dcsimg

ডেণ্ড্ৰ'বিয়াম ( Assamese )

provided by wikipedia emerging languages

ডেনদ্ৰবিয়াম (Dendrobium) অৰ্কিডৰ এটা বৃহৎ গণ যাক Olof Swartz নামৰ চুইদিছ উদ্ভিদ বিজ্ঞানী এজনে ১৭৯৯ খীষ্টাব্দত প্ৰতিষ্ঠা কৰিছিল আৰু আজি ইয়াৰ প্ৰায় ১২০০ প্ৰজাতি পোৱা যায়। এই গণৰ অৰ্কিড সমুহ ফিলিপাইনছ, বৰ্নেঅ’, অষ্ট্ৰেলিয়া, নিউ গিনি, ভিয়েটনাম, চলমন দ্বীপসমুহ আৰু নিউজিলেন্ডকে ধৰি পূব এছিয়া, দক্ষিণ এছিয়া আৰু দক্ষিণপূব এছিয়াৰ বিভিন্ন অঞ্চলত বিয়পি আছে। ডেনদ্ৰবিয়াম নামটো গ্ৰীক মুল ডেনদ্ৰন ("গছ") আৰু বায়চ ("জীৱন")ৰ পৰা আহিছে যাৰ অৰ্থ "যিয়ে গছৰ ওপৰত জীয়াই থাকে" অৰ্থাৎ পৰাশ্ৰয়ী

১৯৮১ চনত ব্ৰেইগৰে অষ্ট্ৰেলিয়া আৰু নিউ গিনিৰ সকলো terete-leaved ডেনদ্ৰবিয়ামক এটা নতুন গণ ডক্ৰিলা(Dockrillia)লৈ পুনঃশ্ৰেনীবিভাজিত কৰে। নিউজিলেন্ডৰ উনিকা অৰ্কিড যাক আগতে D. cunninghamii নামেৰে জনা গৈছিল, এটা নতুন গণ উনিকালৈ স্থানান্তৰ কৰা হ’ল। ১৯৮৯ চনত ক্লীমেন্টে D. speciosum কম্প্লেক্সক কিছুমান নিদিষ্ট প্ৰজাতিলৈ উন্নিত কৰে;[1]

বিৱৰন

ডেনদ্ৰবিয়াম প্ৰজাতিসমুহ epiphytic, আৰু কেতিয়াবা lithophytic হ’ব পাৰে। এইবিলাকে জীৱন ধাৰণৰ বাবে ননা ধৰণৰ ভৌগলিক ক্ষেত্ৰৰ বিভিন্নতাৰ সৈতে নিজকে খাপ খুৱাই লোৱা দেখা যায়, যেনে হিমালয়ৰ উচ্চ শিখৰৰ পৰা নিম্ন উচ্চতাৰ বিষুবীয় অৰন্যলৈ; আনকি অষ্ট্ৰেলিয়াৰ শুকান জলবায়ুতো ডেনদ্ৰবিয়াম প্ৰজাতিসমুহ পোৱা যায়।

চিম্পডিয়া(sympodial) গণৰ অৰ্কিড সমুহে pseudobulb গঠন কৰে যিবোৰৰ দৈঘ্য এক ছেন্টিমিটাৰৰ (যেনে:Dendrobium leucocyanum) পৰা আৰম্ভ কৰি কাণ্ডৰ দৰে কেইবামিটাৰ (যেনে:Dendrobium discolor) পৰ্যন্ত্য দীঘল হয়। তাৰে কিছুমানৰ ৰঙচুৱা কাণ্ডৰ গঠন হয়।

কিছুমান নিৰ্বাচিত প্ৰজাতিত সৰু উপবৃত্তাকাৰ পাত বোৰ গোটেই কাণ্ড ডালতে অগাপিছাকে গজে, আন কিছুমানত পাত বোৰ মুঠাবান্ধি কাণ্ডৰ অগ্ৰিম অংশৰ ফালে আগবাঢ়ি যায় (যেনে Dendrobium tetragonum) । অগ্ৰিম ভাগৰ পূষ্পসজ্জা দৈঘ্যৰ হিচাপত একেবাৰে কমৰ পৰা ১ মিটাৰ লৈ আৰু ফুলৰ সংখ্যাও কমৰ পৰা (১-৪)((e.g. Dendrobium nobile)) ১০০ মানলৈকে হয়। পৰ্ণপাতী প্ৰজাতি বোৰত এক দুই বছৰ পাত লাগে আৰু তাৰ পিচত পাতবিহীন কাণ্ডত ফুল ফুলিবলৈ ধৰে, আনহাতে চিৰসেউজ প্ৰজাতি বোৰৰ ক্ষেত্ৰত সাধাৰনতে দ্বিতীয় বছৰত ফুল ফুলা আৰম্ভ হয় আৰু কেইবাবছৰ পিচলৈকে ফুল ফুলিব পাৰে (যেনে Dendrobium densiflorum)।

এইবোৰ অৰ্কিড গ্ৰীষ্মকালত সোনকালে বাঢ়ে, কিন্তু শীত কালি নাবাঢ়ে। বেছিভাগ প্ৰজাতি বসন্ত কালত ফুলে (মাত্ৰ কেইটামান প্ৰজাতি হেমন্ত কালত) আৰু ইয়াৰ পিচত ক্ষিপ্ৰ গতিৰে নতুন শিপা বাঢ়িব ধৰে। প্ৰজনন সাধাৰনতে গুটিৰ পৰা হয় কিন্তু কিছুমান প্ৰজাতিত কাণ্ডৰ পৰাও হয় (সাধাৰনতে যেতিয়া কাণ্ডৰ বাঢ়ি অহা অংশ আঘাটপ্ৰাপ্ত হয়।)

নিৰ্বাচিত প্ৰজাতি সমুহ

উদ্যান শস্য বিভাগ

ডেনদ্ৰবিয়ামক উদ্যান শস্য বিভাগত চমুকৈ ডেন বুলি কোৱা হয়। কিছুমান প্ৰজাতিৰ চাহিদা অৰ্কিড প্ৰেমী সকলৰ মাজত খুব বেচি আৰু ইয়েই বহুটো হাইব্ৰীড যেনে Noble Dendrobium (D. nobile) ব্ৰীডৰ সুচনা কৰে যিবোৰৰ ৰঙৰ বিভিন্নতা সিহতৰ মুল হিমালয়ৰ অৰ্কিডবোৰতকৈ বহু বেছি। Cuthbertson's Dendrobium (D. cuthbertsonii) অৰ্কিডৰ ফুল দহ মাহলৈকে থকাৰ তথ্য পোৱা যায়।

বহুটো ডেনদ্ৰবিয়াম প্ৰজাতিয়ে বায়ুমণ্ডলৰ পৰা যথেষ্ট পৰিমানে টলুইন আৰু জাইলেন আতৰাই বুলি জনা যাই। [2]

এই গণৰ বহুটো হাইব্ৰীড বিশিষ্ট ব্যক্তি আৰু অনুষ্ঠানৰ নামত পঞ্জীয়ন কৰা হৈছে।

অনান্য ব্যৱহাৰ

কিছুমান ডেনদ্ৰবিয়াম প্ৰজাতি ঔষধি উদ্ভিদ হিচাপে ব্যৱহাৰ হয়। উদাহৰণ হিচাপে Noble Dendrobium (D. nobile) প্ৰজাতিবিধ চাইনিজ হাৰ্বলজীত ব্যৱহাৰ হোৱা ৫০ বিধ মৌলিক হাৰ্বৰ এটা বুলি ধৰা হয়। চীনা ভাষাত ইয়াক shí hú জনা যায়।

() or shí hú lán ().

Footnotes

  1. Clements (1989)
  2. Wolverton (1996)

References

  • Clements, M.A. (1989): Catalogue of Australian Orchidaceae. Australian Orchid Research 1: 1–62. PDF fulltext
  • Wolverton, B.C. (1996): How to Grow Fresh Air. New York: Penguin Books.
  • Lavarack, B., Harris, W., Stocker, G. (2006): Dendrobium and Its Relatives. Australia: Simon & Schuster Ltd.
  • Burke, J.M., Bayly, M.J., Adams, P.B., Ladiges, P.Y.: (2008) Molecular phylogenetic analysis of Dendrobium (Orchidaceae), with emphasis on the Australian section Dendrocoryne, and implications for generic classification. Australian Systematic Botany 21: 1-14. Abstract

External links

license
cc-by-sa-3.0
copyright
Wikipedia authors and editors

ডেণ্ড্ৰ'বিয়াম: Brief Summary ( Assamese )

provided by wikipedia emerging languages

ডেনদ্ৰবিয়াম (Dendrobium) অৰ্কিডৰ এটা বৃহৎ গণ যাক Olof Swartz নামৰ চুইদিছ উদ্ভিদ বিজ্ঞানী এজনে ১৭৯৯ খীষ্টাব্দত প্ৰতিষ্ঠা কৰিছিল আৰু আজি ইয়াৰ প্ৰায় ১২০০ প্ৰজাতি পোৱা যায়। এই গণৰ অৰ্কিড সমুহ ফিলিপাইনছ, বৰ্নেঅ’, অষ্ট্ৰেলিয়া, নিউ গিনি, ভিয়েটনাম, চলমন দ্বীপসমুহ আৰু নিউজিলেন্ডকে ধৰি পূব এছিয়া, দক্ষিণ এছিয়া আৰু দক্ষিণপূব এছিয়াৰ বিভিন্ন অঞ্চলত বিয়পি আছে। ডেনদ্ৰবিয়াম নামটো গ্ৰীক মুল ডেনদ্ৰন ("গছ") আৰু বায়চ ("জীৱন")ৰ পৰা আহিছে যাৰ অৰ্থ "যিয়ে গছৰ ওপৰত জীয়াই থাকে" অৰ্থাৎ পৰাশ্ৰয়ী

১৯৮১ চনত ব্ৰেইগৰে অষ্ট্ৰেলিয়া আৰু নিউ গিনিৰ সকলো terete-leaved ডেনদ্ৰবিয়ামক এটা নতুন গণ ডক্ৰিলা(Dockrillia)লৈ পুনঃশ্ৰেনীবিভাজিত কৰে। নিউজিলেন্ডৰ উনিকা অৰ্কিড যাক আগতে D. cunninghamii নামেৰে জনা গৈছিল, এটা নতুন গণ উনিকালৈ স্থানান্তৰ কৰা হ’ল। ১৯৮৯ চনত ক্লীমেন্টে D. speciosum কম্প্লেক্সক কিছুমান নিদিষ্ট প্ৰজাতিলৈ উন্নিত কৰে;

license
cc-by-sa-3.0
copyright
Wikipedia authors and editors