভিতৰত এবিধ৷ দেহৰ দৈৰ্ঘ্য ৬৬-৮১ ছে:মি: আৰু ডেউকাৰ দৈৰ্ঘ্য ১১৬-১৫৩ ছে:মি:৷ মাইকী হাঁহ মতা দেওহাঁহতকৈ আকাৰত সৰু৷[2] মতা আৰু মাইকী দেওহাঁহৰ দেহৰ ওজন ক্ৰমান্বয়ে ২.৯৫ কি.গ্ৰা. আৰু ১.৯৫-৩.০৫ কি.গ্ৰা.[3]৷ পূৰ্ণবয়স্ক দেওহাঁহৰ দেহটৌ গাঢ় ক’লা বৰণৰ, মূৰ তথা ডিঙি বগা৷ মতা দেওহাঁহৰ ঠোঁট পাতল হালধীয়া বৰণৰ, উৰন্ত অৱস্হাত ডেউকাৰ বগা বৰণ স্পষ্টকৈ দেখা পোৱা যায়৷ পোৱালি দেওহাঁহৰ দেহৰ বৰণ তুলনামূলক ভাৱে বেছি ধূসৰ আৰু মুগা৷[4]

বিতৰণ

ঐতিহাসিক ভাৱে দেওহাঁহ উত্তৰ-পূব ভাৰত, বাংলাদেশৰ পৰা জাভা, ছুমাত্ৰা লৈকে বিস্তৃত আছিল৷ বৰ্তমান ই জাভাত বিলুপ্ত হৈছে৷ ভাৰতবৰ্ষত বৰ্তমান দেওহাঁহ কেৱল অসম তথা অৰুণাচলত পোৱা যায়৷[5] ২০০২ বৰ্ষৰ এটা সমীক্ষা অনুসৰি সমগ্ৰ বিশ্বতে মাঁথো মুঠ ৮০০ মান দেওহাঁহ আছে বুলি তথ্য পোৱা গৈছে৷ ইয়াৰে ২০০ টা লাওছ, থাইলেণ্ড, ভিয়েটনাম আৰু কম্বোডিয়া ত, ১৫০ টা ছুমাত্ৰাত তথা ৪৫০ টা দেওহাঁহ ভাৰত, বাংলাদেশ আৰু ম্যানমাৰ ত আছে৷[উদ্ধৃতিৰ প্ৰয়োজন]

আচৰণ

দেওহাঁহ এবিধ আপুৰুগীয়া তথা বিৰল প্ৰজাতিৰ হাঁহ৷ এই প্ৰজাতিবিধে কেৱল নিশাৰ ভাগতহে খাদ্য খায় বুলি জনা যায়৷ গছৰ গুটি, জলজ উদ্ভিদ, সৰু মাছ, পোক-পতংগ আদি দেওহাঁহৰ প্ৰধান খাদ্য৷[3] [6] সাধাৰণতে যোৰ পাতি বা চাৰিৰ পৰা ছটাৰ সৰু গোটত চৰে৷ ইহঁতে গ্ৰীষ্ম কালত প্ৰজনন কৰে৷

বসতি স্থান

ই মূলতঃ চিৰসেউজীয়া বা পৰ্ণপাতী বনাঞ্চলৰ বন্ধ বা কম সোঁতৰ পানী থকা প্ৰাকৃতিক তথা কৃত্ৰিম জলাশয়ত বাস কৰে৷ দেওহাঁহে গছৰ খোৰোঙত বাহ সাজি থাকে৷ সাধাৰণতে সাগৰপৃষ্ঠৰ পৰা ২০০ মিটাৰ উচ্চতাৰ বসতিস্থল দেওহাঁহৰ বাবে আটাইতকৈ উত্তমস্থান (optimum habitat) বুলি জনা যায় যদিও ১৪০০ মিটাৰ উচ্চতালৈকে দেওহাঁহ পোৱা যায়৷[4] [7]

ভাৰতবৰ্ষত দেওহাঁহ দেখা পোৱা প্ৰধান সংৰক্ষিত বনাঞ্চল কেইখন হৈছে ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান, দিহিং-পাটকাই সংৰক্ষিত বনাঞ্চল, নামেৰী ৰাষ্ট্ৰীয় উদ্যান তথা নামদফা ৰাষ্ট্ৰীয় উদ্যান[8]

স্থিতি তথা সংৰক্ষণ

ক্ৰমান্বয়ে বৃদ্ধি পাই অহা বনাঞ্চল ধ্বংস, দেওহাঁহৰ কণী, মাংস তথা অন্যন্য ব্যৱহাৰৰ বাবে কৰা চোৰাংচিকাৰ আদিৰ ফলশ্ৰুতিত দেওহাঁহৰ জনসংখ্যা বিপদজনক ভাৱে হ্ৰাস পাই আহিছে৷ বৰ্তমান এই প্ৰজাতিটৌক আই ইউ চি এন ৰেড লিষ্ট (IUCN Red List) অনুসৰি বিলুপ্তপ্ৰায় (Endangered) গোটত অন্তৰ্ভুক্ত কৰা হৈছে৷[1]

তথ্য সংগ্ৰহ

  1. 1.0 1.1 BirdLife International (2008). "Cairina scutulata". IUCN Red List of Threatened Species. Version 2010.4. International Union for Conservation of Nature. http://www.iucnredlist.org/apps/redlist/details/141479। আহৰণ কৰা হৈছে: 9 November 2010.
  2. Ogilvie & Young, Wildfowl of the World. New Holland Publishers (2004), ISBN 978-1-84330-328-2
  3. 3.0 3.1 [1] (2011).
  4. 4.0 4.1 [2] (2011).
  5. Choudhury, A.U. (1996). Survey of the white-winged wood duck and the Bengal florican in Tinsukia district & adjacent areas of Assam and Arunachal Pradesh. The Rhino Foundation for Nature in North East India,Guwahati, India.
  6. Google Books
  7. WWF India: White Winged Wood Duck
  8. Choudhury, A.U.(2000). The Birds of Assam. Gibbon Books & WWF-India NE Reg. Office, Guwahati, India.

lisans
cc-by-sa-3.0
telif hakkı
Wikipedia authors and editors

দেওহাঁহ: Brief Summary ( Assam dili )

wikipedia emerging languages tarafından sağlandı

দেওহাঁহ (ইংৰাজী: White-winged Wood Duck )' (Asarcornis scutulata) এবিধ ডাঙৰ আকাৰৰ হাহঁৰ প্ৰজাতি৷ দেওহাঁহক অসমৰ জাতীয় চৰাই ৰূপে অভিহিত কৰা হয়[উদ্ধৃতিৰ প্ৰয়োজন]৷ এই প্ৰজাতিৰ হাঁহৰ বিশেষ ধৰণৰ বিকট মাতৰ বাবে অসমীয়াত ইয়াক ‘দেওহাঁহ’ বুলি কোৱা হয়৷

lisans
cc-by-sa-3.0
telif hakkı
Wikipedia authors and editors