dcsimg
Image of water lettuce
Creatures » » Plants » » Dicotyledons » » Arum Family »

Water Lettuce

Pistia stratiotes L.

বৰপুণি ( Assamese )

provided by wikipedia emerging languages

বৰপুণি (বৈজ্ঞানিক নাম: Pistia stratiotes; ইংৰাজী নাম: water cabbage, water lettuce, Nile cabbage, বা shellflower ; বঙালী: টাকাপানা) এৰেকেচি (Araceae) পৰিয়ালৰ অন্তৰ্ভুক্ত এবিধ জলজ উদ্ভিদ৷ এই উদ্ভিদৰ প্ৰকৃত উৎপত্তিস্থান ক’ত নিশ্চিতভাৱে ক’ব পৰা নাযায় যদিও আফ্ৰিকাৰ ভিক্টোৰিয়া হ্ৰদ বুলি অনুমান কৰা হয়৷ বৰ্তমান এই উদ্ভিদে মানুহৰ দ্বাৰা সকলো ঠাইলৈকে বিস্তৃতি লাভ কৰিছে৷[2]

বিৱৰণ

 src=
19th century illustration of Pistia stratiotes
চিত্ৰ:Waterlettuce.jpg
Water lettuce in a home aquarium
 src=
Water lettuce spread over a Field in Kerala

বৰপুণি পানীত উপঙি থকা এবিধ ক্ষুদ্ৰ আকাৰৰ বিচিত্ৰ উদ্ভিদ৷ ইয়াৰ সৰু সৰু শিপাৰ গুচ্ছবোৰ পানীৰ তললৈ ওলমি থাকে৷ শিপাৰ মুঢ়াৰ পৰা টুবুকা-টুবুক পাতৰ উৎপত্তি হৈ মেল খাই থকা বন্ধাকবি একোটাৰ আকৃতি ধাৰণ কৰে৷[3]

বৰপুণিৰ পাতবোৰ কোমল আৰু আগভাগ কম-বেছি পৰিমাণে ঘুৰণীয়া হয়৷ গুৰিৰফালে ক্ৰমে সৰু আকৃতি ধাৰণ কৰি ঠাৰিৰ লগত পাতখিলা লাগেহি৷[3]

মুঢ়াৰ চাৰিওফালে নতুন নতুন পোখাৰ আৱিৰ্ভাৱ হয়৷ এই পোখাবোৰৰ পৰা পুলি ওলাই লহপহকৈ বাঢ়ি পুখুৰী, বিল বা খাল-ডোঙৰ উপৰিভাগ ছানি পেলায়৷

 src=
Rails (Rallidae, "tikling"), feeding in Pistia stratiotes, Paombong, Bulacan).

বিস্তাৰ

বৰপুণি বিশ্বৰ আটাইতকৈ খৰকৈ বৃদ্ধি আৰু বিস্তাৰ লাভ কৰিব পৰা জলজ উদ্ভিদবোৰৰ অন্যতম৷ ফলত এই উদ্ভিদ প্ৰায়ভাগ অঞ্চলতে আগ্ৰাসী (invasive) বুলি গণ্য কৰা হয়৷[4] অধিক পুষ্টিদ্ৰব্য (nutrient content) থকা পানী যেনে ৰাসায়নিক সাৰ বা নলা-নৰ্দমাৰ আৱৰ্জনা থকা পানীত বৰপুণিৰ অধিক বৃদ্ধি হোৱা দেখা যায়৷[5]

বৰপুণিয়ে ছানি ধৰিলে পানী আৰু বায়ুৰ মাজত হোৱা গেছৰ বিনিময় (gas exchange) ত বাধা দিয়াৰ ফলত পানীত অক্সিজেনৰ পৰিমাণ কমি যায় আৰু মাছৰ মৃত্যু ঘটায়৷ তাৰোপৰি থলুৱা উদ্ভিদৰ বৃদ্ধিতো বৰপুণিয়ে বাধা দিয়ে৷[6]

বৰপুণি মহৰো অন্যতম বৃদ্ধিস্থলী৷ মেনছ’নিয়া ( Mansonia) গণৰ মহে বৰপুণিত কণী পাৰি ইয়াৰ জীৱনচক্ৰ সম্পূৰ্ণ কৰে৷[7][8]

নিয়ন্ত্ৰণ

বৰপুণি পানীৰ পৰা মেচিনেৰে তুলি নিয়ন্ত্ৰণ কৰা হয়৷ তাৰোপৰি জলজ উদ্ভিদ নিয়ন্ত্ৰক ( herbicides) ও ব্যৱহাৰ কৰা দেখা যায়৷[9]

বিস্তৃতি

এই উদ্ভিদৰ প্ৰকৃত উৎপত্তিস্থান ক’ত নিশ্চিতভাৱে ক’ব পৰা নাযায় যদিও আফ্ৰিকাৰ ভিক্টোৰিয়া হ্ৰদ বুলি অনুমান কৰা হয়৷ বৰ্তমান এই উদ্ভিদে মানুহৰ দ্বাৰা সকলো ঠাইলৈকে বিস্তৃতি লাভ কৰিছে৷[2]

ব্যৱহাৰ

মাগুৰ, কাৱৈ, গৰৈ আদি মাছে প্ৰখৰ ৰ’দত বৰপুণিৰ শিপাৰ তলত আশ্ৰয় লোৱা দেখা যায়৷ মাছে এই শিপাৰ মাজত খাদ্যৰো সন্ধান কৰে৷[3]

তথ্যউৎস

  1. Kew World Checklist of Selected Plant Families
  2. 2.0 2.1 Quattrocchi, Umberto (2000). CRC World Dictionary of Plant Names. Volume III: M-Q. CRC Press. পৃষ্ঠা. 2084. ISBN 978-0-8493-2677-6. https://books.google.com/books?id=kaN-hLL-3qEC.
  3. 3.0 3.1 3.2 ফটিক চন্দ্ৰ গগৈ (ডিছেম্বৰ ২০০৭). অসমৰ উদ্ভিদ কোষ. অসম প্ৰকাশন পৰিষদ
  4. water lettuce: Invasive species- Retrieved 2017-11-25
  5. Kasulo, V. 2000. The impact of invasive species in African lakes. In: The economics of biological invasions (eds. C. Perrings, M. Williamson and S. Dalmozzone). Pp. 183-207. Cheltenham, UK: Edward Elgar.
  6. Ramey, Victor (2001). "Water Lettuce (Pistia stratiotes)". Center for Aquatic and Invasive Plants, University of Florida. http://plants.ifas.ufl.edu/node/328। আহৰণ কৰা হৈছে: 26 April 2010.
  7. Park, K (2007). Parks Text Book of Preventive and Social Medicine (19th সম্পাদনা). প্ৰকাশক Jabalpur India.
  8. "Compensatory responses of Samea multiplicalis larvae when fed leaves of different fertilization levels of the aquatic weed Pistia stratiotes". Entomologia Experimentalis et Applicata খণ্ড 92 (2): 205–216. 1999. doi:10.1046/j.1570-7458.1999.00539.x.
  9. Salo, Matti; Sirén, Anders; Kalliola, Risto (20 November 2013). Diagnosing Wild Species Harvest: Resource Use and Conservation. Academic Press. পৃষ্ঠা. 115. ISBN 978-0-12-397755-7. https://books.google.com/books?id=4ZvTAAAAQBAJ&pg=PA115। আহৰণ কৰা হৈছে: 27 January 2016.

"Biogeography of the Pistia clade (Araceae): Based on chloroplast and mitochondrial DNA sequences and Bayesian divergence time inference"

license
cc-by-sa-3.0
copyright
Wikipedia authors and editors

বৰপুণি: Brief Summary ( Assamese )

provided by wikipedia emerging languages

বৰপুণি (বৈজ্ঞানিক নাম: Pistia stratiotes; ইংৰাজী নাম: water cabbage, water lettuce, Nile cabbage, বা shellflower ; বঙালী: টাকাপানা) এৰেকেচি (Araceae) পৰিয়ালৰ অন্তৰ্ভুক্ত এবিধ জলজ উদ্ভিদ৷ এই উদ্ভিদৰ প্ৰকৃত উৎপত্তিস্থান ক’ত নিশ্চিতভাৱে ক’ব পৰা নাযায় যদিও আফ্ৰিকাৰ ভিক্টোৰিয়া হ্ৰদ বুলি অনুমান কৰা হয়৷ বৰ্তমান এই উদ্ভিদে মানুহৰ দ্বাৰা সকলো ঠাইলৈকে বিস্তৃতি লাভ কৰিছে৷

license
cc-by-sa-3.0
copyright
Wikipedia authors and editors